পাখুই অভয়াৰণ্য...

Pakhui or Pakke Wildlife Sanctuary--- A colourful abode of fauna and flora in the magnificant Himalayas….


        পাখুই বা পাকে অভয়াৰণ্য পূব হিমালয়ৰ পাদদেশত অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত অৱস্থিত৷ ১৯৭৭চনত এই অৰণ্যক অভয়াৰণ্য আৰু ২০০২ চনত প্ৰজেক্ট টাইগাৰৰ অন্তৰ্গত ব্যাঘ্ৰ প্ৰকল্প ঘোষণা কৰা হয়৷ এই অৰণ্য অৰ্ধ সেউজ( semi green), চিৰসেউজ( ever green) আৰু পূব হিমালয়ৰ বহল পাত(eastern Himalayan broad leaf)ৰ অভয়াৰণ্য৷ জৈৱবৈচিত্ৰৰ ফালৰ পৰা বৰ চহকী এই অৰণ্য৷ ইয়াত প্ৰায় ২০০০ প্ৰজাতিৰ গছ আছে৷ তাৰে ৩০০ মান সপুষ্পক৷ নানাবিধ অৰ্কিডৰ ৰম্যভূমি এই অৰণ্য৷ ৩০০ৰ ওপৰ চৰাই প্ৰত্যক্ষ কৰা হয় ইয়াত৷ এই অৰণ্য কাঠৰোকা চৰাই(Hornbill) আৰু white winged wood duckৰ বাবে বিখ্যাত৷ ৮৬২ বৰ্গ কিলোমিটাৰ যোৰা এই অৰণ্য ২০১৬ চনত India biodiversity awardৰে সন্মানিত কৰা হয়৷ এই সন্মান নিম্নলিখিত শিতানত দিয়া হয়--- In the category of conservation of threatened species for its Hornbill nest Adoption Program৷

           বৃহৎ গছৰ উপৰিও এই অৰণ্যত ৮ বিধ বাঁহৰ প্ৰজাতি, ৫ বিধ বেঁত আৰু বহুত তকৌ গছ  আছে৷ তদুপৰি ঔ-টেঙা, দুষ্প্ৰাপ্য বৰহমথুৰি, কৰৈ, চেমাল আদিও পোৱা যায়৷ জীৱজন্তুৰ ভিতৰত ঢেকীয়াপতীয়া, লতামাকৰি, নাহৰফুটুকী, বনৰীয়া কুকুৰ, এছিয় শিয়াল, হাতী, Barking deer, Gaur, Sambhar, কেইবাপ্ৰকাৰৰ বান্দৰ আদি প্ৰত্যক্ষ হয় ইয়াত৷

           উত্তৰ আৰু পশ্চিমে কামেং নদী আৰু পূবে পাকে নদীয়ে এই অভয়াৰণ্যৰ ৰূপত ৰহণ চৰাইছে৷ নৱেম্বৰৰ পৰা মাৰ্চলৈকে সময়খিনিত এই অভয়াৰণ্য ভ্ৰমণৰ বাবে অনুকূল৷ জিপ চাফাৰীৰে এই অৰণ্যখন ভ্ৰমণৰ সুৱিধা আছে৷ তাৰ স্থানীয় জনগোষ্ঠী হৈছে নিশি৷ তেওঁলোকৰ পৰম্পৰাগত উৎসৱৰ সময়ত পাখুইলৈ গ’লে, তেওঁলোকৰ নৃত্য-গীতৰ লগতে বিভিন্ন আহাৰৰো সোৱাদ ল’ব পাৰি৷ মুঠতে আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাকে বা পাখুই অভয়াৰণ্য এখন উল্লেখযোগ্য পৰ্যটনস্থলী৷


       স্মিতা ভাগৱতী

         গুৱাহাটী

         

Comments

Popular posts from this blog

অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী

নদী বান্ধ

অৰণ্য ধ্বংস