বৰ্ষাৰণ্য (Rain forest)
পৃথিৱীৰ বিষুৱ ৰেখাৰ দুয়োফালৰ অৰ্থাৎ কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ মাজৰ অঞ্চলক ক্ৰান্তীয় অঞ্চল নামেৰে জনা যায়৷ এনে অঞ্চলত দেখিবলৈ পোৱা অৰণ্যৰাজিক ক্ৰান্তীয় অৰণ্য বোলা হয়৷ এই অৰণ্য অঞ্চলক পৃথিৱীৰ আটাইতকৈ সমৃদ্ধিশালী আৰু চহকী অৰণ্য হিচাবে চিহ্নিত হৈছে আৰু বৰ্ষাৰণ্য (Rain forest) বুলি কোৱা হৈছে৷
বৰ্ষাৰণ্য হৈছে এনেএক অৰণ্য ,য’ত অনেবৰতে সেমেকা বাতাবৰণে বিৰাজ কৰে৷ এনে অঞ্চলত বৰষুণৰ পৰিমাণ আশী ইঞ্চিতকৈ বেছি হোৱা দেখা যায়৷ অধিক বৰষুণৰ বাবে এই অৰণ্যবোৰত বৰষুণৰ পানী বাষ্পীকৰণ হৈ পুনৰ অৰণ্য ভুমিত আবৃত কৰি ৰাখে৷ সেয়ে বৰ্ষাৰণ্যত আদ্ৰতাৰ পৰিমান বেছি৷
এই অৰণ্য সমূহ জৈৱ বৈচিত্ৰ্যত অতি সমৃদ্ধ আৰু বছৰটোৰ সকলো সময়তে আৰ্দ্ৰ হৈ থাকে৷ ফলত বিভিন্ন প্ৰজাতিৰ বৃক্ষ, তৃণ, লতা আৰু প্ৰাণীৰ জন্ম আৰু বৃদ্ধিৰ অনুকুল পৰিবেশৰ সৃষ্টি কৰে৷ পৃথিৱীৰ প্ৰায় দুই লাখ পঁচিশ হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু বাৰ লাখ প্ৰজাতিৰ প্ৰাণীকুলৰ সৰহভাগৰে বাসস্থান এই বৰ্ষাৰণ্য৷ তদুপৰি বিশ্বৰ প্ৰায় পঞ্চাশ কোটি মানুহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বৰ্ষাৰণ্যৰ ওপৰতে নিৰ্ভৰশীল৷ এই অৰণ্যসমূহ ধংস হোৱা মানে পৃথিৱীৰ আধা অংশ উদ্ভিদ আৰু প্ৰাণী চিৰকাললৈ লুপ্ত হোৱা৷
বৰ্ষাৰণ্যৰ স্তৰ---- বৰ্ষাৰণ্যৰ উদ্ভিদ সমূহৰ চাৰিটা প্ৰধান স্তৰ থাকে৷
(১) ভূমি সংলগ্ন স্তৰ(Herb layer)-এই স্তৰ অৰ্থাৎ অৰণ্যৰ ভূমি ভাগ বিভিন্ন ঢেঁকীয়াজাতীয় উদ্ভিদ, গুল্মজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কচু, বেত, ঘাঁহ আৰু পাতাবাহাৰৰ দৰে ৰঙীন গছেৰে পৰিপূৰ্ণ হৈ থাকে৷
(২) নিম্ন স্তৰ(Understory layer)--কিছুমান অপৈণত গছ আৰু জোপোহা গছৰ সমষ্টিয়ে হৈছে নিম্ন স্তৰ৷
(৩) মধ্যস্তৰ(Canopy layer)--এই স্তৰৰ গছবোৰ সাধাৰণতে চেপেটা আৰু ৬৫ৰ পৰা ১০০ ফুট পৰ্যন্ত ওখ হয়৷
(৪)শীৰ্ষ স্তৰ(Emergent layer)-- শীৰ্ষ স্তৰৰ গছবোৰ সাধাৰণতে ১১৫ ফুটৰ পৰা ১৫০ ফুট পৰ্যন্ত ওখ হয়৷ এনেধৰণৰ বৃক্ষৰ পাতবোৰ সৰু আৰু দেখাত এটা মেলি থোৱা ছাতিৰ দৰে,গা-গছডাল ওখ আৰু খীণ৷ হোলোং, মেকট আদি এই শ্ৰেণীৰ গছ৷
বৰ পৰিতাপৰ কথা হ’ল সমগ্ৰ পৃথিৱীতে বৰ্ষাৰণ্যৰ পৰিমাণ মাত্ৰ ৭%হে৷ যোৱা কেইবছৰমানৰ আগতে পৃথিৱীৰ উপৰিভাগত প্ৰায় বিশ শতাংশ এনে অৰণ্য আছিল৷
দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা অঞ্চলৰ আমাজান বৰ্ষাৰণ্যখন বিশ্বৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য৷ আমাৰ ভাৰতবৰ্ষতো এনে বহু বৰ্ষাৰণ্য দেখিবলৈ পোৱা যায়৷ উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসমৰ অৰণ্যভূমিত দেখিবলৈ পোৱা কেতবোৰ বৈশিষ্ট্যই, অসমৰ মাটিত ক্ৰান্তীয় বৰ্ষাৰণ্যৰ উপস্থিতি তথা অস্তিত্বৰ সম্ভেদ দিয়ে৷ উজনি অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত জয়পুৰ আৰু দিহিং সংৰক্ষিত বনাঞ্চল, তিনিচুকীয়া জিলাৰ দিৰাক সংৰক্ষিত বনাঞ্চল আৰু ধেমাজি জিলাৰ জোনাইত অৱস্থিত পবা সংৰক্ষিত বনাঞ্চল কেইখন হৈছে অসমৰ উল্লেখযোগ্য বৰ্ষাৰণ্য৷ এই প্ৰতিখন অৰণ্যই জৈৱ-বৈচিত্ৰৰ অক্ষয় ভাণ্ডাৰ৷
অভয়াৰণ্য হিচাপে স্বীকৃত দিহিং-পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য৷ জয়পুৰ, ডিৰাক আৰু আপাৰ দিহিঙ সাঙুৰি দিহিং-পাটকাই অভয়াৰণ্য ঘোষণা কৰা হয়৷এই সমগ্ৰ অঞ্চলটোত ৪২ বিধ স্তন্যপায়ী প্ৰাণী, ২৯৩ বিধ বনৰীয়া চৰাই, ৪০ বিধ পখিলা চিনাক্ত কৰা হৈছে৷ এই বৰ্ষাৰণ্য পৃথিৱীৰ ভিতৰতে বান্দৰজাতীয় প্ৰাণীৰ অন্যতম সৰ্বোৎকৃষ্ট বাসস্থান৷ বিলুপ্তপ্ৰায় হলৌ বান্দৰ একমাত্ৰ দিহিং পাটকাইতহে পোৱা যায়৷ নামচাং আৰু বুঢ়ী-দিহিঙৰ সংগমস্থলী দিহি-পাটকাই, সেয়েহে বিভিন্ন প্ৰজাতিৰ মাছ আৰু অভ্যন্তৰৰ পিতনিবোৰ দেওহাঁহৰ আদৰ্শ বাসস্থান৷বিশ্বৰ ভিতৰতে বেছি দেওহাঁহ ইয়াতে দেখিবলৈ পোৱা যায়৷ এই বৰ্ষাৰণ্যত প্ৰধানকৈ হোলোং,মেকাই, উৰিয়াম, নাহৰ, চামকঁঠাল,ভেলু, শিমলু,ঔ-টেঙা আৰু বিভিন্ন প্ৰজাতিৰ ডিমৰু বৃক্ষ পৰিলক্ষিত হয়৷
উজনিৰ আন এখন সমৃদ্ধিশালী বৰ্ষাৰণ্য হৈছে ধেমাজি জিলাৰ জোনাই মহকুমাত অৱস্থিত পবা বনাঞ্চল৷ এই বৰ্ষাৰণ্য ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আৰু অৰুণাচল প্ৰদেশৰ লগত সংলগ্ন৷ পবা অঞ্চলৰ উত্তৰে অৰুণাচল, পূব দিশত কবু চাপৰি আৰু ডিব্ৰু ছৈ-খোৱা ৰাষ্ট্ৰীয় উদ্যান৷ অৰুণাচলৰ দি ইৰিং, লক্ষ্মী ৰিৰ্জাভ আৰু ৰুকচিন মহকুমাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল সমূহে পবাক সংগঠিত ৰূপত ৰাখিছে৷ ব্ৰিটিছ শাসন কালতো এই অঞ্চলযে দুৰ্গম আছিল তাৰ উদাহৰন পোৱা যায়৷ এই বনাঞ্চলৰ ভূ-প্ৰকৃতি গঠন অসমৰ অন্যান্য অৰণ্যবোৰতকৈ পৃথক৷ ইয়াৰ বৃক্ষ বিন্যাস প্ৰক্ৰিয়া সুকীয়া৷ পৰিবেশবিদসকলৰ মতে পৃথিৱীৰ অন্যতম সেমেকা অঞ্চলৰূপে খ্যাত হিমালয় পৰ্বতমালাৰ জৈৱ মণ্ডলত পবা অন্তৰ্গত৷ এই বনাঞ্চলৰ আটাইতকৈ উল্লেখনীয় দিশটো হৈছে যে ইয়াত বিভিন্ন প্ৰজাতিৰ শলখ গছৰ বননি দেখিবলৈ পোৱা যায়৷ তদুপৰি পবা বনাঞ্চল অৰ্কিডৰ বাবে বিখ্যাত৷ বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে ইয়াত মাটিত ফুলা আপুৰুগীয়া কপৌফুল পোৱা যায়৷ পবাত প্ৰায় ২১৮বিধ বনৰীয়া চৰাই, ২১ বিধ স্তন্যপায়ী প্ৰাণী, ২৬০ বিধ উদ্ভিদ আৰু অলেখ প্ৰজাতিৰ পখিলাৰ সন্ধান পোৱা গৈছে৷ ঔষধি উদ্ভিদৰ ক্ষেত্ৰতো পবা অত্যন্ত চহকী৷দিহিং-পাটকাইৰ পিছতে অসমত সন্ধান পোৱা দ্বিতীয় খন বৰ্ষাৰণ্যই হৈছে পবা৷এই বৰ্ষাৰণ্যখনকো স্থায়ী সংৰক্ষণৰ উদ্দেশ্য অভয়াৰণ্যৰ স্বীকৃতি দিয়াৰ সময় আহি পৰিছে৷ অনেক সংকট আৰু দুৰ্ভাৱনাৰ মাজত দিন কটোৱা পবাক অচিৰেই অভয়াৰণ্য হিচাবে ঘোষণা কৰিলে, অসমৰ প্ৰাকৃতিক, অৰ্থনৈতিক আৰু পৰ্যটন উদ্যোগেও নতুন মোৰ ল’ব৷
বৰ্ষাৰণ্যত আছে মানুহৰ বিকল্প খাদ্য৷ এতিয়াও বৰ্ষাৰণ্যত হাজাৰ হাজাৰ প্ৰজাতিৰ উদ্ভিদ, ফলমূল ইত্যাদি আছে৷ যিবোৰ মানুহে এসময়ত ব্যাপক হাৰত খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ এই অনাবিষ্কৃত খাদ্য সম্ভাৰে ভৱিষ্যত প্ৰজন্মৰ ক্ষুধা নিবাৰণ কৰিব আৰু পুষ্টিৰ যোগান ধৰিব৷
এই অৰণ্য সমূহক সুৰক্ষা প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব৷ কাৰণ অৰণ্য থাকিলেহে আমি জীয়াই থাকিব পাৰিম৷ বৰ্তমান সময়ত বিভিন্ন কাৰণত অৰণ্য ধ্বংস হৈ আছে৷ মানুহে উদ্যোগ স্থাপন, জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ উদ্দেশ্য এই অৰণ্য সমূহ আবিৰত ভাবে ধ্বংস কৰি আহিছে৷ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনে অহৰহ চেষ্টা চলাই আহিছে, এই ধ্বংস কাৰ্য্য ৰোধ কৰিবলৈ৷
শেহতীয়া খবৰ অনুসৰি অৰুনাচল প্ৰদেশৰ দিবাং উপত্যকাৰ প্ৰতি ভাবুকি আহি পৰিছে৷ Etalin hydroelectric projectৰ অন্তৰ্গত Dibang Multipurpose project বুলি, এটা বান্ধ নিৰ্মাণৰ কথাবতৰা চলি আছে৷ এই উপত্যকাৰ জৈৱ-বৈচিত্ৰৰ সমাহাৰৰ তুলনা পাবলৈ নাই৷ বহুত বছৰৰ পুৰণা প্ৰকাণ্ড গছ আৰু দুৰ্লভ বন্যপ্ৰাণীৰে ভৰপুৰ এখন বৰ্ষাৰণ্যৰ বাবে এই উপত্যকা বিখ্যাত৷ এই অৰণ্য Red panda, ছয় বিধ ভিন্ন প্ৰকাৰৰ সোণালী মেকুৰী, বনৰীয়া শিয়াল, Goat antelope আদি বিলুপ্তপ্ৰায় প্ৰাণীৰ বাবে জনাজাত৷ তদুপৰি ইয়াত বাঘো পোৱা যায়৷ বাঘ সাধাৰণতে ইমান উচ্চতাত পোৱা নাযায়৷ কিন্তু এই বৰ্ষাৰণ্যত বাঘো বিচৰণ কৰে৷সচাৰাচৰ বাঘতকৈ এই বাঘ কিছু বেলেগ আৰু ইহঁতক Snow tiger বুলি নামাকৰণ কৰা হৈছে৷ যদি এই বান্ধ নিৰ্মাণ হয় ২৭০,০০০ দাল দুৰ্লভ গছ কটা যাব৷ অকল দিবাং উপত্যকাতে পোৱা আপুৰুগীয়া প্ৰাণী সমূহ বিলুপ্ত হৈ যাব৷ এই উপত্যকাত সঘনে ভূমিস্খলন হ’য় আৰু ভুমিকম্প প্ৰবল এলেকাও বুলি ধৰা হ’য়৷গছবোৰ কাটি দিলে, মাটি খহি খহি ইমান সুন্দৰ বৰ্ষাৰণ্য খন চিৰদিনৰ বাবে হেৰাই যাব৷ এতিয়া সমগ্ৰ বিশ্ব ক’ৰনা মহামাৰীৰ বাবে তলাবন্ধ হৈ, স্তব্ধ হৈ আছে৷ সকলোৱে সামাজিক দুৰত্ব বজাই চলিছে৷এতিয়া বান্ধ নিৰ্মাণৰ বিল খন সংসদত পাচ হৈ গলেও প্ৰকৃতিপ্ৰেমী সংগঠন সমুহে প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিব নোৱাৰিব৷ গতিকে সকলোৱে চিন্তা কৰিব লাগে যাতে কোনোপধ্যেই এই বান্ধ নিৰ্মাণ হ’ব নোৱাৰে আৰু এই সুন্দৰ দিবাং উপত্যকা অক্ষত অৱস্থাত থাকে৷
Comments
Post a Comment