“Mawphlang Sacred grove” ত এটি দিন

জন্মভূমি চিলঙে প্ৰায়ে ৰিঙিয়াই মাতি থাকে, সেয়ে সুবিধা পালে চিলঙলৈ ধপলিয়াই যাওঁ৷ ১৯৭২ চনলৈকে মেঘালয় অসমৰ ভিতৰতে আছিল৷ তেতিয়া অসমৰ ৰাজধানী আছিল চিলং৷ প্ৰকৃতিয়ে মেঘালয়ক ভৰপুৰ ৰূপে সজাবলৈ অকণো কৃপণালি কৰা নাই৷ পাহাৰীয়া ৰাজ্যখনৰ ৰূপৰ তুলনা নাই৷ পৰ্যটন ক্ষেত্ৰত মেঘালয় বহুত আগবঢ়া৷ পৃথিৱীৰ বহুত ঠাইৰ পৰা  পৰ্যটক আহে এই পাহাৰীয়া ৰাজ্য খনৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ৷

চিলঙৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰত অৱস্থিত এডোখৰ ঠাইলৈ বৰ যাবলৈ মন আছিল৷ সেয়ে দুবছৰৰ আগতে আগষ্ট মাহৰ ৭ তাৰিখে তালৈ যাবলৈ সুযোগ পালোঁ৷ সেই ঠাই খন হৈছে “Mawphlang sacred grove”৷ প্ৰায় ১৯২ একৰ মাটি কালিৰে এই অৰণ্যখন গঠন হৈছে৷ আচৰিত কথা যে এই অৰণ্যখনৰ চাৰিওপিনে ঘাহঁনিৰে আৱৰা, মাত্ৰ এই পৱিত্ৰ অৰণ্যখন ডাঠ গছ-গছনিৰে ভৰি আছে৷ এই হাবিখনৰ প্ৰৱেশদ্বাৰত তিনিটা ডাঙৰ শিল (Monolith stone) দেখিবলৈ পোৱা যায়৷ খাছী জনবিশ্বাস অনুসৰি লাবাছা নামৰ নামৰ দেৱতাই এই অৰণ্যখন ৰক্ষা কৰে৷ তেওঁলোকৰ বিশ্বাস অনুসৰি এই হাবিখনৰ পৰা একো আনিব নোৱাৰি, লাগিলে এটুকুৰা কাঠৰ টুকুৰা, এটা গছৰ পাত বা এটা শিলগুটিয়েই হওক৷ যদি কোনোবাই কিবা আনে, তেন্তে অৰণ্য খনত থকা দেৱতা অসন্তুষ্ট হয় আৰু আনোতাজনৰ অমঙ্গল হয়৷ অৰণ্যখনৰ ভিতৰত নিজে ফুৰিব নোৱাৰি, ৰাস্তা হেৰুৱাৰ ভয় থাকে৷ তাৰ স্থানীয় গাইডেহে ফুৰাই দিয়ে আৰু হাবিখনৰ বিষয়ে সুন্দৰকৈ বুজাই দিয়ে৷ প্ৰকাণ্ড গছেৰে ভৰপুৰ অৰণ্য খনৰ ভিতৰত সোমালে এটা পৱিত্ৰ ভাৱেৰে ভৰি পৰে৷ ওপৰলৈ চালে এনে লাগে যেন গছবোৰ লগ লাগি আছে৷ এই গছবোৰৰ কিছুমান হেজাৰ বছৰৰ পুৰণা৷ বহুত ৰুদ্ৰাক্ষৰ গছ আছে এই অৰণ্য খনত আৰু ইয়াৰ গুটিবোৰ পূজাত ব্যৱহাৰ হয়৷ Sacred groveৰ কিছুমান উদ্ভিদ অকল এই অৰণ্য খনতহে পোৱা যায়৷ ৰঙীন কাঠফুলা, বিভিন্ন প্ৰকাৰৰ ঢেঁকীয়া, অৰ্কিডৰে অৰণ্য খন ভৰি আছে৷ ইয়াত lily cobra বুলি বিষাক্ত উদ্ভিদ আছে৷ কথিত আছে যে এই অৰণ্যৰ কিছুমান উদ্ভিদৰ ঔষধি গুণ আছে৷ আনকি কেঞ্চাৰৰ নিচিনা ৰোগো ইয়াৰ পৰা উপশম হয় বুলি তাৰ স্থানীয় সকলে বিশ্বাস কৰে৷

       Sacred grooveৰ ভিতৰত মাজেমাজে কিছুমান ঠাইত দুৱাৰমুখত থকাৰ নিচিনা শিল দেখিবলৈ পোৱা যায়৷ কিছুমান শিলত বহি তাৰ স্থানীয় লোকসকলে গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰে৷ তেওঁলোকে তাত অৰণ্য দেৱতাক কুকুৰা আদি উছৰ্গা কৰে৷ জনবিশ্বাস আছে যে দেৱতা সন্তুষ্ট হ’লে বাঘৰ ৰূপ ল’য় আৰু অসন্তুষ্ট হলে সাপৰ ৰূপ ধাৰণ কৰে৷ তেওঁলোকৰ মতে দেৱতা সন্তুষ্ট হলে গাৱঁৰ উন্নতি হয়৷ নতুন ৰজা নিৰ্বাচিত হলেও দেৱতালৈ জীৱজন্তু উছৰ্গা কৰে৷ লিণ্ড বংশৰ লোকসকলে এই অৰণ্য খনৰ তদাৰক কৰে৷ Khasi Heritage Conservative Forum ৰ নেতৃত্বত তিনিদিনীয়া Monolith উৎসৱ ইয়াত অনুস্থিত হয়৷ প্ৰকৃতিক প্ৰধানকৈ পুজা কৰা হ’য় এই উৎসৱত৷

      ১৯৭০ চনত এবাৰ সেনাই এই পৱিত্ৰ অৰণ্য খনৰ ভিতৰৰ পৰা কাঠৰ টুকুৰা আনিবলৈ চেষ্টা কৰিছিল৷ শুনিবলৈ পোৱা মতে কাঠ আনিবলৈ যোৱা গাৰীবোৰ লৰচৰ কৰিবই নোৱাৰিলে বোলে৷ এই জনবিশ্বাস বোৰৰ বাবেই এই অৰণ্য খন ইমান সুন্দৰ হৈ হেজাৰ বছৰৰ পৰা অক্ষত অৱস্থাত আছে৷ গোটেই অৰণ্য খন ফুৰিবলৈ এঘণ্টা লাগে৷ কেনেকৈ ইমান সময় অলপো জিৰণি নোলোৱাকৈ ফুৰিলো, গমেই নাপালোঁ৷ অৰণ্য দেৱতা লাবাছাক সেৱা জনাই Sacred grove ৰ পৰা ওলাই আহি গাৰীত বহিলোহি৷ চিলঙৰ কথা মনত পৰিলে প্ৰায়ে এই সুন্দৰ অৰণ্য খনৰ স্মৃতিয়ে আমনি কৰে৷ 


Comments

Popular posts from this blog

অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী

নদী বান্ধ

অৰণ্য ধ্বংস