Ema Bazaar of Manipur------
মণিপুৰৰ ইমা বজাৰ ( Ima or Ema Bazaar of Manipur)---------
ইমা বজাৰ হৈছে আমাৰ চুবুৰীয়া ৰাজ্য মণিপুুৰৰ এখন ঐতিহাসিক বজাৰ৷ এই বজাৰ খনৰ বিশেষত্ব হৈছে --- সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত এখন বজাৰ৷ এই বজাৰখন ষোল্লশ শতিকাত ব্ৰিটিছ শাসন কালতে স্থাপন হৈছিল৷ বিংশ শতিকাত ইয়াক স্থায়ী বজাৰ হিচাপে চিহ্নিত কৰা হয়৷ অতি গৌৰৱৰ কথাযে, এইখন এছিয়াৰ ভিতৰতে মহিলাৰ দ্বাৰা পৰিচালিত সৰ্ববৃহৎ বজাৰ৷ মণিপুৰী ভাষাত ইমা মানে মহিলা৷ ইমাৰ দ্বাৰা পৰিচালিত বাবে এই বজাৰখনৰ নাম হৈছে “ইমা বজাৰ”৷ ২০১৬ চনত হোৱা এটা প্ৰবল ভূমিকম্পত এই বজাৰখনৰ বহু অংশ, ধ্বংস হয়৷ কিন্তু পাচত ইয়াক নতুকৈ সজাই তোলা হয়৷ নতুন বজাৰখনৰ ওপৰত তিনিটা পেগোডা নিৰ্মাণ কৰি, চালে চকুতলগাকৈ গঢ়ি তোলা হয়৷ প্ৰধান গৃহটোৰ দাতিটো টিনৰ চালিত বহুত দোকান আছে৷ এই বজাৰখন দুটা ভাগত বিভক্ত৷ এটা ভাগত শাকপাচলি, ফলমূল, মাছ,মা-মছলা আদি আৰু আনটো ভাগত মণিপুৰৰ বিখ্যাত হস্তশিল্প জাত সামগ্ৰী আৰু ঘৰুৱা লাগতিয়াল বস্তু পোৱা যায়৷ পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈছে এই ইমা বজাৰ৷ দেশীবিদেশী অগণন পৰ্যটকে এই বজাৰ চাবলৈ ভিৰ কৰে৷
এই বজাৰ ব্যৱসায়ী ইউনিয়নৰ দ্বাৰা পৰিচালিত হয়া তাৰো সকলো সদস্য মহিলা৷ ইয়াত দোকান দিয়া মহিলা সকল বিবাহিত হ’ব লাগিব৷ প্ৰায়ভাগেই ৪৫-- ৭০ বছৰ বয়সৰ৷ এই বজাৰখনে মণিপুৰৰ ঐতিহ্য বহন কৰে৷ গোটেই মণিপুৰ খনেই দেখিবলৈ পোৱা যায় ইয়াত৷ সেয়েহে ইমা বজাৰে পৰ্যটকক ইমান আকৰ্ষণ কৰে৷ আমি উত্তৰ পূৰ্বাঞ্চলবাসীয়ে গৌৰৱ কৰিব পাৰোযে, উত্তৰ পূৰ্বাঞ্চলত নাৰীক পুৰুষৰ সমানে স্থান দিয়া হয়, ভাৰতৰ আন ৰাজ্যৰ তুলনাত৷
স্মিতা ভাগৱতী
গুৱাহাটী
৮/৮/২১
Comments
Post a Comment