মোৰ দুটি ৰোমাঞ্চকৰ ভ্ৰমণ কাহিনী

(১) মানস ৰাষ্ট্ৰীয় উদ্যানত ৰিভাৰ ৰাফটিং


     মানস ৰাষ্ট্ৰীয় উদ্যান(Manas National Park) অসমৰ এক অন্যতম ৰাষ্ট্ৰীয় উদ্যান ----- ইউনেস্কো (UNESCO) ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত, বিশ্ব ঐতিহ্যস্থলী ,(World heritage site) ,হস্তী সংৰক্ষিত বনাঞ্চল (Elephant Reserve) তথা বায়ছফিয়েৰ ৰিজাৰ্ভ (Biophere reserve) ৷ই গুৱাহাটীৰ পৰা প্ৰায় ১৭৬ কিমি নিলগত বাক্‌চা জিলাত অৱস্থিত ৷মানস এলিফেণ্ট চাফাৰী আৰু ৰিভাৰ ৰাফটিংৰ কাৰনে বিখ্যাত ৷

        সৰুৰে পৰা অৰণ্যৰ প্ৰতি মোৰ দুৰ্বাৰ আকৰ্ষণ৷মানস ৰাষ্ট্ৰীয় উদ্যানে মোক সদায় হাত বাউল মাতি আছিল ৷কিন্ত উগ্ৰপন্থীৰ কাৰ্য্যকলাপৰ বাবে যোৱা হৈ উঠা নাছিল ৷২০০৮চন মানৰ পৰা লাহে লাহে উগ্ৰপন্থীৰ কাৰ্য্য কলাপ কমি আহিবলৈ ধৰিলে ৷মোক কোনে পায় আৰু ,মানসলৈ যোৱাৰ বাট মুকলি হ’ল ৷ মোৰ মামাৰ লৰা অনুপমে গোটেই খিনি সুৱিধা কৰি দিছিল (অনুপম WWF ত কৰ্মৰত)৷২০০৯চনৰ ডিচেম্বৰ মাহত সেই স্মৰণীয় দিনটো আহি উপস্থিত হ’ল ৷আমি চাৰিটা মানে মই ,মোৰ গৃহস্থ,মোৰ কন্যা শাশ্বতী আৰু আমাৰ ঘৰত সহায়িকা হিচাবে থকা ৰূপা ,দুপৰীয়া ভাত পানী খাই বৰপেটা ৰ’ডলৈ বুলি ওলালো ৷বৰপেটা ৰ’ড পাওঁতে প্ৰায় আবেলি হ’ল ৷পুলিচ চকীত অনুমতি লব লাগে মানসলৈ যাওঁতে ৷আমাৰ দেৰি হোৱাৰ বাবে বহুত অনুৰোধ কৰাৰ পাচতহে অনুমতি দিছিল ৷আমাৰ থকাৰ ব্যৱস্থা হৈছিল মঠনগুৰিৰ গেস্ট হাউছত ৷তালৈ খাদ্য সামগ্ৰী লৈ যাব লাগে ৷আমি বৰপেটা ৰ’ডৰ পৰা চাউল,দাইল ,শাক-পাচলি আৰু মাছ কিনি লৈ গৈছিলোঁ বাশবাৰীৰ পৰা আমাৰ লগ দিছিল আলি নামৰ এজন WWF ত চাকৰি কৰা লোকে অনুপমৰ নিৰ্দেশ মতে ৷সেইসময়ত বাশঁবাৰীৰ পৰা ৰাস্তা অতি বেয়া আছিল,আমাৰ টাটা চুম’ গাৰী কোনোমতেহে ৰাস্তাৰ দাঁতিত বাগৰি নপৰিল ৷ৰাতিও হৈ আহিছিল,উগ্ৰপন্থীৰ উপদ্ৰৱ কমিছিল যদিও একেবাৰে শেষ হোৱা নাছিল আৰু বনৰীয়া জন্তু বিশেষকৈ বাঘ ওলায় বুলি ভয়ত আমাৰ মুখৰ মাত নোহোৱা হৈছিল ৷ৰাস্তাত শিয়াল কেইবাটাও দেখিছিলো ৷গাৰীৰ লাইটৰ পোহৰত সিহঁতৰ চকুবোৰ জিলিকি উঠিছিল ৷বাঘে পানী খাবলৈ অহা ঠাইবোৰ আলি দাদাই আমাক দেখুৱাই নিছিল ৷কোনোমতে অতি ভয়ে ভয়ে মঠনগুৰিৰ গেস্ট হাউচ পালোহি ৷সেইসময়ত মঠনগুৰিত বিজুলীৰ ব্যৱস্থা নাছিল ৷ৰাতি ৯ বজালৈকে জেনেৰেটৰ দ্বাৰা লাইট জ্বলে ৷গতিকে ন-বজাৰ ভিতৰতে খোৱা-বোৱা শেষ কৰিব লাগে ৷গেস্ট হাউচৰ কাষেৰে বৈ যোৱা বেকী নদীৰ ভীষন গৰ্জনত নিশাটো বৰ জয়াল হৈ পৰিছিল ৷আন্ধাৰ আৰু আন্ধাৰ চাৰিওপিনে ৷ভগৱানৰ নাম লৈ খাইবই শুই থাকিলোঁ৷ আলি দাদাই কৈছিল কেতিয়াবা বাঘ আহি গেস্ট হাউচৰ বাৰাণ্ডাত বহি থাকে বুলি ৷

      ৰাতিপুৱা খুব সোনকালে সাৰ পালোঁ ৷বাহিৰলৈ আহি মোৰ আনন্দত চিঞৰি দিবলৈ মন গৈছিল ৷বুজাব নোৱাৰা সুন্দৰ পৰিবেশ ৷বেকী নদীখন অতি অপৰূপ ৷সিটো পাৰে ভূটান ৷হাতী এটাই কলগছ খাই থকা দেখিছিলোঁ ৷ভুটানৰ হাতী বোলে ৷আমি সোনকালে পুৱাৰ জলপান খাই ,গা-পা ধুই ৰাফটিং কৰিবলৈ সাজু হ’লো ৷আমাৰ সন্মুখতে ৰবৰৰ চেপেটা টিউবৰ নিচিনা বস্তুটো ফুলাই ৰবৰৰ নাও তৈয়াৰ কৰি পেলাইছিল ৷উগ্ৰপন্থী প্ৰভাৱিত ঠাই কাৰনে লগত বন্দুকধাৰী ৰক্ষীও যায় ৷আমাৰ ৰাফটিং আৰম্ভ হ’ল৷ কিযে এক স্বৰ্গীয় অনুভূতি নিজে নগলে অনুভৱ কৰিব নোৱাৰি ৷পানীৰ সোঁত থকাৰ বাবে মাজে মাজে নাও খন টুলুংভুটুং কৰে ৷আমি লাইফ জেকেট পিন্ধি আছিলোঁ ,যিটো বাধ্যতামূলক ৷বিভিন্ন প্ৰকাৰৰ চৰাই দেখিছিলো ৷পানী কাউৰী আৰু নানান প্ৰকাৰৰ হাঁহ দেখিছিলোঁ ৷মাজে মাজে থকা কাঠৰ টুকুৰা বোৰত চৰাই কিছুমান বহি আছিল ,মাছৰ অপেক্ষাত ৷সুন্দৰ দৃশ্য উপভোগ কৰি আহি থাকোতে দুঘণ্টা কেনেকৈ শেষ হ’ল গমেই নাপালোঁ ৷বাশবাৰীৰ ওচৰতে আমাৰ যাত্ৰা শেষ হ’ল ৷ আলি দাদাক অশেষ ধন্যবাদ দি বিদায় দিলোঁ ৷এইখিনিতে মই WWF ৰ মানসত থকা অনুপমৰ সতীৰ্থ দেব ’ৰ শলাগ লৈছোঁ ৷আমাৰ মঠনগুৰিত থকাৰ সকলো ব্যৱস্থা দেবে কৰি দিছিল আৰু আলি দাদাকো আমাক সঙ্গ দিবলৈ পঠিয়াইছিল ৷

       বৰপেটাত দুপৰীয়াৰ ভাতকেইটা খায় আমি এৰাতিৰ বাবে চালাকাটি (কোকৰাঝাৰ) লৈ আহিলোঁ ৷তাত তেতিয়াৰ NTPC ৰ জেনেৰেল মেনেজাৰ শ্ৰী জয়ন্ত ব্ৰহ্ম খুৰাৰ ঘৰত এৰাতিৰ আতিথ্য গ্ৰহণ কৰি পাচদিনা গুৱাহাটীলৈ ঘুৰি আহিলোঁ গোৱালপাৰা হ’য় ৷নৰনাৰায়ণ সেতু পাৰ হোৱাৰ পিচত ৰাস্তাটো কিমান যে সুন্দৰ ৷প্ৰকৃতিৰ শোভা চাই চাই মানসৰ স্মৃতি বুকুত বান্ধি গুৱাহাটী পালোহি ৷


 (২) নামেৰী ৰাষ্ট্ৰীয় উদ্যানত ৰিভাৰ ৰাফটিং


            নামেৰী অসমৰ শোনিতপুৰ জিলাত ,হিমালয়ৰ পাদদেশত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান (Nameri National park)৷মানসৰ পিচতে নামেৰী অসমৰ ২য় খন ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চল ৷এই অঞ্চলৰ মাজেদি ব্ৰহ্মপুত্ৰৰ অন্যতম উপনৈ জীয়াভৰলী বৈ গৈছে ৷

          বহুত দিনৰ পৰা মনত আশা পুহি ৰাখিছিলোঁ নামেৰীলৈ যোৱাৰ আৰু তাত গৈ জীয়াভৰলীত ৰাফটিং কৰাৰ ৷অৱশেষত ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত এই সুৱিধাটো আহিল ৷এই ৰাফটিং আৰম্ভ হ’য় ন-মাইল নামৰ ঠাইত আৰু শেষ হ’য় ভালুকপুংৰ পোতাশালিত ৷মানসৰ নিচিনাকৈ ৰবৰ চেপেটা মস্ত টিউৱটো আমাৰ চকুৰ আগতে ফুলাই এখন নাৱলৈ ৰূপান্তৰিত কৰিলে ৷আমি তিনিটা আৰু নাৱৰীয়া দুজন __ইমানেই মানুহ ৷আমি লগত চাউল,দাইল আৰু পাচলি লৈ গৈছিলোঁ ৷আমাৰ যাত্ৰা আৰম্ভ হ’ল ৷সুন্দৰ ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ ৷দুয়ো পাৰে হাবি মাজে ,মাজে হাতীয়ে গছ ভঙাৰ শব্দ ৷আমাৰ আগে ,পিচে দুখনমান আমাৰ নিচিনা নাও আৰু একো নাই৷ চাৰিওপিনে সুন্দৰ প্ৰকৃতি আৰু প্ৰকৃতি৷ ইমান পৰিষ্কাৰ পানী তলৰ শিলবোৰ জিলিকি থাকে৷ পানীৰ সোঁত অতি তীব্ৰ, বেকি নদীতকৈ অধিক৷ বহুত ধুনীয়া, ধুনীয়া চৰাই দেখিবলৈ পালোঁ৷ এঠাইত আমাৰ নাও খন ঘাটত চপালে ৷নাৱৰীয়া দুজনে খৰি গোটালে ,আমাৰ দুপৰীয়াৰ সাজ ৰান্ধিবলৈ ৷আকৌ আহি নাৱত উঠিলোঁহি ৷পুনৰ নেদেখিলে অনুভৱ কৰিব নোৱাৰা পৰিবেশৰ মাজেদি নাও চলিল ৷অলপ দূৰ অহাৰ পিচত দুপৰীয়াৰ সাজ ৰান্ধিবলৈ নাওখন চপালে এঠাইত ৷নাৱৰীয়া ককাই দুজনে আমাৰ লগত কথা পাতি অতি সোনকালে জুই জ্বলাই ভাত, দাইল, ভাজি আৰু বেঙেনা পোৰা বনালে৷ এটা বুজাব নোৱাৰা পৰিৱেশত বালিত বহি আমি বালিভোজ খালোঁ ৷খোৱাৰ পাচত আকৌ নাৱত বহিলোঁ ৷কোনো কোনো ঠাইত পানীৰ বহুত সোঁত ,আমাক ভালকৈ ধৰি লবলৈ ককাইহঁতে সাৱধান কৰি দিয়ে ৷এবাৰ ইমান ডাঙৰ এটা ধল পাইছিলোঁ ,পানী আমাৰ মূৰৰ ওপৰেদিয়েই পাৰ হৈ গৈছিল ৷চাৰিওপিনৰ অপৰূপ শোভা চাই কেতিয়ানো পোতাশালি পালোহি ধৰিবই নোৱাৰিলো ৷নাৱৰ পৰা নামি নাৱৰীয়া ককাইহঁতক বিদায় দিলো ৷এইকেইঘন্টা মানতে তেওঁলোক আমাৰ আপোন হৈ পৰিছিল ৷এজন নাৱৰীয়া ককায়ে বৰ সুন্দৰ গীতো গাইছিল ৷জীৱনত কেতিয়াও আৰু তেওঁলোকক লগ নাপাওঁ ,কিন্তু এই স্মৃতিবোৰ সদায় সাঁচি ৰাখিম৷ পোতাশালিৰ পৰা তেজপুৰ হৈ গুৱাহাটীলৈ ঘুৰি আহিলোঁ৷

          মোৰ এই দুটা ভ্ৰমণ বৰ প্ৰিয়৷ মোৰ জীৱনৰ একো একোটা মুকুতা মণি৷ সযতনে সাঁচি ৰাখিছোঁ৷ মুকুতা গোটাই আছোঁ আৰু জীৱনৰ শেষ দিনলৈকে গোটাই যাম বুলি ভাবিছোঁ ৷

   

   

       


Comments

Popular posts from this blog

অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী

নদী বান্ধ

অৰণ্য ধ্বংস