অসমৰ অৰ্কিড------- এটি চমু অৱলোকন
কোনো এটা অঞ্চলৰ ভৌগোলিক তথা প্ৰাকৃতিক সম্পদসমূহৰ সৈতে তাৰ আবাসীসকলৰ মানসিক সম্পৰ্ক বিশ্বজনীন আৰু মানুহৰ সাংস্কৃতিক জীৱনবোধো তাৰ পৰাই উদ্ভূত হয়৷ বৰ্তমান প্ৰযুক্তি নিৰ্ভৰ পৃথিৱীখন ইমানেই প্ৰকৃতি বিমূখ হৈছে যে প্ৰাকৃতিক বস্তু সমূহ মানুহে মিউজিয়ামৰ বস্তুৰ দৰে চাবলৈ বাধ্য হৈছে৷ অৰ্কিডৰ দৰে বনজ সম্পদসমূহ অসমৰ গাঁৱে ভূঞে পোৱা যায় আৰু এইবোৰৰ সৈতে অসমীয়া মানুহৰ সাংস্কৃতিক সম্পৰ্ক আছিল৷ বিহুগীতত কপৌফুলৰ উল্লেখককে আদি কৰি আমাৰ উপৰিপুৰুষসকলে বিভিন্ন ধৰণৰ অৰ্কিডৰ নামকৰণ কৰি জাতীয় জীৱন চহকী কৰি যোৱাৰ উপৰিও ইয়াৰ ঔষধি গুণসমূহো চিনাক্ত কৰি থৈ গৈছে৷ কপৌফুল-- প্ৰতিজন অসমীয়াৰ মন পুলকিত কৰিব পৰা এটি নাম, এটি অনুভৱ৷ পৃথিৱীত অৰ্কিডৰ নিচিনাকৈ অন্য কোনো ফুলেই প্ৰকৃতিপ্ৰেমীসকলক ইমান আকৃষ্ট কৰিব পৰা নাই৷
আমি সচাৰাচৰ য’তে ত’তে দেখা অৰ্কিড তিনিবিধ কপৌ(Rhnchostylis), মতা কপৌ(Cymbidium) আৰু ভাটৌ ফুল(Vanda)৷ গছ-গছনিৰ আশ্ৰয়লৈ থাকিলেও ইহঁত পৰজীৱী নহয়, পৰাশ্ৰয়ী বা বায়বীয়হে(Epiphytic)৷ ৰ’দ, বৰষুণ, পচাপাত, নিয়ৰকণা আদিৰ পৰা শিপা আৰু পাতৰ জৰিয়তে আহাৰ সংগ্ৰহ কৰি জীয়াই থাকে৷ আনহাতে অধিক পাতসাৰযুক্ত আৰু আংশিক ছাঁ পৰা ঠাইত গজা অৰ্কিডবোৰক ভূমি অৰ্কিড বুলি কোৱা হ’য়৷ অৰ্কিড(Orchid) শব্দটো গ্ৰীক শব্দ অৰ্কিচ(Orchis) ৰ পৰা আহিছে, যাৰ অৰ্থ হ’ল অণ্ডকোষ(Testicle)৷
অৰ্কিডৰ বংশ বৃদ্ধি তিনিপ্ৰকাৰে কৰিব পাৰি---- (১) বীজৰ পৰা,(২) কলাকৰ্ষণ আৰু(৩) অঙ্গজ প্ৰজনন৷ প্ৰথম দুটা যথেষ্ট জটিল আৰু কাৰ্যকৰী কৰোতে কাৰিকৰী অৰ্হতাৰ প্ৰয়োজন হ’য়৷ প্ৰচলিত সহজ প্ৰদ্ধতিটো হ’ল তৃতীয়টো --অঙ্গজ প্ৰজনন৷
বিশ্বৰ বৰ্তমান অৰ্কিডৰ ১৪০০ বৰ্গ, ৩০,০০০ হাজাৰৰো অধিক প্ৰজাতি আৰু ১'২ লাখৰো অধিক বৰ্নসংকৰ জাত আছে৷ ইয়াৰ ১৮৪ টা বৰ্গৰ ১৩০০ প্ৰজাতি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত পোৱা যায়৷ এক সমীক্ষা অনুযায়ী পূৰ্বোত্তৰ হিমালয়ৰ পাদদেশ আৰু উত্তৰ-পূব ভাৰতৰ ভূ-খণ্ডৰ অৰণ্য ভূমি অৰ্কিডৰ অৱস্থিতিৰ বাবে অতি অনুকুল৷ এই অঞ্চল সমূহৰ জলবায়ু, সমুদ্ৰ পৃষ্ঠৰ পৰা ইয়াৰ ভৌগোলিক অৱস্থানে ইয়াৰ অৰণ্য সমূহক অৰ্কিডৰ অৱস্থিৰ বাবে অতি প্ৰাণৱন্ত কৰি তুলিছে৷ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অৰুণাচলত আটাইতকৈ বেছি অৰ্কিড পোৱা যায় আৰু সেয়েহে ইয়াক অৰ্কিডৰ ভূ-স্বৰ্গ বুলিও জনা যায়৷ অসমৰ কাছাৰ, কাৰ্বি আংলং, দিহিং পাটকাই, নামবৰ আদি অঞ্চল অৰ্কিডত চহকী বুলি জনা যায়৷ দিহিং পাটকাইত ভূমি অৰ্কিড যথেষ্ট পৰিমাণে পোৱা যায়৷
অপৰূপ সৌন্দৰ্য তথা বৈচিত্ৰ্যৰ উপৰিও বহুতো অৰ্কিড প্ৰজাতিৰ বনৌষধি হিচাপেও সমাদৰ আছে৷ অৰ্কিডত থকা ঔষধি গুণসম্পন্ন এলকালয়ড (alkaloids), ট্ৰিটাৰপেনইডছ(triterpenoids), ফ্লেভনয়ড(flavoinoids) আৰু ষ্টিলবে’ইনডছ(stilbenoids) আদি ৰাসায়নিক উপাদানে নানা ৰোগ নিৰাময়ৰ সহায় কৰে বুলি গম পোৱা গৈছে৷ অসমীয়া সমাজত সকলোৰে প্ৰিয় কপৌ ফুলৰ শিপা আৰু ফুল উভয়ৰে ঔষধি গুণ আছে৷ ইয়াৰ শিপা হাড়ৰ বিভিন্ন ৰোগৰ নিৰাময়ত পৰম্পৰাগত ভাবে ব্যৱহাৰ হৈ আহিছে৷ তদুপৰি কপৌ ফুলৰ ৰসে জণ্ডিছ, পেটৰ অসুখ, কাঁহ, জ্বৰ, বাত বিষ,স্বাসতন্ত্ৰৰ সমস্যাৰ নিৰাময়ত সহায় কৰে বুলিও জনা যায়৷
অৰ্কিডৰ ৰং আৰু গঠনৰ ভিন্নতা আন কোনো ফুলতে পোৱা দেখিবলৈ পোৱা নাযায়৷ সেয়েহে আৰ্ন্তজাতিক বজাৰত অৰ্কিডৰ চাহিদা অত্যন্ত বেছি৷ আমি অৰ্কিড সংৰক্ষণত মনোনিৱেশ কৰা উচিত৷ শেহতীয়া ভাবে বহু সংখ্যক অৰ্কিডেই প্ৰদূষণ, প্ৰাকৃতিক পৰিৱেশ ধ্বংস আদি কাৰণবোৰৰ বাবে বিপন্ন হোৱাৰ পথত৷ আই, ইউ, চি, এনৰ ৰঙা তালিকাত বিলুপ্তপ্ৰায় (Endangered) ৰূপে চিহ্নিত হোৱা অসমৰ কেইবাবিধো অৰ্কিড আছে৷ আজিকালি অৰ্কিডৰ প্ৰচুৰ পৰিমাণে চোৰাং ব্যৱসায়ো হবলৈ লৈছে৷ ছিকিমৰ পাকিয়াংত ৰাষ্ট্ৰীয় অৰ্কিড গৱেষণা কেন্দ্ৰত অৰ্কিড সম্পৰ্কে ভালেমান কাম চলি আছে৷ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ টিপিত ৫০০কৈ অধিক অৰ্কিড সংৰক্ষণ কৰা হৈছে৷ অৰুণাচলৰে ছেচা আৰু দিৰাঙতো অৰ্কিড অৰণ্য স্থাপন কৰা হৈছে৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটত থকা উদ্যান শস্য বিভাগ আৰু কাঁহিকুছিত থকা উদ্যান শস্য গৱেষণা কেন্দ্ৰতো অৰ্কিড প্ৰযুক্তি উদ্ভাৱনৰ বিভিন্ন কাম চলি আছে৷ আমাৰ অসমত অৰ্কিডৰ লগতে এন্ঠুৰিয়ামক আৰ্ন্তজাতিক পৰ্যায়লৈ নিব পাৰি৷
সামৰণি---- অৰ্কিডৰ বাণিজ্যিক খেতিৰ বাবে অসমৰ উপযোগী জলবায়ুৰ কথা বিবেচনা কৰি এই দিশত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অধিক সম্প্ৰসাৰিত ৰূপত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ পৰস্পৰাগত অঙ্গজ প্ৰজনন পদ্ধতিৰ জৰিয়তে অসমত অৰ্কিড পুলি উৎপাদন কৰি অহা হৈছে৷ এনেবোৰ পুলিৰ গুণগত মান বহুত কম৷ আনহাতে কলাকৰ্ষণৰ জৰিয়তে বিভিন্ন প্ৰজাতিৰ পুলি উৎপাদনৰ প্ৰ’টকল তৈয়াৰ কৰা হৈছে, যদিও এই ক্ষেত্ৰত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত অৰ্কিডৰ ব্যৱসায়িক ভিত্তিত পুলি উৎপাদনৰ প্ৰক্ৰিয়াই বিশেষ গতি লাভ কৰিব পৰা নাই৷ ৰাজ্যৰ বিশ্ববিদ্যালয় সমূহক প্ৰয়োজনীয় অনুদানৰে সহায় কৰি এই ব্যৱস্থা ক্ষীপ্ৰ কৰিব পাৰি৷ আনহাতে অৰ্কিড গৃহ নিৰ্মাণ কৰিও অৰ্কিড উৎপাদন বৃদ্ধি কৰিব পাৰি৷ এই ক্ষেত্ৰত চৰকাৰৰ সহায়ৰ প্ৰয়োজন আছে৷ অৰ্কিডৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ বনবিভাগ কঠোৰ হ’ব লাগে৷ বিলুপ্তপ্ৰায় সুন্দৰ অৰ্কিড প্ৰজাতি সংৰক্ষণ আৰু ব্যৱসায়ীক ভিত্তিত অৰ্কিডৰ খেতি কৰিবলৈ আমাৰ উঠি অহা প্ৰজন্ম আগবাঢ়ি আহিব লাগে৷
Comments
Post a Comment