অসমৰ অৰ্কিড------- এটি চমু অৱলোকন
কোনো এটা অঞ্চলৰ ভৌগোলিক তথা প্ৰাকৃতিক সম্পদসমূহৰ সৈতে তাৰ আবাসীসকলৰ মানসিক সম্পৰ্ক বিশ্বজনীন আৰু মানুহৰ সাংস্কৃতিক জীৱনবোধো তাৰ পৰাই উদ্ভূত হয়৷ বৰ্তমান প্ৰযুক্তি নিৰ্ভৰ পৃথিৱীখন ইমানেই প্ৰকৃতি বিমূখ হৈছে যে প্ৰাকৃতিক বস্তু সমূহ মানুহে মিউজিয়ামৰ বস্তুৰ দৰে চাবলৈ বাধ্য হৈছে৷ অৰ্কিডৰ দৰে বনজ সম্পদসমূহ অসমৰ গাঁৱে ভূঞে পোৱা যায় আৰু এইবোৰৰ সৈতে অসমীয়া মানুহৰ সাংস্কৃতিক সম্পৰ্ক আছিল৷ বিহুগীতত কপৌফুলৰ উল্লেখককে আদি কৰি আমাৰ উপৰিপুৰুষসকলে বিভিন্ন ধৰণৰ অৰ্কিডৰ নামকৰণ কৰি জাতীয় জীৱন চহকী কৰি যোৱাৰ উপৰিও ইয়াৰ ঔষধি গুণসমূহো চিনাক্ত কৰি থৈ গৈছে৷ কপৌফুল-- প্ৰতিজন অসমীয়াৰ মন পুলকিত কৰিব পৰা এটি নাম, এটি অনুভৱ৷ পৃথিৱীত অৰ্কিডৰ নিচিনাকৈ অন্য কোনো ফুলেই প্ৰকৃতিপ্ৰেমীসকলক ইমান আকৃষ্ট কৰিব পৰা নাই৷ আমি সচাৰাচৰ য’তে ত’তে দেখা অৰ্কিড তিনিবিধ কপৌ(Rhnchostylis), মতা কপৌ(Cymbidium) আৰু ভাটৌ ফুল(Vanda)৷ গছ-গছনিৰ আশ্ৰয়লৈ থাকিলেও ইহঁত পৰজীৱী নহয়, পৰাশ্ৰয়ী বা বায়বীয়হে(Epiphytic)৷ ৰ’দ, বৰষুণ, পচাপাত, নিয়ৰ...