চিপকো আন্দোলন
চিপকো আন্দোলন (Chipko movement) চিপকো আন্দোলন হৈছে অৰণ্য (বনাঞ্চল) সংৰক্ষণ আন্দোলন ৷ ইয়াৰ আৰম্ভণি হৈছিল ১৯৭০ চনত হিমালয়ৰ পাদদেশত অৱস্থিত উত্তৰাখণ্ডত ৷সেইসময়ত উত্তৰাখণ্ড উত্তৰপ্ৰদেশৰ অংশ আছিল ৷ প্ৰথমে এই আন্দোলনটো জীৱিকা ৰক্ষাৰ আন্দোলন আছিল যদিও পিচত ই এক বৃহৎ পৰিবেশ ৰক্ষাৰ আন্দোলন হিচাবে চিহ্নিত হৈছিল ৷হিমালয়ৰ পাদদেশত অৱস্থিত গাড়োৱাল অঞ্চলত প্ৰচুৰ ভাবে থকা জিযা (Ash tree,যাৰ বৈজ্ঞানিক নাম Lannea coromandelica) নামৰ গছ কটাক লৈয়ে এই আন্দোলনৰ সুত্ৰপাত হৈছিল ৷এই গছৰ কাঠৰ পৰা বিভিন্ন খেলাৰ সঁজুলি নিৰ্মাণ কৰা হয় ৷গাড়োৱাল জিলাৰ চামোলি আৰু তেহৰি অঞ্চলৰ মানুহে এই গছৰ পৰাই জীৱিকা নিৰ্বাহ কৰিছিল ৷ লাহে লাহে বাহিৰৰ পৰা ঠিকাদাৰ সকল আহি এই গছক লৈয়ে ব্যবসায় আৰম্ভ কৰিবলৈ ধৰে ৷স্থানীয় লোকক এবছৰত মাত্ৰ ১০ দালৰ বিপৰীতে বাহিৰৰ লোকক ৩০০ জোপা গছ কটাৰ অনুমতি প্ৰদান কৰা হৈছিল ৷ তেতিয়া সেই অঞ্চলৰ গ...