ভাৰতৰ হস্তশিল্প (Handicrafts of India)

ভাৰতৰ হস্তশিল্পই সৃষ্টিশীলতা আৰু কৃতিত্বৰে সমৃদ্ধ এক বুৰঞ্জী গঢ়ি জনশ্ৰুতি আৰু বাস্তৱিকতাক একত্ৰিত কৰিছে৷ সমৰ্পিত আৰু প্ৰতিভাশালী আৰ্হি প্ৰস্ততকাৰী আৰু শিল্পকাৰ সকলে পৃথিৱীৰ সম্পদৰ সৈতে কাম কৰি মূল্যবান আৰু সাধাৰণ বস্ত্ৰ আৰু ধাতু, কাঠ আৰু মাটি, বাঁহ আৰু বেতক অতি মূল্যবান আৰু দুষ্প্ৰাপ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰি পেলাইছে৷ ভাৰতৰ হস্তশিল্প বৈচিত্ৰময়, বুৰঞ্জী, ধৰ্ম আৰু  সভ্যতাৰে চহকী৷ প্ৰতিখন ৰাজ্যৰ হস্তশিল্পই বিভিন্ন ৰাজত্বৰ প্ৰতিপত্তি দৰ্শায়৷ হস্তশিল্পই শতিকাযোৰা গ্ৰামীণ সভ্যতা আৰু ঐতিহ্যৰ সাক্ষৰ বহন কৰে৷

             ধাতুৰ হস্তশিল্প সমূহ জিঙ্ক, তাম, কাঁহ, পিতল, সোণ আৰু ৰূপৰ সহায়ত নিৰ্মাণ কৰা হয়৷ কিছুমান পুৰণি ধাতু শিল্প হৈছে-- বিদ্ৰিৱেৰ( Bidriware), পেমবাৰ্‌থি ধাতু শিল্প(pembarthi metal craft), ধক্‌ৰা(Dhokra), কামৰূপী(Kamrupi)৷ বিদ্ৰিৱেৰ শব্দটো বিদাৰ নামৰ ঠাইখনৰ পৰা আহিছে, য’ত এই সুন্দৰ সামগ্ৰী তৈয়াৰ কৰা হ’য়৷ এই সামগ্ৰী সমূহ জিঙ্ক আৰু তাম মিহলাই কৰা হয় ৰূপৰ প্ৰলেপ দি৷ সুন্দৰ স্বকীয়তাৰ বাবে এই কলাবিধৰ এক সুকীয়া মূল্য আছে আৰু বিদেশলৈ প্ৰচুৰ পৰিমাণে ৰপ্তানি হয়৷ পেমবাৰ্‌থি ধাতু শিল্প ৱাৰেঙ্গলৰ পেমবাৰ্‌থি নামৰ ঠাইত প্ৰস্তুত হয়৷ এই সামগ্ৰী সমূহ কাঁহৰ পৰা তৈয়াৰ হ’য় আৰু সূক্ষ্ম কাৰুকাৰ্য খচিত৷ ধক্‌ৰা শিল্পৰ দেশে বিদেশে বহুত আদৰ৷ এই শিল্পকলা বিধৰ মহেঞ্জোদাৰোৰ সভ্যতাৰ সময়ৰ পৰাই প্ৰচলন আছিল৷ কামৰূপী কাঁহ-পিতলৰ বস্তু সৌন্দৰ্য, স্থায়িত্ব আৰু বহুল ব্যৱহাৰৰ বাবে বিখ্যাত৷ হাজো আৰু সৰ্থেবাৰী এই শিল্পৰ বাবে বিখ্যাত৷ গুৱাহাটীত থকা অসম ৰাজ্যিক যাদুঘৰত এই ধাতু সমূহৰে বনোৱা বহুতো সামগ্ৰী আছে৷ 


অসমৰ হস্তশিল্প---- অসম স্থানীয় ভাবে পোৱা কেঁচা সামগ্ৰীৰে বনোৱা হস্তশিল্পৰ বাবে বিখ্যাত৷ অসমো এখন ৰাজ্য য’ৰ হস্তশিল্প ২০১০ চনত ৰাষ্ট্ৰীয় যাদুঘৰত তদানীন্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ পত্নী মিচ্চেল অ’বামাক প্ৰদৰ্শন কৰা হৈছিল৷ অসমৰ পাটৰ কাপোৰ জগত বিখ্যাত৷ অসমৰ মূগাপাট, তৈয়াৰ হোৱা মূগা পলু অকল অসমতহে পোৱা যায়৷ পাট শিল্প লগতে বস্ৰ উদ্যোগৰ পৰা ৰাজ্যখনৰ অৰ্থনৈতিক দিশত যথেষ্ট সম্ভাৱনা আছে, কাৰণ ২৫০০০ পৰিয়াল এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে৷ বাঁহ, বেতৰ উদ্যোগৰ ক্ষেত্ৰতো অসম যথেষ্ট আগবঢ়া৷ ধুবুৰী জিলাৰ এটা লোকশিল্প, কুঁহিলা শিল্পও অসমৰ অন্যতম হস্তশিল্প৷ অসমৰ আন এবিধ লোককলা হৈছে মৃৎশিল্প৷ অতীজৰে পৰা এই শিল্পৰ লগত জৰিত লোকসকলে নানা বাধা বিঘিনি নেওচি এই লোকশিল্পক জীয়াই ৰাখিছে৷


বিহাৰৰ হস্তশিল্প---- বিহাৰ মধুৱনী বা মিথিলা চিত্ৰকলাৰ বাবে জগত বিখ্যাত৷ বিভিন্ন লোককথা বা কাহিনীৰ জন্মভূমি মিথিলাত তাৰ বাসিন্দা সকলে স্বাভাবিকতে এই লোককথা সমূহ বৰ্ণনা কৰিবলৈ অসাধাৰণ ক্ষমতা ৰাখিব পাৰে৷ তেওঁলোকে এই লোককথা বা কাহিনী সমূহ চিত্ৰৰ দ্বাৰা বৰ্ণনা কৰে৷ এই চিত্ৰকলাক মধুৱনী চিত্ৰকলা বোলা হয় আৰু ভাৰতৰ এটা অতি পুৰণি চিত্ৰকলাৰ ভিতৰত পৰে৷ বিহাৰৰ ভাগলপুৰ জিলাৰ চিত্ৰকলাক মঞ্জুষা কলা বোলে, ই এটা অসাধাৰণ চিত্ৰকলাৰ ভিতৰত পৰে৷


ৰাজস্থানৰ হস্তশিল্প----- ৰাজকীয় ঐতিহ্যমণ্ডিত ৰাজস্থান সুপ্ৰসিদ্ধ হস্তশিল্পৰ বাবে বিখ্যাত৷ ৰাজপুতসকলে এই সুকুমাৰ কলাৰ সংৰক্ষণ শতিকা জুৰি কৰি আহিছে৷ এই কলাৰ ভিতৰত আছে প্ৰাকৃতিক উপায়েৰে কাপোৰত ৰং দিয়া, সুন্দৰ চিত্ৰ অংকণ আৰু পুতলা নিৰ্মাণ৷ হস্তশিল্পকাৰ সকলে এই কলা সমূহক বৃত্তিতকৈ ঐতিহ্য ৰক্ষাৰ প্ৰতি সন্মান বুলি ভাবে৷ কাপোৰত ৰং দিয়া পদ্ধতিটো ৰাজস্থানৰ অতি প্ৰাচীন আৰু জগত বিখ্যাত৷ এই পদ্ধতিক Tie dyeing বুলি কোৱা হয়৷ ৰাজস্থানী বান্ধনী নক্সা (Tie edges fabric), কুঞ্জপত( Block printing), দলিছা, কুশ্বন আদিত কৰা জ্যামিতিক আৰ্হি(Applique patch work) আদিৰ তুলনা নাই৷ দুপাট্টা সমূহত ৰাজস্থানী সকলে কাঁচৰ অতি চকুতলগা কাম কৰে৷ দেশে বিদেশে এইবোৰৰ বৰ আদৰ আছে৷ ৰাজস্থান পুতলানাচৰ দৰে অতি প্ৰাচীন হস্তশিল্পৰ বাবেও বিখ্যাত৷ ৰাজস্থানৰ সোণালী অতীতৰ বৰ্ণনা এই পুতলা নাচ সমূহত বিস্তাৰ ভাবে প্ৰৰ্দশিত হয়৷ বিদেশতো পুতলা নাচ প্ৰৰ্দশিত হয়৷ 


গুজৰাটৰ হস্তশিল্প----গুজৰাট বস্ত্ৰ উৎপাদনৰ বাবে বিখ্যাত৷ ৰাজস্থান গুজৰাটৰ সীমামূৰীয়া ৰাজ্য, সেয়ে দুয়োখন ৰাজ্যৰে সভ্যতা, সংস্কৃতিৰ সাদৃশ্য আছে৷ ব্লক প্ৰিন্টিং বা কুঞ্জপত নক্সা গুজৰাটৰ বৈশিষ্ট্য৷ গুজৰাটৰ আজৰখ (Ajrakh) ব্লক প্ৰিণ্টিং পৃথিৱী বিখ্যাত৷ মহেঞ্জোদাৰোৰ খনন কাৰ্য্যৰ পৰা প্ৰমাণ হয় যে আজৰখ ভাৰতৰ সকলোতকৈ পুৰণা ছপা(printing) প্ৰথা৷ বন্ধনী হৈছে গুজৰাটৰ অদ্বিতীয় প্ৰথা, যত কাপোৰখন বিভিন্ন ঠাইত ডিজাইন কৰি ৰং কৰিবলৈ গাঠি মৰা হয়৷ গুজৰাটত বিভিন্ন প্ৰকাৰৰ খাৰু বনোৱা হয় আৰু প্ৰচুৰ পৰিমাণে ৰপ্তানি হয়৷ গুজৰাটী মহিলাসকলে এক বিশেষ ধৰনৰ হাতীদাঁতৰ আৰু প্লাষ্টিকৰ ডাঙৰ খাৰু পিন্ধে৷


দক্ষিণ ভাৰতৰ হস্তশিল্প---- দক্ষিণ ভাৰতৰ বৈচিত্ৰ্যময় ধাৰ্মিক চিন্তাধাৰাৰ প্ৰভাৱ তাৰ হস্তশিল্পত দেখা যায়৷ এই ভূখণ্ডত বিভিন্ন ৰাজবংশৰ শাসন চলিছিল_যেনে মোগল, পৰ্তুগীজ, ডাচ্, ফৰাচী আৰু ব্ৰিটিছ৷ ইয়াত প্ৰতেক ৰাজবংশই নিজৰ নিজৰ ঐতিহ্যৰ ছাপ এৰি গৈছে৷ মন্দিৰ সমূহত দ্ৰাবিড়সকলৰ মানে হিন্দু সকলৰ প্ৰভাৱ৷ আনহাতে গীৰ্জা ঘৰবোৰত ব্ৰিটিছ শাসনৰ প্ৰতিচ্ছবি দেখা যায়৷ 

দাক্ষিণাত্যৰ মন্দিৰ সমূহৰ শিল্পকলা বিশেষ ৰূপৰ আৰু বৰ চকুত লগা৷ মন্দিৰৰ বিগ্ৰহ কাঠৰ বা চ’পষ্টন(soapstone)ৰে নিৰ্মাণ কৰা হয়৷ দক্ষিণ ভাৰতত প্ৰচুৰ পৰিমাণে কাঠ পোৱা যায়৷ শিল্পকাৰ সকলে বটালিৰ সহায়ত সুন্দৰ সুন্দৰ মুৰ্তি নিৰ্মাণ কৰে৷

         তামিলনাডুৰ কাঞ্চিপুৰমত এবিধ বৰ সুন্দৰ পাটৰ শাৰী তৈয়াৰ হয়৷ এই শাৰীৰ দেশে বিদেশে বৰ আদৰ৷ তামিলনাডুৰে মাদুৰাই নামৰ ঠাইত ফুলৰ মালা তৈয়াৰ কৰাৰ এখন বৃহৎ বজাৰ আছে৷ এই সুন্দৰ ভিন্ন ৰঙী ফুলৰ মালা বিলাকে তামিল সভ্যতাক বৈচিত্ৰ্যময় ৰূপত দাঙি ধৰে৷


উপসংহাৰ---- ভাৰতৰ হস্তশিল্পই বিশ্বত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে৷ এইখিনিতে আৰু দুটামান হস্তশিল্পৰ কথা নিলিখিলে মোৰ এই লিখনি আধৰুৱা হৈ ৰ’ব৷ আমাৰ কাশ্মীৰৰ পচমিনা শ্বল আৰু ভিন্নৰঙী, সুন্দৰ ডিজাইনৰে কৰা কাৰ্পেট জগত বিখ্যাত৷ বিভিন্ন সমস্যাৰে জৰ্জড়িত ৰাজ্যখনে বহু কষ্টেৰে নিজৰ এই কলাক জীয়াই ৰাখিছে৷ উত্তৰপ্ৰদেশো বিভিন্ন হস্তশিল্পৰ বাবে সুপ্ৰসিদ্ধ৷ ৰাজ্য খনৰ চিকনকাৰী বস্ত্ৰৰ বহুত চাহিদা আছে৷ ৰাজ্য খনৰ চামৰাৰ সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সুনাম আছে৷ লগতে কাৰ্পেট নিৰ্মাণ, বিভিন্ন ধাতুৰ বস্তু নিৰ্মাণ আদিৰ বাবেও বিখ্যাত৷

               আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্য আৰু অসমৰ পাহাৰীয়া জিলা কেইখনৰ হস্তশিল্পৰ সুকীয়া বৈশিষ্ট্য আছে৷ আজিকালি এই পাহাৰীয়া ঠাইবোৰৰ হস্তশিল্পৰ চাহিদা বাঢ়িছে৷ উপযুক্ত বজাৰ আৰু সুবিধা পালে এই ঠাইবোৰৰ শিল্প সমূহ আৰু ঠন ধৰি উঠিব৷ বৰ্তমান বহুতো আগশাৰীৰ ফেশ্বন ডিজাইনাৰে এই হস্তশিল্পকাৰ সকলৰ সহায়ত আমাৰ সাতামপুৰুষীয়া শিল্পক ন-ৰূপত প্ৰতিষ্ঠা কৰিছে৷  বহুতে এই শিল্প সমূহৰ জৰিয়তে নিজৰ ভাতমুঠি মোকলাই লবলৈ সমৰ্থ হৈছে৷ আমাৰ নৱপ্ৰজন্মই হস্তশিল্পক সন্মান কৰিব লাগে আৰু নিজৰ জীৱিকাৰ আহিলা ৰূপে চিন্তা কৰিব পাৰে৷


( ইমান কম পৰিসৰত ভাৰতৰ বিশাল হস্তশিল্পৰ জগতখনৰ বৰ্ণনা দিয়া অসম্ভৱ৷ মই সামান্য প্ৰয়াসহে কৰিছোঁ ভাৰতৰ হস্তশিল্পৰ, এটি চমু পৰিচয় ডাঙি ধৰিবলৈ৷)




Comments

Popular posts from this blog

অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী

নদী বান্ধ

অৰণ্য ধ্বংস