চাহ উদ্যোগৰ ঐতিহাসিক অবিস্মৰণীয় কাহিনী
চাহ হৈছে সুগন্ধিযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়৷ পানীৰ পিচতে চাহ হৈছে বিশ্বৰ আটাইতকৈ বেছি সেৱন কৰা পানীয়৷ অসম চাহ উদ্যোগ ৰাজ্যখনৰ সৰ্ববৃহৎ এক প্ৰাচীন উদ্যোগ৷ ভাৰতীয় চাহৰ কাহিনী বৃটেনত আৰম্ভ হয়৷ ঐতিহ্যমণ্ডিত চাহ উদ্যোগৰ আৰম্ভণিৰ পদক্ষেপটোৱেই আছিল কৌতুহলজনক৷ ১৬৪৬ৰ পৰা ১৮৩০ খ্ৰীষ্টাব্দৰ সময়ছোৱাত আমি দেখিবলৈ পাইছিলোঁ চাহে কিদৰে বৃটিছ সাম্ৰাজ্যৰ অৰ্থনৈতিক, অভিজাত সকলৰ সামাজিক জীৱন আনকি সাহিত্যিক জগত খনতো প্ৰভাৱ পেলাইছিল৷ ভাৰততো যে এই বিখ্যাত পানীয় বিধৰ গছ আছিল ----তাৰ বহু আগৰ কথা এয়া৷ তেতিয়া চীন দেশেই চাহৰ একমাত্ৰ উৎস বুলি জনাজাত আছিল৷ বিভিন্ন কাৰনত চীনৰ পৰা চাহ আমদানি কৰাতো কঠিন হৈ পৰিছিল৷ চীনৰ একচেটিয়া মনোভাবৰ বাবে বৃটিছ দৰে উন্নত দেশৰ নাগৰিক সকলে চীনৰ তলতীয়া হোৱাৰ ভয়ত, চাহৰ বেলেগ উৎসৰ বাবে ভাৰতৰ ওপৰত চকু দিলে৷ লগতে তেওঁলোকে গম পাইছিল যে ভাৰতীয় চাহৰ দামো কম আৰু অতি উন্নত মানৰ বুলি৷
ইফালে চতুৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নতুনকৈ উপনিৱেশ পতা ভাৰতত চাহ উদ্যোগ স্থাপনৰ ওপৰত মনোনিৱেশ কৰে৷ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত কম খৰছত আৰু উৎকৃষ্ট মানৰ চাহ পাব বুলি ধাৰণা কৰি লৈছিল৷
ঐতিহ্যমণ্ডিত চাহ উদ্যোগৰ অসমত প্ৰতিষ্ঠা হোৱাৰ আৰম্ভণিৰ পদক্ষেপটোৱেই আছিল আমোদজনক৷ এয়া ১৮৩৪ চনৰ কথা৷প্ৰবল প্ৰতাপী বৃটিছ সাম্ৰাজ্যৰ প্ৰতিনিধি জেন কিঞ্চ চাহাবে অত্যন্ত দূৰদৰ্শিতাৰে অসমত বৃটিছ শাসন দীৰ্ঘস্থায়ী কৰাৰ অভিসন্ধিৰে ৰাজ্য খনত বৃটিছ চাহাবৰ পাম পতাৰ উদ্দেশ্য অসমৰ মাটিত চাহ খেতি কৰিবলৈ বৃটিছ বণিক গোষ্ঠীক আহ্বান জনালে৷ তদুপৰি অসমৰ চাহযে উৎকৃষ্ট গুণসম্পন্ন তাৰো প্ৰমাণৰ বাবে বিলাতৰ সম্ভ্ৰান্ত লোকসকলৰ বাবে ১২ পেৰা চাহ পঠাই দিলে৷অসম চাহৰ তৃপ্তিয়ে লণ্ডনৰ ধনৱন্ত লোকসকলক বাৰুকৈয়ে উৎসাহিত কৰে আৰু তেওঁলোকে “অসম চাহ কোম্পানী ”বুলি এটা বৃহৎ অনুষ্ঠানেই খুলি পেলালে৷ কিন্তু তেওঁলোকৰ কিছু ভয় ভাবো আছিল--- যদি লাখ লাখ টকা খৰছ কৰাৰ পাচত লাভ নহৈ সমস্ত ধন অনাহকতে পানীত পৰে বুলি৷তেওঁলোকৰ ভয়ৰ আন এটা কাৰণ আছিল----- ইতিমধ্যে অসমত চাহ খেতি কৰাৰ সম্ভাৱনীয়তাৰ উদ্দেশ্য ইংৰাজ গৰ্ভনমেণ্টে এখন চাহ সমিতি গঠন কৰি চীন দেশৰ পৰা কুৰি হাজাৰ চাহৰ পুলি আৰু চাহ খেতিৰ কাম কৰিব জনা কেইজনমান মানুহো লৈ আহিল৷ উজনিৰ যি ডোখৰ ঠাইত চাহপুলিবোৰ ৰোৱা হৈছিল, সেই ঠাইডোখৰেই বৰ্তমানৰ চাবুৱা৷ সেই চাহপুলিবোৰৰ এটাও বাচি নাথাকিল৷ গতিকে বৃটিছ চাহ খেতিয়ক সকলৰ মনত শংকা উপজিল, অসমত চাহ খেতি কৰিবলৈ৷
এই সময়তে “অসমৰ ৰজা” সন্মানেৰে বিভূষিত মনিৰাম দেৱানে, অসমত চাহখেতি কৰিবলৈ আগ্ৰহী বৃটিছসকলৰ মনোভাৱ বুজি, তেওঁলোকক সাহস আৰু উদগনি দি বুজালে যে অসমত চাহখেতি কৰিলে তেওঁলোক খুবেই লাভৱান হব বুলি৷ মনিৰাম দেৱানক প্ৰথমজন ভাৰতীয় চাহ খেতিয়ক আখ্যা দিব পাৰি৷ পদে পদে বৃটিছৰ সহচৰ হোৱা মনিৰাম দেৱানৰ উৎসাহ পাই তেওঁলোকে ১৮৩৯ চনৰ ১ জুনত শিৱসাগৰৰ নাজিৰাত সৰ্বপ্ৰথম চাহ কোম্পানীটো প্ৰতিষ্ঠা কৰিলে৷ মনিৰাম কোম্পানীটোৰ সৰ্বেসৰ্বা হৈ পৰিল আৰু তেওঁক দেৱান পদত অধিষ্ঠিত কৰিলে৷ মনিৰাম দেৱানে বৃটিছ শাসক সকলক দিয়া আশ্বাস স্থায়ীৰূপে প্ৰতিপন্ন হ’ল৷ কিয়নো অসমৰ চাহখেতি কৰি তেওঁলোকে শতিকাজুৰি বৃটিছ সাম্ৰাজ্যৰ ধনভঁৰাল টনকিয়াল কৰিলে আৰু পৰৱৰ্তী কালত আমাৰ দেশৰো ৰাজকোষ সমৃদ্ধিশালী কৰাত চাহে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে৷
চাহগছৰ কলম দিয়া প্ৰথাটো কিছু ইতিহাস জৰিত হৈ আছে৷ চাহগছৰ অংগজ কাল দীৰ্ঘ ম্যাদী কৰাৰ উদ্দেশ্য ইয়াৰ গা-গছ কলম দিয়াটো অতি জৰুৰী৷ কিন্তু অতীজতে চাহগছ কলম দিয়া নহৈছিল৷ চীনাসকলে হেনো আগতে চাহগছবোৰ ওখ কাৰণে জখলা লৈ কুমলীয়া পাত চিঙিছিল৷ কেতিয়াবা ওখত থকা ডালবোৰৰ পাত ঢুকি নাপায় বাবে গুৰিতে কাটি দিছিল৷ পিচত দেখা গৈছিল সেই ডালবোৰৰ পৰি ওলোৱা নতুন শাখাৰ পৰাই উৎকৃষ্ট চাহ প্ৰস্তুত কৰিব পৰা কুমলীয়া পাত পোৱা গৈছিল৷ এই কথাটোৰ পৰাই চাহগছবোৰ চাপৰ কৰি কাটি হাতেৰে ঢুকি পোৱা উচ্চতাত ৰখাৰ নিয়ম হ’ল৷চাহগছৰ কলম কৰাৰ ক্ষেত্ৰত আৰু এটা প্ৰবাদ প্ৰচলিত হৈ আছে৷ চাহ কোম্পানী খোলাৰ আৰম্ভণিতে স্বাভিমানী স্বাধীনচিতীয়া অসমীয়া লোকসকলে বৃটিছ চাহখেতিয়ক সকলক সহযোগ কৰা নাছিল৷ চিংফৌ আৰু কছাৰী সকলে বৃটিছৰ চাহখেতিত বনুৱা ৰূপে ভাগ লৈছিল যদিও নিয়মীয়া হাজিৰা নাপাই তেওঁলোকে ১৮৪৮ চনত ধৰ্মঘট কৰিছিল৷ভাৰতৰ শ্ৰম ইতিহাসত এইটোৱেই প্ৰথম ধৰ্মঘট ৰূপে পৰিগণিত হৈছিল৷ এই ধৰ্মঘটৰ পাছত কিছুমান শ্ৰমিকে ক্ষোভ প্ৰকাশ কৰি বাগান এৰি থৈ যোৱাৰ সময়ত কিছুমান গছ কাটি থে যায়৷ আচৰিত ভাবে কিছুদিনৰ পাচত কাটি থৈ যোৱা গছবোৰৰ পৰা উৎকৃষ্ট গুণসম্পন্ন পাত পোৱা গৈছিল৷
চাহ উদ্যোগৰ আশাতীত সাফল্য আৰু ব্যাপক সম্প্ৰসাৰণৰ পিছত কুৰি শতিকাৰ আৰম্ভণিতে, এই বিষয়টোৱে সাম্ৰাজ্যবাদৰ পৰা বিজ্ঞানৰ দিশে নতুন মোৰ লয়৷ চাহ উৎপাদনৰ গৱেষণাৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে আৰু ১৯১১ চনত যোৰহাটৰ টোকলাইত বিশ্বৰ প্ৰথমটো চাহ গৱেষণাকেন্দ্ৰ প্ৰতিষ্ঠা হয়৷ লগে লগে চাহ উদ্যোগে প্ৰগতিৰ এক নতুন দিশত গতি আৰম্ভ কৰে৷
চাহ গুটিৰ বিকল্প ৰূপে বাগানত সততেই পৰিচিত আন এটা শব্দ হৈছে ক্লন বা কাটিং৷ চাহখেতিত উৎকৃষ্ট গুণসম্পন্ন একোজোপা মাতৃ গছৰ পৰা লোৱা কাটিং পুলিবোৰেই ক্লন৷ এই পদ্ধতিটোৰ গুৰিতে আছিল “পাথানি” নামৰ কাছাৰৰ এখন চাহবাগিছাৰ গৰাকী এইচ ক্লাৰ্ক নামৰ এজন ইংৰাজ চাহ খেতিয়ক৷ বাগানত পাত তোলাৰ পাচত মাটিত পৰি ৰোৱা কিছুমান ঠাৰিৰ পৰা শিপা ওলোৱা কথাটো তেৱেই প্ৰথমে ১৯৩০ চনত প্ৰত্যক্ষ কৰে৷ এই কথাটো টোকলাইৰ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী মিষ্টাৰ এ.চি টন্সটলেও সত্য বুলি প্ৰমানিত কৰে৷প্ৰথম বিশ্ব যুদ্ধৰ অন্তৰ্ৱৰ্তী ১৯১৪-১৯১৮ চনলৈকে, এই কালছোৱাত টন্সটলেৰ পত্নীও স্বামীৰ সৈতে চাহ গৱেষণাৰ কিছু দায়িত্বত আছিল৷ তেওঁ নানা ঠাইৰ পৰা বিভিন্ন সঁচৰ চাহ গুটি আনি টোকলাইত এখন পৰীক্ষামূলক চাহবাৰী পাতিছিল৷ এই ইংৰাজ মহিলাগৰাকীৰ কৰ্মোদ্যমৰ ফলতেই পৰীক্ষামূলক চাহবাৰীখনৰ পৰাই চাহ-উদ্যোগত এক আলোড়নকাৰী তথ্যৰ উদ্ভাৱন ঘটিল৷ এই আৱিষ্কাৰকেই চাহ উদ্যোগৰ জয় যাত্ৰাৰ পথত এক অভিনৱ অধ্যায়ৰ সূচনা বুলিব পাৰি৷
উনৈছ শতিকাৰ শেষৰ ফালে উত্তৰ-পূব ভাৰতত চাহ উদ্যোগত ছাঁ দিয়া গছৰ উপকাৰিতাৰ বিষয়টো উপলব্ধি কৰা হয়৷ অসম জাতৰ চাহ গছৰ পাত পাতল বাবে চীনা জাতৰ চাহগছৰ পাততকৈ বেছি ক্ষতি হোৱা দেখা গৈছিল৷ এই কথাটো চাবুৱাত বাগান খোলা হেনেই নামৰ এজন চাহ খেতিয়কে ১৯৪৫ চনতে লক্ষ্য কৰিছিল৷ তাৰ বাবে তেওঁ উজনি অসমৰ পাহাৰীয়া আৰু বনৰীয়া অৱস্থাত প্ৰকৃতিক পৰিবেশত থকা চাহ গছবোৰ লক্ষ্য কৰি দেখিলে যে সেই চাহগছবোৰ শিৰিষ জাতীয় গছৰ তলতহে লহপহকৈ বাঢ়িছিল৷ সেই শিৰিষ গছবোৰৰ বেছিভাগেই আছিল ছকৰৈ আৰু আনবিধ বৰ মেদেলুৱা৷ গতিকে সেই ইংৰাজ চাহাব জনে তেওঁৰ বাগানত সেই দুবিধ গছেই ছাঁ দিবৰ বাবে ৰুইছিল৷ পৰৱৰ্তী সময়ত ছাঁ দিয়া গছ ৰোপনৰ প্ৰথা প্ৰচলিত হ’ল৷
আজি পৃথিৱীত কেঁচা সোণৰ দেশ বুলি অসমক এক সুকীয়া স্থান দিছে চাহ উদ্যোগে৷ দিনে দিনে চাহৰ চাহিদা বঢ়াৰ লগে লগতে অসমত আজি যথেষ্ট লোকে চাহ-উদ্যোগত মন প্ৰাণ দি, অসমৰ চাহৰ জনপ্ৰিয়তা আৰু হেজাৰ গুণে বৃদ্ধি কৰাৰ লগতে অসমৰ চাহ খেতিৰে এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে৷
Comments
Post a Comment