পাখুই অভয়াৰণ্য...
Pakhui or Pakke Wildlife Sanctuary--- A colourful abode of fauna and flora in the magnificant Himalayas…. পাখুই বা পাকে অভয়াৰণ্য পূব হিমালয়ৰ পাদদেশত অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত অৱস্থিত৷ ১৯৭৭চনত এই অৰণ্যক অভয়াৰণ্য আৰু ২০০২ চনত প্ৰজেক্ট টাইগাৰৰ অন্তৰ্গত ব্যাঘ্ৰ প্ৰকল্প ঘোষণা কৰা হয়৷ এই অৰণ্য অৰ্ধ সেউজ( semi green), চিৰসেউজ( ever green) আৰু পূব হিমালয়ৰ বহল পাত(eastern Himalayan broad leaf)ৰ অভয়াৰণ্য৷ জৈৱবৈচিত্ৰৰ ফালৰ পৰা বৰ চহকী এই অৰণ্য৷ ইয়াত প্ৰায় ২০০০ প্ৰজাতিৰ গছ আছে৷ তাৰে ৩০০ মান সপুষ্পক৷ নানাবিধ অৰ্কিডৰ ৰম্যভূমি এই অৰণ্য৷ ৩০০ৰ ওপৰ চৰাই প্ৰত্যক্ষ কৰা হয় ইয়াত৷ এই অৰণ্য কাঠৰোকা চৰাই(Hornbill) আৰু white winged wood duckৰ বাবে বিখ্যাত৷ ৮৬২ বৰ্গ কিলোমিটাৰ যোৰা এই অৰণ্য ২০১৬ চনত India biodiversity awardৰে সন্মানিত কৰা হয়৷ এই সন্মান নিম্নলিখিত শিতানত দিয়া হয়--- In the category of conservation of threatened species for its Hornbill nest Adoption Program৷ বৃহৎ গছৰ উপৰিও এই অৰণ্য...