Posts

অৰণ্য ধ্বংস

       অৰণ্য ধ্বংস ( Deforestation)               পৰিবেশ আৰু জৈৱবৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছ-গছনিৰ গুৰুত্ব অপৰিসীম৷ গছে পৰিবেশৰ অতিৰিক্ত তাপমাত্ৰা শোষণ কৰি পৰিবেশ নিৰ্মল কৈ ৰাখে আৰু সেইদৰে ক্ষতিকাৰক গেছ কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি প্ৰাণী বাচি থকাৰ মূল উপাদান অক্সিজেন নিৰ্গমন কৰে৷ কিন্তু জনসংখ্যাৰ চাপত দিনক দিনে অৰণ্য বা গছ নিধন হৈছে৷ ইয়াৰ ফলত আমাৰ চাৰিওপিনে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ পৰিবেশৰ বিস্তৰ ক্ষতি হৈছে৷ বৰষুণৰ পৰিমাণো কমি গৈছে৷ বৃক্ষই পশুপক্ষী, কীটপতঙ্গ আৰু অণুজীৱৰ আশ্ৰয়স্থল হিচাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ নিৰ্বিচাৰ বন ধ্বংসৰ ফলত বিভিন্ন জাতৰ উদ্ভিদ, পশুপক্ষী আজি বিলুপ্তিৰ পথত৷          বিশেষজ্ঞ সকলৰ মতে পৰিবেশ আৰু জলবায়ু পৰিবৰ্তনৰ অন্যতম কাৰণ হৈছে দেশৰ বনাঞ্চল সংকুচিত হোৱাৰ বাবে৷   অৰণ্য ধ্বংস হোৱাৰ প্ৰধান কাৰণ সমূহ----- (১) অৰণ্য ধ্বংসৰ অন্যতম কাৰণ হৈছে কৃষি৷ বননি পৰিষ্কাৰ কৰি খেতি কৰা হ’য়৷ প্ৰায় ৮০% অৰণ্য এইদৰে ধ্বংসৰ ম...

পাখুই অভয়াৰণ্য...

Image
Pakhui or Pakke Wildlife Sanctuary--- A colourful abode of fauna and flora in the magnificant Himalayas….         পাখুই বা পাকে অভয়াৰণ্য পূব হিমালয়ৰ পাদদেশত অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত অৱস্থিত৷ ১৯৭৭চনত এই অৰণ্যক অভয়াৰণ্য আৰু ২০০২ চনত প্ৰজেক্ট টাইগাৰৰ অন্তৰ্গত ব্যাঘ্ৰ প্ৰকল্প ঘোষণা কৰা হয়৷ এই অৰণ্য অৰ্ধ সেউজ( semi green), চিৰসেউজ( ever green) আৰু পূব হিমালয়ৰ বহল পাত(eastern Himalayan broad leaf)ৰ অভয়াৰণ্য৷ জৈৱবৈচিত্ৰৰ ফালৰ পৰা বৰ চহকী এই অৰণ্য৷ ইয়াত প্ৰায় ২০০০ প্ৰজাতিৰ গছ আছে৷ তাৰে ৩০০ মান সপুষ্পক৷ নানাবিধ অৰ্কিডৰ ৰম্যভূমি এই অৰণ্য৷ ৩০০ৰ ওপৰ চৰাই প্ৰত্যক্ষ কৰা হয় ইয়াত৷ এই অৰণ্য কাঠৰোকা চৰাই(Hornbill) আৰু white winged wood duckৰ বাবে বিখ্যাত৷ ৮৬২ বৰ্গ কিলোমিটাৰ যোৰা এই অৰণ্য ২০১৬ চনত India biodiversity awardৰে সন্মানিত কৰা হয়৷ এই সন্মান নিম্নলিখিত শিতানত দিয়া হয়--- In the category of conservation of threatened species for its Hornbill nest Adoption Program৷            বৃহৎ গছৰ উপৰিও এই অৰণ্য...

Ema Bazaar of Manipur------

Image
মণিপুৰৰ ইমা বজাৰ ( Ima or Ema Bazaar of Manipur)---------             ইমা বজাৰ হৈছে আমাৰ চুবুৰীয়া ৰাজ্য মণিপুুৰৰ এখন ঐতিহাসিক বজাৰ৷ এই বজাৰ খনৰ বিশেষত্ব হৈছে --- সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত এখন বজাৰ৷ এই বজাৰখন ষোল্লশ শতিকাত ব্ৰিটিছ শাসন কালতে স্থাপন হৈছিল৷ বিংশ শতিকাত ইয়াক স্থায়ী বজাৰ হিচাপে চিহ্নিত কৰা হয়৷ অতি গৌৰৱৰ কথাযে, এইখন এছিয়াৰ ভিতৰতে মহিলাৰ দ্বাৰা পৰিচালিত সৰ্ববৃহৎ বজাৰ৷ মণিপুৰী ভাষাত ইমা মানে মহিলা৷ ইমাৰ দ্বাৰা পৰিচালিত বাবে এই বজাৰখনৰ নাম হৈছে “ইমা বজাৰ”৷ ২০১৬ চনত হোৱা এটা প্ৰবল ভূমিকম্পত এই বজাৰখনৰ বহু অংশ, ধ্বংস হয়৷ কিন্তু পাচত ইয়াক নতুকৈ সজাই তোলা হয়৷ নতুন বজাৰখনৰ ওপৰত তিনিটা পেগোডা নিৰ্মাণ কৰি, চালে চকুতলগাকৈ গঢ়ি তোলা হয়৷ প্ৰধান গৃহটোৰ দাতিটো টিনৰ চালিত বহুত দোকান আছে৷ এই বজাৰখন দুটা ভাগত বিভক্ত৷ এটা ভাগত শাকপাচলি, ফলমূল, মাছ,মা-মছলা আদি আৰু আনটো ভাগত মণিপুৰৰ বিখ্যাত হস্তশিল্প জাত সামগ্ৰী আৰু ঘৰুৱা লাগতিয়াল বস্তু  পোৱা যায়৷ পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈছে এই ইমা বজাৰ৷ দেশীবিদেশী অগণন পৰ্যটকে এই বজাৰ চাবলৈ ভিৰ...

বাঁহ (Bamboo)

Image
                         বাঁহ ( Bamboo ) ..        বাঁহ আচলতে তৃণ জাতীয় উদ্ভিদহে, গছ নহয়৷ বাঁহ গছ পৃথিৱীৰ খুব ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছ সমূহৰ ভিতৰত অন্যতম৷বাঁহ গছ ২৪ ঘন্টাত ৪৭'৫ ইঞ্চিলৈকে বৃদ্ধি হ’য়৷ আমাৰ অসমৰ হাবিত ২৬ বিধ বাঁহৰ প্ৰজাতি পোৱা যায়৷ অৰ্থনৈতিক গুৰুত্ব সম্পন্ন বাঁহৰ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, দলৌ বাঁহ, বৰ বাঁহ, বজাল বাঁহ, কুটুহা বাঁহ আদি প্ৰধান৷ কাজিৰঙাৰ অৰ্কিড উদ্যানত ভলুকা, কুটুহা, বিজুলী, কলচী,কাক বাঁহকে ধৰি ৫৪ বিধ বাঁহৰ প্ৰজাতি আছে৷ ব্যৱহাৰিক মূলক কথালৈ লক্ষ্য কৰি বাঁহ গছক সেউজীয়া বুলি ক’ব পাৰি৷            বাঁহ গাজটোৰ পৰা এছাৰি ডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহুলভাৱে ব্যৱহাৰ হ’য়৷ বাঁহৰ কাঠি-কামীৰে জেওৰা-জপনা, পাচি-খৰাহী, জাপি, টেবুল-চকী, মাছ ধৰা সামগ্ৰী আদি তৈয়াৰ কৰা হ’য়৷ বাঁহেৰে ঘৰ বনোৱা আৰু তাঁতশালৰ সামগ্ৰীও তৈয়াৰ কৰা হ’য়৷ বাঁহ গছৰ পৰা কাগজ তৈয়াৰ কৰা হ’য়৷ শেহতীয়াকৈ বাঁহৰ পৰা জৈৱ ইন্ধন (Bio fuel) তৈয়াৰ কৰা ...

Khonoma Nature Conservation and Tragopan Sanctuary

     Khonoma Nature Conservation and Tragopan Sanctuary (KNCTS)_____       আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড অপৰূপ প্ৰাকৃতিক  সৌন্দৰ্য্যৰে ভৰপূৰ৷ প্ৰকৃতিয়ে নগাভূমিক সৃষ্টি কৰোতে, অকনো কৃপণালি কৰা নাই৷ নাগালেণ্ডৰ জুক’ উপত্যকালৈ বছৰি দেশী, বিদেশী অনেক পৰ্যটক আহে৷ আজি পিচে জুক’ৰ কথা নিলিখোঁ৷          বহুতদিনৰ আগতে দূৰদৰ্শনৰ Travel xp নামৰ চেনেলটোত নগাভূমিৰ এখন গাওঁ দেখিছিলোঁ-- নাম খনমা৷ এই গাওঁ খন নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা মাত্ৰ ১৮ কিলোমিটাৰ দূৰত অৱস্থিত৷ এই গাওঁখন এছিয়াৰ সৰ্বপ্ৰথম সেউজ গাওঁ বুলি জনা যায়৷ ইয়াৰ ওচৰতে ২৫ বৰ্গ কিলোমিটাৰ এলেকা জুৰি গঠন হৈছে Khonoma Nature Conservation and Tragopan Sanctuary চমুকৈ KNCTS৷ এই সংৰক্ষিত বনাঞ্চল খন চালে চকুৰোৱা আৰু বিভিন্ন প্ৰকাৰৰ পক্ষীৰ ৰম্যভূমি৷ কোৱা হ’য়, ইয়াৰ বহু অঞ্চলৰ এতিয়াও আৱিষ্কাৰ হোৱাই নাই৷ ১৯৯৮ চনত এই বনাঞ্চলক অভয়াৰণ্য ঘোষণা কৰা হয়৷ এই অৰণ্যৰ বৈশিষ্ট্য হ’ল এইখন আমাৰ দেশৰ প্ৰথম জনসাধাৰণৰ দ্বাৰা সংৰক্ষিত বনাঞ্চল(First ever community conservation pr...

Khonoma Nature Conservation and Tragopan Sanctury

Image
     Khonoma Nature Conservation and Tragopan Sanctuary (KNCTS)_____       আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড অপৰূপ প্ৰাকৃতিক  সৌন্দৰ্য্যৰে ভৰপূৰ৷ প্ৰকৃতিয়ে নগাভূমিক সৃষ্টি কৰোতে, অকনো কৃপণালি কৰা নাই৷ নাগালেণ্ডৰ জুক’ উপত্যকালৈ বছৰি দেশী, বিদেশী অনেক পৰ্যটক আহে৷ আজি পিচে জুক’ৰ কথা নিলিখোঁ৷          বহুতদিনৰ আগতে দূৰদৰ্শনৰ Travel xp নামৰ চেনেলটোত নগাভূমিৰ এখন গাওঁ দেখিছিলোঁ-- নাম খনমা৷ এই গাওঁ খন নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা মাত্ৰ ১৮ কিলোমিটাৰ দূৰত অৱস্থিত৷ এই গাওঁখন এছিয়াৰ সৰ্বপ্ৰথম সেউজ গাওঁ বুলি জনা যায়৷ ইয়াৰ ওচৰতে ২৫ বৰ্গ কিলোমিটাৰ এলেকা জুৰি গঠন হৈছে Khonoma Nature Conservation and Tragopan Sanctuary চমুকৈ KNCTS৷ এই সংৰক্ষিত বনাঞ্চল খন চালে চকুৰোৱা আৰু বিভিন্ন প্ৰকাৰৰ পক্ষীৰ ৰম্যভূমি৷ কোৱা হ’য়, ইয়াৰ বহু অঞ্চলৰ এতিয়াও আৱিষ্কাৰ হোৱাই নাই৷ ১৯৯৮ চনত এই বনাঞ্চলক অভয়াৰণ্য ঘোষণা কৰা হয়৷ এই অৰণ্যৰ বৈশিষ্ট্য হ’ল এইখন আমাৰ দেশৰ প্ৰথম জনসাধাৰণৰ দ্বাৰা সংৰক্ষিত বনাঞ্চল(First ever community conservation pr...

গোলকীয় উষ্ণতা

গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ প্ৰভাব…..          গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ উষ্ণতা৷ গোলকীয় উষ্ণতা বৃদ্ধি হ’ল পৰিৱেশৰ প্ৰতি এক ভয়ানক প্ৰত্যাহ্বান৷ পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনকদিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ মূলতঃ মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজগৃহ গেছ সমূহৰ বাবে যোৱা শতিকাটোত হোৱা পৃথিৱীপৃষ্ঠৰ গড় উষ্ণতা ক্ৰমাগত বৃদ্ধিয়েই হ’ল গোলকীয় উষ্ণতা বৃদ্ধি৷             উষ্ণতা বৃদ্ধিৰ প্ৰাথমিক কাৰক সমূহ হ’ল---- সেউজগৃহ গেছ সমূহৰ ঘনত্ব বৃদ্ধি, সৌৰ দীপ্তি, আগ্নেয় উদ্গীৰণ আৰু সূৰ্য্যৰ চাৰিওপিনে পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন আদি৷            গোলকীয় উষ্ণতাৰ ফলত জৈৱবৈচিত্ৰ্যৰ অৱনতি ঘটিছে৷ জলচক্ৰৰ পৰিৱৰ্তন হৈ বৰষুণ অনিয়মিত হৈছে৷ যি অঞ্চলত অতিপাত বৰষুণ হৈছিল, সেই অঞ্চলত এতিয়া বৰষুণ কমি গৈ খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ খৰাং পৰিস্থিতিৰ বাবে বিশ্বৰ বহুতো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি ধ্বংসপ্ৰাপ্ত হ’ব বুলি ঠাৱৰ ক...