Posts

Showing posts from November, 2021

অৰণ্য ধ্বংস

       অৰণ্য ধ্বংস ( Deforestation)               পৰিবেশ আৰু জৈৱবৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছ-গছনিৰ গুৰুত্ব অপৰিসীম৷ গছে পৰিবেশৰ অতিৰিক্ত তাপমাত্ৰা শোষণ কৰি পৰিবেশ নিৰ্মল কৈ ৰাখে আৰু সেইদৰে ক্ষতিকাৰক গেছ কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি প্ৰাণী বাচি থকাৰ মূল উপাদান অক্সিজেন নিৰ্গমন কৰে৷ কিন্তু জনসংখ্যাৰ চাপত দিনক দিনে অৰণ্য বা গছ নিধন হৈছে৷ ইয়াৰ ফলত আমাৰ চাৰিওপিনে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ পৰিবেশৰ বিস্তৰ ক্ষতি হৈছে৷ বৰষুণৰ পৰিমাণো কমি গৈছে৷ বৃক্ষই পশুপক্ষী, কীটপতঙ্গ আৰু অণুজীৱৰ আশ্ৰয়স্থল হিচাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ নিৰ্বিচাৰ বন ধ্বংসৰ ফলত বিভিন্ন জাতৰ উদ্ভিদ, পশুপক্ষী আজি বিলুপ্তিৰ পথত৷          বিশেষজ্ঞ সকলৰ মতে পৰিবেশ আৰু জলবায়ু পৰিবৰ্তনৰ অন্যতম কাৰণ হৈছে দেশৰ বনাঞ্চল সংকুচিত হোৱাৰ বাবে৷   অৰণ্য ধ্বংস হোৱাৰ প্ৰধান কাৰণ সমূহ----- (১) অৰণ্য ধ্বংসৰ অন্যতম কাৰণ হৈছে কৃষি৷ বননি পৰিষ্কাৰ কৰি খেতি কৰা হ’য়৷ প্ৰায় ৮০% অৰণ্য এইদৰে ধ্বংসৰ ম...