ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ আৰু সত্ৰ নগৰী মাজুলী ভ্ৰমণ

সৰুৰে পৰা বৰ হেঁপাহ আছিল নদী দ্বীপ /সত্ৰ নগৰী মাজুলীলৈ যাবলৈ ৷ অৱশেষত ২০১৬ চনৰ ১৭ জানুৱাৰীত সেই বিশেষ দিনটো  আহিল৷ মোৰ কন্যাৰ আৰু এটা আপত্তি আছিল অসমীয়া হৈ শিৱসাগৰৰ ঐতিহাসিক ঠাইবোৰেই নেদেখাৰ ৷ গতিকে আমি শিৱসাগৰ হৈ মাজুলীলৈ যোৱাৰ ঠিক কৰিলোঁ৷ আমি ১৭ জানুৱাৰীৰ দিনা সোনকালে খাই বই শিৱসাগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ৷ আবেলি ৪ মান বজাত আমি গোলাঘাট পালোহি ৷মোৰ ভিনদেউৰ ঘৰ গোলাঘাটত ৷ তাত কিছুসময় কটাই দেৰগাঁৱ হৈ শিৱসাগৰ পালোহি ৷ তাত চৰকাৰী অতিথি গৃহ “প্ৰশান্তি”ত আমাৰ থকাৰ ব্যৱস্থা আছিল ৷ইতিহাস প্ৰসিদ্ধ বৰ পুখৰীৰ পাৰত এই অতিথি গৃহ অৱস্থিত৷দেৰগাঁৱত ভণী জোৱাই নৱই কৈছিল “প্ৰশান্তিত থাকিলে ৰাতিপুৱা বৰপুখুৰীটো চাব , হিয়া জুৰ পৰি যাব”৷শিৱসাগৰ পাওতে ৰাতি হৈছিল আৰু আমি ভাত পানী খাই সোনকালে শুই থাকিলোঁ৷

                 ৰাতিপুৱা সাৰ পাই দুৱাৰ খন খুলি মই আনন্দত অভিভূত হৈ পৰিলোঁ৷ ছোৱালীকো জগাই দিলোঁ আৰু আমি দুজনী বাহিৰলৈ আহি বৰপুখুৰীটো দেখি ক’ব নোৱাৰা হৈ পৰিলোঁ৷ ইমান সুন্দৰ পৰিবেশ, বহুত হাঁহ চৰি আছে পুখুৰীত ৷আমি পুখুৰীৰ পাৰে পাৰে বহুত খোজ কাঢ়ি ঘুৰি আহিলোঁ কাৰণ আমাৰ সেই দিনটোত বহুত ফুৰিবলৈ আছে ৷গা-পা ধুই আমি ঐতিহাসিক শিৱদৌললৈ আহিলোঁ ৷বৰপুখুৰীৰপাৰতে এই দৌল অৱস্থিত ৷আহোম স্বৰ্গদেউ শিৱসিংহই ২য় পত্নীৰ নিৰ্দেশত ১৭৩১ চনত শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল নিৰ্মাণ কৰিছিল৷ লগতে বিশাল বৰপুখুৰীও খন্দাইছিল ৷শিৱদৌলৰ কাৰুকাৰ্য বৰ চকুত লগা ৷তাৰ পিচত শিৱসাগৰৰ পৰা ১৫ কিলোমিটাৰ দুৰত গড়গাঁৱত অৱস্থিত কাৰেংঘৰ চাবলৈ গলোঁ ৷এই ৰাজপ্ৰসাদটো পিৰামিড আকৃতিৰ এটা অতি সুন্দৰ প্ৰসাদ ৷কাৰুকাৰ্য চালে চকুৰোৱা ৷যত্নৰ অভাৱত কিছুমান অংশ নষ্ট হৈছে৷ তাৰপিচত তলাতল ঘৰ আৰু ৰংঘৰ চালোঁ৷ এই দুয়োটা কীৰ্তিচিহ্ন শিৱসাগৰৰ ওচৰতে অৱস্থিত ৷ তলাতল ঘৰ আহোমসকলৰ আটাইতকৈ ডাঙৰ কীৰ্তিচিহ্ন৷ ৰংঘৰ হৈছে এটা দুমহলীয়া পকীঘৰ ৷আহোম স্বৰ্গদেউ সকলে এই ভৱনটো পেভিলিয়ন হিচাবে ব্যৱহাৰ কৰিছিল৷এই দুইমহলাৰ ওপৰত বহি স্বৰ্গদেউসকলে ম’হযুঁজ, শেণযুঁজ আদি খেল সমূহ  উপভোগ কৰিছিল ৷ৰংপুৰ চহৰৰ ৰূপহী পথাৰত ১৭৪৬ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰাইছিল ৷আহোম ৰজাদিনীয়া এই কীৰ্তিচিহ্ন সমূহ দৰ্শন কৰি ভাত খাই আমি যোৰহাটলৈ আহিলোঁ , উদেশ্য নিমাতীঘাটৰ পৰা ফেৰীৰে প্ৰকৃতিৰ ৰম্যভূমি সত্ৰ নগৰী মাজুলীলৈ যাবলৈ বুলি ৷

           বিয়লি ৩'৩০ বজাত আমাৰ ফেৰী চলিবলৈ ধৰিলে ৷ডাঙৰ ফেৰী বহুত মানুহ, কেইবাখনো গাৰী আৰু বহুত দুচকীয়া বাহন৷ ফেৰীৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ অপৰূপ শোভা উপভোগ কৰি আমি গন্তব্যস্থান মাজুলী পালোগৈ ৷কিছুলোকে ফেৰীৰ পৰা নদীত শিহু দেখে বুলি গোটেই সময় খিনি বাহিৰতে কটালে ৷ পিচে আজিকালি শিহু বৰকৈ নোলায়৷ মাজুলী পাওঁতে ৰাতিয়েই হ’ল৷ ঠাণ্ডা দিন, ৰাস্তাত বৰকৈ গাৰী মটৰ নাই ৷ আমাৰ থকাৰ ব্যৱস্থা হৈছিল মাজুলীস্থিত চৰকাৰী অতিথি গৃহ প্ৰশান্তিত ৷ৰাতি সোনকালে খাইবই শুই থাকিলোঁ৷ পাচদিনা সোনকালে উঠি গা-পা ধুই তৈয়াৰ হ’লোঁ , সত্ৰ-নগৰী ফুৰিবলৈ৷ প্ৰথমে আমি আহিলোঁ বিখ্যাত আউনীআটী সত্ৰলৈ ৷এই সত্ৰ-- অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ আৰু আহোম ৰজা

জয়ধ্বজ সিংহই ১৬৫৩ চনত ইয়াক নিৰ্মাণ কৰিছিল৷ সত্ৰখনত নামঘৰ, মণিকুট, গুৰুগৃহ, ভকতৰ চাৰিহাটী, ধনভঁৰাল, চাউলভঁৰাল,কৰাপাটৰ উপৰিও নিজা বৈশিষ্ট্য সম্পন্ন কেইবাটাও অংশ আছে৷ ইয়াৰ ভিতৰত ৰাঙলীচৰা, পুথিভঁৰাল, যাদুঘৰ, আলহীঘৰ, সংস্কৃতটোল, ছপাশাল আৰু মুকলি ৰংগমঞ্চই প্ৰধান৷ বৰ বেছি সোনকাল হৈ আছিল বাবে আমাৰ মণিকুট আৰু যাদুঘৰ দৰ্শন কৰা নহল৷তাৰ পিচত আমি গড়মূৰ সত্ৰ, উত্তৰ কমলা বাৰী সত্ৰ , দক্ষিণপাট সত্ৰ ,চামগুৰি সত্ৰ আৰু বেঙেনাআটী সত্ৰ দৰ্শন কৰিলোঁ ৷

        অসমৰ চাৰি ৰাজসত্ৰৰ আন এখন হৈছে গড়মূৰ সত্ৰ৷ আগতে গড়মূৰ সত্ৰত অতুল ঐশ্বৰ্য সম্পত্তি আছিল ৷ ১৮৩৬ চলত ডেভিদ স্কটৰ ইস্তাহাৰত সন্মতি নিদি ইংৰাজৰ অনুগত্য স্বীকাৰ নকৰাৰ বাবে সত্ৰৰ ২৪০০ পুৰা লাখেৰাজ ভূমি বৃত্তি পৰিত্যাগ কৰিব লগা হয়৷ বৰ্তমান সত্ৰ খন বিশেষকৈ ইচ্ছাকৃত বৰঙনিৰ ওপৰতে চলি আছে৷

         উত্তৰ কমলাবাৰী সত্ৰ এখন অতি পুৰণা সত্ৰ৷ সত্ৰৰ পৰিবেশ অতি মনোৰম দুটা পুখুৰীৰ সৈতে৷ অতিথি সকলৰ বাবে থকা গৃহটোও মনোৰম৷ এই সত্ৰৰ মণিকুটত গুৰু আসনহে আছে৷

          দক্ষিণপাট সত্ৰ আন এখন ৰাজসত্ৰ৷ আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত এই সত্ৰ মাজুলীত স্থাপন কৰা হয়৷ এই সত্ৰৰ মনিকুট বৰ চকুতলগা আৰু ইষ্ট দেৱতাৰ মুৰ্তি হৈছে শ্ৰী শ্ৰী যাদৱৰাই মহাপ্ৰভু৷ এই সত্ৰৰ পৰিৱেশ অতি সুন্দৰ , দুটা বৃহৎ পুখুৰীয়ে সত্ৰৰ শোভা আৰু বঢ়াইছে৷ সত্ৰৰ যাদুঘৰো চকুত লগা৷ বৰ্তমান দক্ষিণপাট সত্ৰৰ চ’ৰাত স্থাপন কৰা হৈছে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ তাঁতশাল৷ কালৰ বুকুত হেৰাই যাবলৈ ধৰা গুৰুজনাই সৃষ্টি কৰা বৃন্দাবনী বস্ত্ৰ অনুকৃতিমূলক ভাৱে বয়নৰ সিদ্ধান্ত গ্ৰহণ কৰে দক্ষিণপাট সত্ৰই৷ ৩৫৬ বছৰীয়া সোণোৱালী পৃষ্ঠাৰে ভৰা ঐতিহাসিক দক্ষিণপাট সত্ৰই এক যুগান্তকাৰী সিদ্ধান্ত ল’লে৷ শ্ৰী শ্ৰী যাদৱ ৰায়ৰ চৰণত পূজা অৰ্চনাৰে ৰাজসত্ৰৰ ঐতিহ্য অটুত ৰখাৰ উদেশ্যৰে পোন প্ৰথমবাৰৰ বাবে শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ আৰ্হিত প্ৰতিষ্ঠা কৰা হয় গুৰু আসন৷

            চামগুৰি সত্ৰ মূখা শিল্পৰ বাবে বিখ্যাত৷ মূখা শিল্প অসমৰ এক প্ৰাচীন লোককলা৷ শ্ৰীমন্তশঙ্কৰদেৱক মূখা শিল্পৰ জনক বুলি কোৱা হ’য়৷ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী কোষকান্ত দেৱগোস্বামীয়ে মূখা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যায়৷ মূখাৰ ব্যৱহাৰ সাধাৰণতে ভাওনা, ৰাস আদিত দেখিবলৈ পোৱা যায়৷সত্ৰৰ বিষয়বৱীয়া এজনে বিভিন্ন মূখা সমুহৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰিছিল৷

           সৰ্বশেষত বেঙেনাআটী সত্ৰ দৰ্শন কৰিবলৈ আহিলোঁ৷১৬২৬ চনত পুৰুষোত্তম ঠাকুৰৰ আজ্ঞা মতে মুৰাৰী দেৱে শ্ৰী শ্ৰী বেঙেনাআটী সত্ৰ প্ৰতিষ্ঠা কৰে৷ খহনীয়াৰ বাবে স্থানান্তৰ হৈ বৰ্তমান কমলাবাৰী সত্ৰৰ পূব দিশত অৱস্থান কৰিছে৷ সোণপানী চৰোৱা ৰাজচক্ৰ, আহোম ৰাজপোছাক, ধাতুৰ কাৰুকাৰ্য খচিত আচৱাব আদি এই সত্ৰৰ ঐতিহাসিক সম্পদ৷ ফাকুৱা এই সত্ৰৰ এক পৰম্পৰাগত উৎসৱ৷

         সুন্দৰ, সুন্দৰ পৰিৱেশত অৱস্থিত সত্ৰৰ সমূহ বৰ চালে চকুত লগা৷ সময়বোৰ কেনেকৈ পাৰ হৈ গ’ল গমেই নাপালোঁ৷ তিনিবাজি গ’ল আৰু আমাৰ ঘূৰি যোৱাৰ সময় পালেহি৷ আমি আকৌ ফেৰীৰে বিশাল ব্ৰহ্মপুত্ৰ পাৰ হ’লো৷ বৰলুইতক দেখি ভূপেনদাৰ চিৰযুগমীয়া গানটো মনলৈ আহিল “মহাবাহু ব্ৰহ্মপুত্ৰ, মহামিলনৰ তীৰ্থ/ক’ত যুগ ধৰি আহিছে প্ৰকাশি সমন্বয়ৰ অৰ্থ”৷ উভতনি যাত্ৰাত জখলাবন্ধাত কিবা অলপ খাই ৰাতি দহবজাত গুৱাহাটী পালোহি৷ শিৱসাগৰ আৰু মাজুলীৰ অলেখ স্মৃতি বুকুত সাৱটি ভাগৰত কেতিয়া টোপনি আহিল গমেই নাপালোঁ ৷


Comments

Popular posts from this blog

অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী

নদী বান্ধ

অৰণ্য ধ্বংস