শিহু বা নদী ডলফিন
শিহু বা নদী ডলফিন
শিহু হৈছে ভাৰত, বাংলাদেশ আৰু নেপালৰ নদীত পোৱা ডলফিনৰ এক প্ৰজাতি৷ এই ডলফিনৰ প্ৰজাতি সাধাৰণতে গঙ্গা নদী আৰু ব্ৰহ্মপুত্ৰ নদ আৰু বাংলাদেশ আৰু নেপালৰ প্ৰৱাহিত ইহঁতৰ উপনৈ সমূহত পোৱা যায়৷ ভাৰত চৰকাৰে ২০০৯ চনৰ ৫ অক্টোবৰত শিহুক জাতীয় জলচৰ প্ৰাণীৰ স্বীকৃতি দিছে৷
শিহুৱে কেৱল নদীতহে বাস কৰে আৰু সেয়েহে ইহঁত সাগৰীয় ডলফিনতকৈ বহুখিনি পৃথক৷সাগৰীয় ডলফিনবোৰ দৃষ্টিসক্ষম হোৱাৰ বিপৰীতে আমাৰ শিহুবোৰ সম্পূৰ্ণৰূপে অন্ধ বুলিব পাৰি৷ আটলাণ্টিক মহাসাগৰত উদ্ধাৰ হোৱা কিছুমান ফছিলৰ পৰা প্ৰমাণিত হৈছে যে শিহুৰ উপৰিপুৰুষবোৰ এসময়ত সাগৰতে বাস কৰিছিল৷ কিছুমান প্ৰাকৃতিক পৰিঘটনাৰ বাবে এই প্ৰাণীবোৰ আহি নদীত বসবাস কৰিবলৈ ল’য়হি৷ নদীৰ ঘোলা পৰিবেশত শিহুৰ চকুৰ ব্যৱহাৰ লাহেলাহে নাইকিয়া হ’য়, যাৰ ফলত পাছলৈ বিৱৰ্তন হৈ ইহঁতে চকুৰ ব্যৱহাৰ কৰিবলৈ বাদ দিয়ে৷ চকুৰ সলনি শিহুৱে বাদুলিৰ দৰে চ’নাৰ সংকেত ব্যৱহাৰ কৰি চলন ফুৰণ আৰু চিকাৰৰ উপস্থিতি অনুধাৱন কৰে৷ চ’নাৰ সংকেতৰ জৰিয়তেই ইহঁতে নিজৰ মাজত কথাবতৰাও পাতে৷ প্ৰাপ্তবয়স্ক শিহু এটাৰ ওজন৭০--৯০ কেজি হ’য় আৰু দৈৰ্ঘ্য প্ৰায় ১'৫--৩ মিটাৰ হ’য়৷ ইহঁতৰ শৰীৰটো চিলিণ্ডাৰৰ নিচিনা আৰু মূখখন ঠোঁটৰ দৰে ঠেক আৰু জোঙা হ’য়, যাক ৰষ্ট্ৰাম বুলি কোৱা হ’য়৷ শিহুৰ দাঁতবোৰ ধাৰ থকা আৰু জোঙা৷ সাগৰীয় ডলফিনৰ দৰে পিঠিৰ ফালে এখন সৰু তিনিকোণীয়া ফিণ থাকে৷ মাছেই হ’ল শিহু প্ৰধান খাদ্য৷ নদীত থাকে বাবে বহুতে শিহুক মাছ বুলিয়েই ভাবে৷ আচলতে ইহঁত স্তন্যপায়ী প্ৰাণীহে৷ অন্য স্তন্যপায়ী প্ৰাণীৰ দৰে ইহঁতে পানীৰ তলত উশাহনিশাহ ল’ব নোৱাৰে আৰু উশাহ লবৰ বাবে কিছুসময়ৰ মূৰেমূৰে পানীৰ পৰা বাহিৰলৈ ওলায়৷ এনেদৰে উশাহনিশাহ লবলৈ ওলোৱাসোমোৱা কৰোতেই শিহুবোৰ আমাৰ দৃষ্টি গোচৰ হ’য়৷ মাছ ধৰিবৰ বাবেও শিহুবোৰ পানীৰ পৰা বাহিৰলৈ ওলায়৷
নদীতন্ত্ৰৰ খাদ্য শৃংখলত শিহুৰ উপস্থিতিয়ে এক উচ্চখাপৰ ভাৰসাম্য প্ৰদান কৰে৷ সেয়েহে শিহু বসবাস কৰা নদী সমূহৰ জলজ পৰিবেশতন্ত্ৰ অন্য নদীতকৈ উচ্চ গুণসম্পন্ন হ’য়৷ শিহু নদীৰ মোহনা, নদীদ্বীপ তথা বালিচৰৰ দাঁতিকাষৰীয়া সুঁতি আৰু নদীৰ ভাঁজ আদিত বেছিকৈ দেখা যায়৷ নদীৰ এই অঞ্চলবিলাকৰ বিশেষত্ব হ’লযে নদীৰ বাকীবোৰ অঞ্চলতকৈ ইয়াত জলজ উৎপাদনৰ হাৰ বেছি, ফলত বিভিন্ন ধৰণৰ মাছে এই অঞ্চলবোৰত খাদ্য আহৰণ কৰিবৰ বাবে প্ৰাধান্য দিয়ে, ইয়াৰ ফলত শিহুও এই অঞ্চলবোৰত বেছিকৈ দেখা যায়৷ বিভিন্ন কাৰণত নিৰ্মাণ কৰা নদী বান্ধ সমূহে নদীৰ গতি নিয়ন্ত্ৰণ কৰাৰ ফলত ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্য পূৰ্ণ অঞ্চল সমূহৰ অৱস্থানৰ সালসলনি হ’য়৷ ইয়েই লাহেলাহে শিহু আৰু মাছৰ উৎপাদনৰ সালসলনি ঘটায়৷ তাৰোপৰি শিহু থাকিবৰ বাবে প্ৰয়োজনীয় নদীৰ গভীৰতাৰো তাৰতম্য ঘটায়৷
বিভিন্ন কাৰণত বৰ্তমান শিহুৰ সংখ্যা কমি গৈছে৷ ওপৰত উল্লেখ কৰা কাৰণটোৰ বাহিৰেও মাছমৰীয়া সকলৰ মিহি সূতাৰ ফাঁচি জালত লাগিও শিহু আঘাতপ্ৰাপ্ত হ’য়৷ জোটপোট খায় আৰু ওপৰলৈ আহিব নোৱাৰাৰ ফলত উশাহ ল’ব নোৱাৰি মৃত্যু মূখত পৰে৷ বহুত ঠাইত হানিখুচিও শিহু হত্যা কৰে৷ শিহুৰ গাত বহুত চৰ্বি আছে আৰু কিছুমানৰ মতে এই চৰ্বি গাৰ বিষৰ মহৌষধ৷ শিহুৰ তেল টোপ হিচাপে ব্যৱহাৰ কৰি মাছো ধৰা হ’য়৷ কল কাৰখানাৰ পৰা ওলোৱা আৱৰ্জনা নদীত পেলাই দিয়া হ’য়, ফলত প্ৰদুষণৰ ফলতো বহুত শিহুৰ মৃত্যু হ’য়৷
অসমত ব্ৰহ্মপুত্ৰৰ উপৰিও কামৰূপৰ কুলসী লখিমপুৰৰ সোৱণশিৰি নদীত কিছু সংখ্যক বাচি ৰৈছেগৈ৷ ডিব্ৰুচৈখোৱা অভয়াৰণ্যতো শিহু দেখিবলৈ পোৱা যায়৷ যোৱাবছৰ ডিচেম্বৰ মাহৰ জনমভূমি কাকতৰ এটা বাতৰি অনুসৰি কলিয়াবৰৰ শিলঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত এজাক শিহুৱে জলকেলি কৰা দেখা গৈছিল৷ এই ঘটনাই বহু পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷
শিহুৰ সংখ্যা ক্ৰমাগত ভাৱে কমি অহালৈ চাই শিহুক Endangered শাখাত ৰখা হৈছে৷ আমি দূৰদৰ্শনত সাগৰীয় ডলফিনবোৰৰ খেলা উপভোগ কৰোঁ৷ কিন্তু আমি কিমানে আমাৰ নদীত থকা শিহু বা নদী ডলফিনবোৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ৷ আমি যদি সজাগ নহওঁ, অতি সোনকালে এই সুন্দৰ জীৱবিধ আমাৰ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব৷
স্মিতা ভাগৱতী
গুৱাহাটী
Comments
Post a Comment