ভাৰতৰ হস্তশিল্প (Handicrafts of India)
ভাৰতৰ হস্তশিল্পই সৃষ্টিশীলতা আৰু কৃতিত্বৰে সমৃদ্ধ এক বুৰঞ্জী গঢ়ি জনশ্ৰুতি আৰু বাস্তৱিকতাক একত্ৰিত কৰিছে৷ সমৰ্পিত আৰু প্ৰতিভাশালী আৰ্হি প্ৰস্ততকাৰী আৰু শিল্পকাৰ সকলে পৃথিৱীৰ সম্পদৰ সৈতে কাম কৰি মূল্যবান আৰু সাধাৰণ বস্ত্ৰ আৰু ধাতু, কাঠ আৰু মাটি, বাঁহ আৰু বেতক অতি মূল্যবান আৰু দুষ্প্ৰাপ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰি পেলাইছে৷ ভাৰতৰ হস্তশিল্প বৈচিত্ৰময়, বুৰঞ্জী, ধৰ্ম আৰু সভ্যতাৰে চহকী৷ প্ৰতিখন ৰাজ্যৰ হস্তশিল্পই বিভিন্ন ৰাজত্বৰ প্ৰতিপত্তি দৰ্শায়৷ হস্তশিল্পই শতিকাযোৰা গ্ৰামীণ সভ্যতা আৰু ঐতিহ্যৰ সাক্ষৰ বহন কৰে৷ ধাতুৰ হস্তশিল্প সমূহ জিঙ্ক, তাম, কাঁহ, পিতল, সোণ আৰু ৰূপৰ সহায়ত নিৰ্মাণ কৰা হয়৷ কিছুমান পুৰণি ধাতু শিল্প হৈছে-- বিদ্ৰিৱেৰ( Bidriware), পেমবাৰ্থি ধাতু শিল্প(pembarthi metal craft), ধক্ৰা(Dhokra), কামৰূপী(Kamrupi)৷ বিদ্ৰিৱেৰ শব্দটো বিদাৰ নামৰ ঠাইখনৰ পৰা আহিছে, য’ত এই সুন্দৰ সামগ্ৰী তৈয়াৰ কৰা হ’য়৷ এই সামগ্ৰী সমূহ জিঙ্ক আৰু তাম মিহলাই কৰা হয় ৰূপৰ প্ৰলেপ দি৷ সুন্দৰ স্বকীয়তাৰ বাবে এই কলাবিধৰ এক সুকীয়া মূল্য আছে ...