অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী
আমাৰ অসম জৈৱবৈচিত্ৰৰে ভৰপূৰ ৰাজ্য৷ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য পৃথিৱী বিখ্যাত৷ ৫ খন ৰাষ্ট্ৰীয় উদ্যান, ১৮ খন অভয়াৰণ্য, ৪৬ খন পক্ষীৰ আবাসভূমি আৰু ৩১২ খন সংৰক্ষিত বনাঞ্চল আছে আমাৰ ৰাজ্যত৷ এই অৰণ্যসমূহ বিভিন্ন প্ৰকাৰৰ মূল্যবান গছ আৰু দুৰ্লভ প্ৰাণীৰে ভৰি আছে৷ কিন্তু বিভিন্ন কাৰণত বহুতো প্ৰাণীৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে আৰু সংখ্যা কমি গৈ বিলুপ্তপ্ৰায় প্ৰাণীৰ শাৰীত পৰিছেগৈ৷ সাধাৰণতে আমাৰ সংকটজনক অৱস্থাত থকা প্ৰাণী বুলিলে এশিঙিয়া গড়, বাঘ বা হাতীকে মনলৈ আহে৷ কিন্তু আৰু বহুতো প্ৰাণী আছে, যিবোৰ অকল আমাৰ ৰাজ্যতহে পোৱা যায় আৰু সিহঁতৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে আৰু বিলুপ্তপ্ৰায় প্ৰাণীৰ শাৰীত পৰিছে৷ তাৰে ৪ বিধৰ বিষয়ে আজি লিখিবলৈ উলাইছো------
(১) নল গাহৰি (Pygmy hog) ---- নল গাহৰিৰ বৈজ্ঞানিক নাম হৈছে Porcula salvania ৷ পৃথিৱীৰ ভিতৰতে আটাইতকৈ সৰু প্ৰজাতিৰ বনৰীয়া গাহৰি হৈছে নল গাহৰি৷ এটা সময়ত এই গাহৰি উত্তৰ প্ৰদেশ, নেপাল, উত্তৰ বংগ আৰু অসম জুৰি হিমালয়ৰ দক্ষিণলৈকে এক সংকীৰ্ণ অঞ্চলত পোৱা গৈছিল৷ লাহে লাহে উত্তৰ প্ৰদেশ, নেপাল আৰু উত্তৰ বংগৰ ঘাহঁনিত নল গাহৰিৰ প্ৰজাতি বিলুপ্ত হোৱাদেখি এই আপুৰুগীয়া গাহৰি বিধ বিলুপ্ত হৈছে বুলি ধৰি লোৱা হৈছিল, যদিও অসমৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত পুনৰ ইয়াক দেখা পোৱা গৈছে৷ ঘোৰ সংকটগ্ৰস্থ (Critically Endangered) তালিকা ভুক্ত এই প্ৰাণী বৰ্তমান অসমৰ বাহিৰে পৃথিৱীৰ কতো নাই আৰু ভাৰতীয় গঁড়তকৈ বৰ্তমান নল গাহৰিৰ সংখ্যা বহুতো কম৷ ৫০০ টাতকৈ কম নল গাহৰিহে কেৱল অসমৰ হাবিত জীয়াই আছে৷
নল গাহৰি দীঘলে মাত্ৰ ৬০ ছে মি আৰু ওখই প্ৰায় ২৫ ছে মি মান হয়৷ নল গাহৰিয়ে জাক পাতি বাস কৰে৷ এটা জাকত ৫ টাৰ পৰা ১০ টালৈকে প্ৰাপ্তবয়স্ক গাহৰি থাকে৷ সিহঁতে ডাঠ ঘাঁহনিৰ মাজত সহজেই মিলি যোৱাকৈ ঘাহঁৰেই বাহ সাজে৷ নল গাহৰিয়ে এবাৰত এটাহে পোৱালি জগায়৷ নল গাহৰিয়ে হাবিত পোৱা শিপা, মূল, বনৰীয়া ফলৰ উপৰিও কেঁচু, উইপৰুৱা, কণী আদি খায়৷ আপুৰুগীয়া এই প্ৰাণীবিধে দিনক দিনে হেৰুৱাবলৈ ধৰিছে ইহঁতৰ বাসস্থান৷ নল গাহৰিয়ে বাস কৰা ঘাঁহনিবোৰ হ্ৰাস পাই আহিছে বা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে৷ মানুহ আৰু ঘৰচীয়া জন্তু বিশেষকৈ গৰুৰ পৰা৷ ওখ ঘাঁহনিবোৰ চৰণীয়া পথাৰ বা গাঁৱলৈ ৰূপান্তৰিত হৈ পৰিছে৷ ফাগুন-চত মাহত ঘাঁহনিত লগা জুইয়েও, এই প্ৰাণীবিধৰ প্ৰতি ভাবুকি আনিছে৷ বিলুপ্তপ্ৰায় প্ৰাণীৰ সংৰক্ষণ কাৰ্যক্ৰমণিকাৰ বাবে এই প্ৰাণী বিধৰ সংখ্যা এতিয়া কিছু বাঢ়িছে৷
(২) সোণালী বান্দৰ(Golden Langur)----- এই আপুৰুগীয়া বান্দৰৰ প্ৰজাতিটো ভাৰতবৰ্ষত মুলতঃ পশ্চিম অসম আৰু ভূটানৰ পৰ্বত অঞ্চলত পোৱা যায়৷ এই প্ৰাণীবিধক ভাৰতীয় বন্যপ্ৰাণী আইন(১৯৭৮) অনুসৰি সৰ্বোচ্চ প্ৰতিৰক্ষা আগবঢ়োৱা হৈছে৷ এই জন্তুবিধৰ হত্যা, চিকাৰ বা পোহনীয়া কৰি ৰখাটো নিষিদ্ধ কৰা হৈছে৷ সোণালী বান্দৰৰ দেহৰ বৰণ সোণালী, মুখখন ক’লা আৰু নেজদাল যথেষ্ট দীঘল৷ দীঘল নেজদালে দেহৰ ভাৰসাম্য ৰখাত সহায় কৰে৷ ইহঁত তৃণভোজী প্ৰাণী--প্ৰধানত ফলমূল, গছৰ পাত, গুটি আৰু ফুল খায় জীয়াই থাকে৷ সাধাৰণতে এই বিধ বান্দৰে ৮ ৰ পৰা ৫০ টা প্ৰাণীৰ দলত বাস কৰে আৰু এবাৰত এটাকৈ পোৱালী জন্ম দিয়ে৷ ঘোৰ সংকটৰ মাজত থকা এই প্ৰাণীবিধৰ সংৰক্ষণৰ বাবে আমাৰ যুৱ প্ৰজন্মই চিন্তা কৰিব লাগে৷
(৩) দেওহাঁহ ( White-winged wood duck)---- দেওহাঁহ ডাঙৰ আকাৰৰ হাঁহৰ প্ৰজাতি৷ দেওহাঁহক অসমৰ জাতীয় পক্ষী ৰূপে অভিহিত কৰা হয়৷ এই প্ৰজাতিৰ হাঁহৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক দেওহাঁহ বুলি কোৱা হয়৷ ইহঁতৰ দেহৰ দৈৰ্ঘ্য ৬৬--৮১ ছে মি আৰ ডেউকাৰ দৈৰ্ঘ্য ১১৬--১৫০ ছে মি হয়৷ মাইকী হাঁহ মতা হাঁহতকৈ সৰু৷
ঐতিহাসিক ভাবে দেওহাঁহ উত্তৰ পূব ভাৰত, বাংলাদেশৰ পৰা জাভা, সুমাত্ৰালৈকে বিস্তৃত আছিল৷ বৰ্তমান ই জাভাত বিলুপ্ত হৈছে৷ ভাৰতবৰ্ষত বৰ্তমান অসম আৰু অৰুণাচলতহে দেওহাঁহ পোৱা যায়৷ বিশ্বত মুঠতে ৮০০ মানহে দেওহাঁহ আছে৷ তাৰে ৪৫০ টা মান ভাৰততে আছে৷ দেওহাঁহে নিশাৰ ভাগতহে খাদ্য বিচাৰি খায়৷ গছৰ গুটি, জলজ উদ্ভিদ, সৰু মাছ, পোক পতঙ্গ আদি দেওহাঁহৰ আহাৰ৷ ইহঁতে সাধাৰণতে যোৰ পাতি বা চাৰিৰ পৰা ছটাৰ গোটত চৰে আৰু গ্ৰীষ্ম কালত প্ৰজনন কৰে৷ ইহঁতে মূলতঃ চিৰসেউজীয়া বনাঞ্চল, বন্ধ বা কম সোঁতৰ পানী থকা (প্ৰাকৃতিক বা কৃত্ৰিম জলাশয়ত বাস কৰে৷ গছৰ খোৰোঙত বাহ সাজে৷ ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিংপাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰী ৰাষ্ট্ৰীয় উদ্যান তথা নামদফা অভয়াৰণ্যত দেওহাঁহ পোৱা যায়৷ IUCN ৰ Red list ত এই হাঁহবিধক বিলুপ্তপ্ৰায় প্ৰাণী আখ্যা দিয়া হৈছে আৰু ইহঁতৰ চিকাৰ নিষিদ্ধ কৰা হৈছে৷
(৪) উলূম’ৰা (Bengal Florican)---- উলূম’ৰা এবিধ বিৰল প্ৰজাতিৰ চৰাই৷ ইয়াক প্ৰধানতঃ দক্ষিন পূব এছিয়াত দেখিবলৈ পোৱা যায়৷ Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি৷ এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহেজাৰৰো কম বুলি ধাৰণা কৰা হৈছে৷
পূৰ্ণবয়স্ক উলূম’ৰাৰ দেহৰ দৈৰ্ঘ্য ৬৬ -- ৬৮ ছে মি আৰু উচ্চতা ৫৫ ছে মি৷ মতা উলূম’ৰাৰ মুৰৰ পৰা ডিঙি পৰ্যন্ত বৰণ ক’লা আৰু মুৰত এটা দীঘল মুকুট থাকে৷ উৰন্ত অৱস্থাত মতা চৰাইটোৰ ডেউকা দুখন সম্পূৰ্ণ ক’লা দেখা যায়৷ ঠেং হালধীয়া আৰু ঠোঁট গাঢ় বৰণৰ৷ মাইকী উলূম’ৰা মতাটোতকৈ ডাঙৰ হয়৷
ভাৰতত উলূম’ৰা উত্তৰ প্ৰদেশ, অসম আৰু অৰুণাচলত পোৱা যায়৷ উলূম’ৰাই মুকলি আৰু ওখ ঘাঁহনিত বাস কৰে৷ উলূম’ৰা বৰ্তমান বিৰল হৈ পৰিছে৷ সেইবাবে এই পক্ষীবিধক বিলুপ্তপ্ৰায় প্ৰাণীৰ শাৰীত ধৰা হৈছে৷
Khelraja takes excitement to the next level with super slots that keep players engaged for hours. The platform offers smooth gameplay, attractive designs, and fair winning chances. With easy deposits and fast withdrawals, Khelraja stands out as a reliable destination for slot lovers.
ReplyDeleteNGO Experts make the process to start NGO feel simple and stress-free. Their team explains every legal step clearly and offers practical guidance at each stage. I appreciate their professionalism, quick response, and genuine commitment to helping social initiatives grow. If you want trusted support while setting up your NGO, NGO Experts are a great choice.
ReplyDelete