শিহু বা নদী ডলফিন
শিহু বা নদী ডলফিন শিহু হৈছে ভাৰত, বাংলাদেশ আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি৷ এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালৰ প্ৰৱাহিত ইহঁতৰ উপনৈ সমূহত পোৱা যায়৷ ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত শিহুক জাতীয় জলচৰ প্ৰাণীৰ স্বীকৃতি দিছে৷ শিহুৱে কেৱল নদীতহে বাস কৰে আৰু সেয়েহে ইহঁত সাগৰীয় ডলফিনতকৈ বহুখিনি পৃথক৷সাগৰীয় ডলফিনবোৰ দৃষ্টিসক্ষম হোৱাৰ বিপৰীতে আমাৰ শিহুবোৰ সম্পূৰ্ণৰূপে অন্ধ বুলিব পাৰি৷ আটলাণ্টিক মহাসাগৰত উদ্ধাৰ হোৱা কিছুমান ফছিলৰ পৰা প্ৰমাণিত হৈছে যে শিহুৰ উপৰিপুৰুষবোৰ এসময়ত সাগৰতে বাস কৰিছিল৷ কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ বাবে এই প্ৰাণীবোৰ আহি নদীত বসবাস কৰিবলৈ ল’য়হি৷ নদীৰ ঘোলা পৰিবেশত শিহুৰ চকুৰ ব্যৱহাৰ লাহেলাহে নাইকিয়া হ’য়, যাৰ ফলত পাছলৈ বিৱৰ্তন হৈ ইহঁতে চকুৰ ব্যৱহাৰ কৰিবলৈ বাদ দিয়ে৷ চকুৰ সলনি শিহুৱে বাদুলি...