Posts

Showing posts from July, 2020

চাহ উদ্যোগৰ ঐতিহাসিক অবিস্মৰণীয় কাহিনী

Image
          চাহ হৈছে সুগন্ধিযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়৷ পানীৰ পিচতে চাহ হৈছে বিশ্বৰ আটাইতকৈ বেছি সেৱন কৰা পানীয়৷ অসম চাহ উদ্যোগ ৰাজ্যখনৰ সৰ্ববৃহৎ এক প্ৰাচীন উদ্যোগ৷ ভাৰতীয় চাহৰ কাহিনী বৃটেনত আৰম্ভ হয়৷ ঐতিহ্যমণ্ডিত চাহ উদ্যোগৰ আৰম্ভণিৰ পদক্ষেপটোৱেই আছিল কৌতুহলজনক৷ ১৬৪৬ৰ পৰা ১৮৩০ খ্ৰীষ্টাব্দৰ সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ চাহে কিদৰে বৃটিছ সাম্ৰাজ্যৰ অৰ্থনৈতিক, অভিজাত সকলৰ সামাজিক জীৱন আনকি সাহিত্যিক জগত খনতো প্ৰভাৱ পেলাইছিল৷ ভাৰততো যে এই বিখ্যাত পানীয় বিধৰ গছ আছিল ----তাৰ বহু আগৰ কথা এয়া৷ তেতিয়া চীন দেশেই চাহৰ একমাত্ৰ উৎস বুলি জনাজাত আছিল৷ বিভিন্ন কাৰনত চীনৰ পৰা চাহ আমদানি কৰাতো কঠিন হৈ পৰিছিল৷ চীনৰ একচেটিয়া মনোভাবৰ বাবে বৃটিছ দৰে উন্নত দেশৰ নাগৰিক সকলে চীনৰ তলতীয়া হোৱাৰ ভয়ত, চাহৰ বেলেগ উৎসৰ বাবে ভাৰতৰ ওপৰত চকু দিলে৷ লগতে তেওঁলোকে গম পাইছিল যে ভাৰতীয় চাহৰ দামো কম আৰু অতি উন্নত মানৰ বুলি৷          ইফালে  চতুৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নতুনকৈ উপনিৱেশ পতা ভাৰতত চাহ উদ্যোগ স্থাপনৰ ওপৰত মনোনিৱেশ কৰে৷ ইষ্ট ইণ্ডিয়া কোম...

দৈৱিক সম্পদ --- আগৰ বা সাঁচি গছ

সুগন্ধি সকলোৱে পচন্দ কৰে ৷ প্ৰাচীন কালৰে পৰা মানুহে সুগন্ধি ব্যৱহাৰ কৰি আহিছে ৷ গোটেই পৃথিৱীত এচিয়াৰ সুগন্ধিৰ বহুত আদৰ আছে৷ দক্ষিণ এচিয়াৰ সুগন্ধি বিশেষকৈ আতৰৰ কদৰ মধ্য প্ৰাচ্য সহ , ইউৰোপৰ দেশ সমূহ আৰু আমেৰিকাৰ সকলো স্তৰৰ লোকৰ নিত্য আৱশ্যকীয় বস্তুৰ দৰেই আদৰণীয় ৷সকলো ধৰ্মীয় লোকে আগৰ কাঠ উপাসনাৰ বাবে কম বেছি পৰিমাণে ব্যৱহাৰ কৰে ৷ আগৰ কাঠৰ মিশ্ৰিত আৰু আনন্দদায়ক অনুভূতিৰ লগত খুব কম প্ৰাকৃতিক সম্পদকহে তুলনা কৰিব পাৰি ৷         আগৰ বা সাঁচি গছ (বৈজ্ঞানিক নাম Aquilaria malaccensis), আমাৰ অসমৰ অৰণ্য সমূহত বহুত দিনৰ পৰাই আছিল৷ বন বিভাগে ব্ৰিটিছৰ শাসন কালতেই আগৰ গছ মহল যোগে বিক্ৰীৰ ব্যৱস্থা কৰিছিল৷ বিশেষকৈ ইছলাম সম্প্ৰদায়ৰ লোকসকলে এই কাঠৰব্যৱসায় কৰি, মধ্য প্ৰাচ্য আৰু পূবৰ ইছলাম অধ্যুষিত দেশ সমূহলৈ, এই কাঠ আৰু তেল পঠিয়াই যথেষ্ট ধন উপাৰ্জন কৰিছিল ৷ কিন্তু অত্যাধিক গছ কটাৰ ফলত বৰ্তমান অসমৰ হাবিবোৰত এই গছ অস্তিত্ব হীন হৈ পৰিল ৷ এটা ভাল খবৰ যে যোৱা দুটা দশকত আগৰ কাঠ আৰু তেলৰ আৰ্ন্তজাতিক বজাৰত অধিক মূল্য হোৱাৰ বাবে উজনি অসমৰ কিছু অঞ্চলত বিশেষকৈ গোলাঘাট জিলাৰ দেৰগ...