Posts

Showing posts from May, 2020

সোনালী শৈশৱৰ স্মৃতি

 মোৰ জন্ম মনোমোহা পূবৰ স্কটলেণ্ড খ্যাত চিলঙত ৷বহুতো মিঠা মিঠা ,ভাল লগা স্মৃতি জৰিত হৈ আছে চিলঙৰ সৈতে ৷একেবাৰে সৰুতে Auxilium convent ত পঢ়িছিলো ৷ বিহাৰী দিদি চিঞ্চি( মই দিয়া নাম) ৰ বোকোচাত উঠি স্কুললৈ গৈছিলো ৷Auxilium ৰ কি সুন্দৰ পৰিবেশ আছিল ৷মোৰ অলপ অলপহে মনত আছে ৷গীৰ্জা ঘৰটো বৰ ধুনীয়া আৰু ডাঙৰ আছিল ৷প্ৰথম শ্ৰেণীলৈকে তাতে পঢ়িলো ৷দ্বিতীয় শ্ৰেণীৰ পৰা এটা বিশেষ পৰিস্থিতিৰ বাবে অসমীয়া স্কুলত পঢ়িব লগা হ’ল ৷আমাৰ স্কুল খনৰ নাম আছিল লাইটুমুখ্ৰা অসমীয়া স্কুল ৷বৰ মধুৰ স্মৃতি জৰিত হৈ আছে স্কুল খনৰ লগত ৷মলয়া,মীনাক্ষী,জয়শ্ৰী,মেঘালী,কৰবীহঁতৰ লগত কিমানযে ফুৰ্তি কৰিছিলো ৷মনত পৰিছে বিশ্বকৰ্মা পূজালৈ ৷ খুব বৰষুন দিছিল আগতে চিলঙত ৷চেপ্তেম্বৰ মাহলৈকে বৰষুণ কমাই নাছিল ৷ৰেইনকোট পিন্ধি আমি স্কুলৰ ওচৰতে থকা ফায়াৰব্ৰিগেদৰ অফিচলৈ যাওঁ ৷প্ৰসাদ আছিল ,নকুল দানা আৰু বাতাচা ৷তাকে থপিয়াথপি কৰি খাইছিলো ৷          স্কুলৰ পাচফালে এটা সৰু নিজৰা আছিল ৷বৰষুন দিলে বহুত পানী হ’য় তাত ৷আমি ৰেইনকোট আৰু গামবুট পিন্ধি পানী খচো,মাহঁতে গম নাপোৱাকৈ ৷স্কুলৰ পৰা আহোতে বাটত মাৰোৱাৰী বগৰ...