Posts

Showing posts from May, 2021

গোলকীয় উষ্ণতা

গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ প্ৰভাব…..          গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ উষ্ণতা৷ গোলকীয় উষ্ণতা বৃদ্ধি হ’ল পৰিৱেশৰ প্ৰতি এক ভয়ানক প্ৰত্যাহ্বান৷ পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনকদিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ মূলতঃ মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজগৃহ গেছ সমূহৰ বাবে যোৱা শতিকাটোত হোৱা পৃথিৱীপৃষ্ঠৰ গড় উষ্ণতা ক্ৰমাগত বৃদ্ধিয়েই হ’ল গোলকীয় উষ্ণতা বৃদ্ধি৷             উষ্ণতা বৃদ্ধিৰ প্ৰাথমিক কাৰক সমূহ হ’ল---- সেউজগৃহ গেছ সমূহৰ ঘনত্ব বৃদ্ধি, সৌৰ দীপ্তি, আগ্নেয় উদ্গীৰণ আৰু সূৰ্য্যৰ চাৰিওপিনে পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন আদি৷            গোলকীয় উষ্ণতাৰ ফলত জৈৱবৈচিত্ৰ্যৰ অৱনতি ঘটিছে৷ জলচক্ৰৰ পৰিৱৰ্তন হৈ বৰষুণ অনিয়মিত হৈছে৷ যি অঞ্চলত অতিপাত বৰষুণ হৈছিল, সেই অঞ্চলত এতিয়া বৰষুণ কমি গৈ খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ খৰাং পৰিস্থিতিৰ বাবে বিশ্বৰ বহুতো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি ধ্বংসপ্ৰাপ্ত হ’ব বুলি ঠাৱৰ ক...

নদী বান্ধ

বৃহৎ নদীবান্ধ-------আজি এক বিভীষিকা    চমুকৈ নদীবান্ধ এনে এটা ব্যৱস্থা যাৰ সহায়ত নদী এখনৰ প্ৰৱাহিত পানীক প্ৰয়োজন মতে ধৰি ৰাখিব বা এৰিব পাৰি আৰু সেই পানীক বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হ’য়৷ লগতে কিছুমান আনুষংগিক উদ্দেশ্য হৈছে জলসিঞ্চন, বাননিয়ন্ত্ৰণ আদি৷ বৃহৎ নদীবান্ধ সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত বিশিষ্ট পৰিবেশবিদ সুন্দৰলাল বহুগুণাই কৈছিল“ নদীৰ স্বাভাৱিক গতিক বাধাগ্ৰস্ত কৰাটো উচিত নহয়৷ কাৰণ নদী মানে কেৱল পানীখিনিয়েই নহয়, ইয়াৰ লগত জড়িত জৈৱতন্ত্ৰটোও সাঙোৰ খাই আছে------”৷ পৃথিৱীৰ বিভিন্ন দেশত তিনি লাখৰ ওপৰৰ বান্ধ নিৰ্মাণ হৈছে৷ সত্তৰৰ দশকলৈকে পৃথিৱীৰ উন্নত তথা উন্নয়নশীল দেশসমূহত বহুতকেইটা বৃহৎ বান্ধ নিৰ্মাণ কৰা হ’ল৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিবেশবিদ সকলে বহুকেইটা নদী বান্ধৰ ওপৰত কৰা বস্তুনিষ্ঠ গৱেষণাত প্ৰকাশ পালে, বৃহৎ বান্ধৰ ঋণাত্মক দিশসমূহ৷ মানৱ সমাজ আৰু সভ্যতা তথা পৰিবেশৰ ভাৰসাম্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা বাবে বৃহৎ বান্ধ নিৰ্মাণৰ ধাৰণাটো উন্নয়নৰ পৰিপন্থী বুলি চিহ্নিত কৰিলে৷ ফলত আজি প্ৰথম বিশ্বৰ দেশসমূহতৰ প্ৰায়বোৰতে বৃহৎ বান্ধ নিৰ্মাণ নিষিদ্ধ৷     ...