বৰ্ষাৰণ্য (Rain forest)
পৃথিৱীৰ বিষুৱ ৰেখাৰ দুয়োফালৰ অৰ্থাৎ কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ মাজৰ অঞ্চলক ক্ৰান্তীয় অঞ্চল নামেৰে জনা যায়৷ এনে অঞ্চলত দেখিবলৈ পোৱা অৰণ্যৰাজিক ক্ৰান্তীয় অৰণ্য বোলা হয়৷ এই অৰণ্য অঞ্চলক পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাবে চিহ্নিত হৈছে আৰু বৰ্ষাৰণ্য (Rain forest) বুলি কোৱা হৈছে৷ বৰ্ষাৰণ্য হৈছে এনেএক অৰণ্য ,য’ত অনেবৰতে সেমেকা বাতাবৰণে বিৰাজ কৰে৷ এনে অঞ্চলত বৰষুণৰ পৰিমাণ আশী ইঞ্চিতকৈ বেছি হোৱা দেখা যায়৷ অধিক বৰষুণৰ বাবে এই অৰণ্যবোৰত বৰষুণৰ পানী বাষ্পীকৰণ হৈ পুনৰ অৰণ্য ভুমিত আবৃত কৰি ৰাখে৷ সেয়ে বৰ্ষাৰণ্যত আদ্ৰতাৰ পৰিমান বেছি৷ এই অৰণ্য সমূহ জৈৱ বৈচিত্ৰ্যত অতি সমৃদ্ধ আৰু বছৰটোৰ সকলো সময়তে আৰ্দ্ৰ হৈ থাকে৷ ফলত বিভিন্ন প্ৰজাতিৰ বৃক্ষ, তৃণ, লতা আৰু প্ৰাণীৰ জন্ম আৰু বৃদ্ধিৰ অনুকুল পৰিবেশৰ সৃষ্টি কৰে৷ পৃথিৱীৰ প্ৰায় দুই লাখ পঁচিশ হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু বাৰ লাখ প্ৰজাতিৰ প্ৰাণীকুলৰ সৰহভাগৰে বাসস্থান এই বৰ্ষাৰণ্য৷ তদুপৰি বিশ্বৰ প্ৰায় পঞ্চাশ কোটি মানুহে প্ৰত্যক্ষ বা পৰো...