সোনালী শৈশৱৰ স্মৃতি
মোৰ জন্ম মনোমোহা পূবৰ স্কটলেণ্ড খ্যাত চিলঙত ৷বহুতো মিঠা মিঠা ,ভাল লগা স্মৃতি জৰিত হৈ আছে চিলঙৰ সৈতে ৷একেবাৰে সৰুতে Auxilium convent ত পঢ়িছিলো ৷ বিহাৰী দিদি চিঞ্চি( মই দিয়া নাম) ৰ বোকোচাত উঠি স্কুললৈ গৈছিলো ৷Auxilium ৰ কি সুন্দৰ পৰিবেশ আছিল ৷মোৰ অলপ অলপহে মনত আছে ৷গীৰ্জা ঘৰটো বৰ ধুনীয়া আৰু ডাঙৰ আছিল ৷প্ৰথম শ্ৰেণীলৈকে তাতে পঢ়িলো ৷দ্বিতীয় শ্ৰেণীৰ পৰা এটা বিশেষ পৰিস্থিতিৰ বাবে অসমীয়া স্কুলত পঢ়িব লগা হ’ল ৷আমাৰ স্কুল খনৰ নাম আছিল লাইটুমুখ্ৰা অসমীয়া স্কুল ৷বৰ মধুৰ স্মৃতি জৰিত হৈ আছে স্কুল খনৰ লগত ৷মলয়া,মীনাক্ষী,জয়শ্ৰী,মেঘালী,কৰবীহঁতৰ লগত কিমানযে ফুৰ্তি কৰিছিলো ৷মনত পৰিছে বিশ্বকৰ্মা পূজালৈ ৷ খুব বৰষুন দিছিল আগতে চিলঙত ৷চেপ্তেম্বৰ মাহলৈকে বৰষুণ কমাই নাছিল ৷ৰেইনকোট পিন্ধি আমি স্কুলৰ ওচৰতে থকা ফায়াৰব্ৰিগেদৰ অফিচলৈ যাওঁ ৷প্ৰসাদ আছিল ,নকুল দানা আৰু বাতাচা ৷তাকে থপিয়াথপি কৰি খাইছিলো ৷
স্কুলৰ পাচফালে এটা সৰু নিজৰা আছিল ৷বৰষুন দিলে বহুত পানী হ’য় তাত ৷আমি ৰেইনকোট আৰু গামবুট পিন্ধি পানী খচো,মাহঁতে গম নাপোৱাকৈ ৷স্কুলৰ পৰা আহোতে বাটত মাৰোৱাৰী বগৰী,নগাটেঙা ,মিৰিকা টেঙা(জিভাৰ পানী পৰি গৈছে লিখোতে),কাঠ বাদাম ,চেনী গুটি ...এইবোৰ কিনো ৷থপিয়াথপি লাগে তাতো ৷স্কুল চুটিৰ পাচত ঘৰলৈ আহোতে প্ৰায়ে ৰাস্তাত বস্তু কঢ়িওৱা ঘোঁৰা-গাড়ী কেইখন মান পাওঁ ৷আমাৰ লগৰ কৰবী বৰ তীখৰ আছিল ৷তাই স্কুলৰ মোনাটো গাৰী খনত দি বিন্দাছ গৈ থাকে ৷মাজেমাজে ৰাস্তাৰ কাষত থকা জোপোহাবোৰৰ পৰা বিভিন্ন প্ৰকাৰৰ বেৰীবোৰ খাওঁ ৷
অলপ ডাঙৰ মানে নাইন /টেইন মানত মাজে মাজে লগৰ ছোৱালীবোৰৰ লগত চিনেমা চাবলৈ গৈছিলোঁ৷চিনেমা হ’লবোৰৰ নাম আছিল Anjali, Dreamland, Biju,Kelvin ….৷Anjali ত Don চাই অমিতাভ বচ্চনৰ কাৰনে পগলা হৈ গৈছিলোঁ৷Balcony একেবাৰে ফালি থৈ আহিছিলোঁ ৷কেতিয়াবা অসমীয়া,বঙালী চিনেমাও আহিছিল ,তেতিয়া মাহঁতৰ লগত চাবলৈ যাওঁ ৷চিনেমা চাই ঘুৰি আহোঁতে আৰু পুলিচ বজাৰৰ পৰা আহোতে প্ৰায়ে দিল্লী মিষ্টান্ন ভাণ্ডাৰৰ পৰা জিলাপী লৈ আহোঁ বা খায়েই আহোঁ ৷আৰু Reagal ৰ দোচা ...কি মজ্জা আছিল ৷এবাৰ মনত আছে ক্লাছ নাইনত থাকোতে বিখ্যাত “ইচি” ৰেস্তোৰাঁত pork chow খাইছিলোঁ ৷পিচত ঘৰলৈ আহি ইমান বেয়া লাগিছিল আৰু মাক সঁচা কথা কৈ দিছিলোঁ ৷মাই খং কৰা নাছিল ,পিচে প্ৰতিশ্ৰুতি লৈছিল আগলৈ কেতিয়াও নাখাবি বুলি ৷মাৰ আগত দিয়া প্ৰতিশ্ৰুতি ভংগ কৰা নাছিলোঁ কেতিয়াও ৷
সৰুতে ঘৰৰ বাৰাণ্ডাত কিমান ফাংচন পাতিছিলোঁ ৷ৰুকুৰ ভালকৈয়ে মনত আছে ৷তাই মোৰ প্ৰতিবেশী আছিল ৷আৰু পাহাৰৰ ওপৰত গৈ খোৱা পিকনিক বোৰ ৷মনত পৰিলে এতিয়াও দৌৰি গুচি যাবলৈ মন যায় ৷নিজৰ ভাগৰ বস্তুবোৰ ঘৰৰ পৰাই লৈ যাওঁ ৷চবৰে ঘৰে ঘৰে মুৰ্গী আছিলেই ,গাইপতি কনী লৈ গৈছিলোঁ ৷এনেকৈ হৈ যায় পিকনিক ৷আৰু এটা কথা মনত পৰিছে ,আগতে ঘৰত হাঁহৰ কনী আনিলে আমি মাটিত বহি ভাত খাই পিকনিক কৰিছিলোঁ ...মোৰ বাইদেউৰ বৰ চখ আছিল এইটো ৷
স্কুলৰ ফাংচনবোৰতো বৰ ভাল লাগিছিল ৷নীতা লামা বোলা ছোৱালী এজনীয়ে গীটাৰ লৈ বৰ সুন্দৰকৈ ইংৰাজী গান গাইছিল ৷মই বিহু নাচিছিলো আৰু কোৰাছত অংশ লৈছিলো ৷মনত পৰিছে এবাৰ এখন নাটক কৰিছিলোঁ ...চৰিত্ৰবোৰ আছিল কাপ-প্লেট, গিলাচ,কেটলী,ৰসগোল্লা,চিংৰা,কেক ...এইবোৰ ৷মই ৰসগোল্লাৰ ভাও লৈছিলোঁ ৷ধুতি পিন্ধিছিলো ,মানে বঙালী বাবু৷আৰু যে ক’ত কি কৰিছিলোঁ ৷মনত পৰিলে বৰ হাঁহি উঠে ৷
চিলঙৰ পূজা,বিহু ...বৰ ভাল লাগিছিল ৷হুচৰিও মাৰিছিল আগতে চিলঙত ৷কেতিয়াবা হুচৰি মাৰিবলৈ অহা মানুহক মাই চাহো খুৱাই পঠাইছিল ৷বিহু চাবলৈ আটাইকেইদিন গৈছিলোঁ ৷আমি কৃষ্টিকেন্দ্ৰত বিহু চাইছিলোঁ৷ এবাৰ ভূপেন হাজৰিকা আৰু সমৰ হাজৰিকা একেলগে আহিছিল ৷আমি সমৰ হাজৰিকাৰ পৰা অট’গ্ৰাফো লৈছিলোঁ ৷ভূপেনদাৰ ওচৰলৈ যাবলৈ নিদিলে৷বৰ খং উঠিছিল ৷সেইসময়ৰ আটাইবোৰ বিখ্যাত শিল্পীকে দেখা মনত আছে ৷আমাৰ মাৰ ৰন্ধা-বঢ়াত বৰ চখ আছিল ,কিমান প্ৰকাৰৰ যে পিঠা বনাইছিল ৷এতিয়া এইবোৰ ভাবিলে সপোন যেন লাগে ৷
চিলঙৰ পূজাও বৰ ভাল লাগিছিল ৷পূজা বুলি ক’লে পাপালৈ মনত পৰি যায় ৷বৰ চখ আছিল পূজা চোৱাৰ ৷আমাক বিজয়া দশমীও চাবলৈ নিছিল ৷ইমান পূজা ভাল পাইছিল কাৰনে পাপাৰ মৃত্যুও মহালয়াৰ দিনা হৈছিল ৷নতুন কাপোৰ পিন্ধি পাপাৰ হাতত ধৰি পূজা চোৱাৰ মাদকতাই বেলেগ আছিল ৷বিজয়া দশমীত বহুত মিঠাই আনিছিল ঘৰলৈ ৷ মই এতিয়াও পূজা খুব ভাল পাওঁ ৷আগৰ নিচিনা নহয় আজিকালি পূজাত ..বায্যিকতা বেছি ৷তথাপিও বছৰৰ মুৰত পূজা আহিলে বৰ ভাল লাগে ৷
আৰু যে ধেৰ সুমধুৰ স্মৃতি আছে চিলঙৰ ৷আপাৰ চিলঙৰ চিলং পিক (Shillong peak) ইমানযে ভাল লাগে৷ সৰুতে গ’লে ঘাহঁনিত বাগৰি দিছিলোঁ ৷এতিয়াও কেতিয়াবা চিলঙলৈ গ’লে আপাৰ চিলংলৈ নগলে ,মোৰ চিলঙলৈ যোৱা যেনেই নালাগে ৷বিখ্যাত জলপ্ৰপাত কেইটাৰ বাহিৰেও সৰু সৰু কিমান আছিল ওচৰে -পাজৰে জলপ্ৰপাত ৷কিমান স্মৃতি...লিখি থাকিলে এখন মহাভাৰত হবগৈ ৷মেট্ৰিক দিয়াৰ পাচত চিলং এৰি আহিলোঁ ,কিন্তু তাৰ সুমধুৰ স্মৃতিবোৰে প্ৰায়ে মনত দোলা দি থাকে ৷
Comments
Post a Comment