গোলকীয় উষ্ণতা
গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ প্ৰভাব…..
গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ উষ্ণতা৷ গোলকীয় উষ্ণতা বৃদ্ধি হ’ল পৰিৱেশৰ প্ৰতি এক ভয়ানক প্ৰত্যাহ্বান৷ পৃথিৱীৰ জলবায়ু তন্ত্ৰৰ গড় উষ্ণতা দিনকদিনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ মূলতঃ মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত উৎপন্ন হোৱা সেউজগৃহ গেছ সমূহৰ বাবে যোৱা শতিকাটোত হোৱা পৃথিৱীপৃষ্ঠৰ গড় উষ্ণতা ক্ৰমাগত বৃদ্ধিয়েই হ’ল গোলকীয় উষ্ণতা বৃদ্ধি৷
উষ্ণতা বৃদ্ধিৰ প্ৰাথমিক কাৰক সমূহ হ’ল---- সেউজগৃহ গেছ সমূহৰ ঘনত্ব বৃদ্ধি, সৌৰ দীপ্তি, আগ্নেয় উদ্গীৰণ আৰু সূৰ্য্যৰ চাৰিওপিনে পৃথিৱীৰ কক্ষপথৰ পৰিৱৰ্তন আদি৷
গোলকীয় উষ্ণতাৰ ফলত জৈৱবৈচিত্ৰ্যৰ অৱনতি ঘটিছে৷ জলচক্ৰৰ পৰিৱৰ্তন হৈ বৰষুণ অনিয়মিত হৈছে৷ যি অঞ্চলত অতিপাত বৰষুণ হৈছিল, সেই অঞ্চলত এতিয়া বৰষুণ কমি গৈ খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ খৰাং পৰিস্থিতিৰ বাবে বিশ্বৰ বহুতো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি ধ্বংসপ্ৰাপ্ত হ’ব বুলি ঠাৱৰ কৰা হৈছে৷ উষ্ণতা বৃদ্ধিৰ ফলত বনজুইৰ প্ৰাদুৰ্ভাৱ বেছি হ’ব, বৰ্ষাসিক্ত অৰণ্য ব্যাপক পৰিমাণে বনজুইত জাহ যাব৷ ফলত জীৱৰ বাসস্থানৰ লগতে জীৱৰ পৰিস্থিতিক অৱস্থা পাৰ্যমানে বিধ্বস্ত হ’ব৷ ইয়াৰ ফলত জীৱই ইটোৰ লগত সিটোৰ সম্পৰ্ক ৰক্ষা কৰি জীয়াই থকাৰ এক গভীৰ সংকটৰ সন্মূখীন হ’ব৷ পৃথিৱীৰ গড় উত্তাপ বৃদ্ধিৰ বাবে জলবায়ুৰ পৰিবৰ্তন সঘনাই হোৱাৰ ফলত জীৱ-জন্তু তথা মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিছে৷ বিভিন্ন বেমাৰৰ বীজাণুৰ বংশবৃদ্ধি অধিক হ’ব, মহৰ প্ৰকোপ বাঢ়িব, বেমাৰ-আজাৰ, মহামাৰীৰ ব্যাপকতা বাঢ়িব৷ বিভিন্ন জীৱৰ লগতে মানুহৰ খাদ্যাভাসৰ পৰিবৰ্তন হৈ জীৱসমূহ কিছুমান নাভূত নাশ্ৰুত বেমাৰৰ গৰাহত পৰিব৷
জলবায়ু পৰিবৰ্তনৰ ওপৰত প্ৰভাৱ পেলোৱা মানুহৰ তিনিটা কাৰ্য্য হ’ল…
(১) উদ্যোগীকৰণ (২) নগৰীকৰণ আৰু (৩) জনবিস্ফোৰণ
গোলকীয় উষ্ণতা সমাধানৰ কিছুমান পথ----
(১) কয়লা, পেট্ৰল আদিৰ ব্যৱহাৰ কম কৰিব পাৰিলে দহন কাৰ্যৰ পৰিমাণ হ্ৰাস হ’ব৷ ফলত বায়ু মণ্ডলত কাৰ্বন ডাই অক্সাইডৰ বৃদ্ধিৰ হাৰ কমিব৷
(২) জৈৱিক আবৰ্জনা অযথা পচিবলৈ নিদি, তাৰপৰা জৈৱ গেছ উৎপাদন কৰিবলৈ চেষ্টা কৰিলে বায়ুমণ্ডলত মিথেন গেছৰ বৃদ্ধিৰ হাৰ হ্ৰাস পাব৷
(৩) নাইট্ৰোজেন জাতীয় সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে নাইট্ৰাছ অক্সাইডৰ উৎপাদন কম হ’ব৷ ফলত বায়ুমণ্ডলত অ’জন গেছৰ বৃদ্ধিৰ হাৰ কমিব৷
(৪) মটৰগাড়ী, বৈদ্যুতিক যন্ত্ৰ আদিত পেট্ৰল, ডিজেল, এল পি জি আদিৰ ব্যৱহাৰৰ পৰিবৰ্তে হাইড্ৰজেন গেছ প্ৰৱৰ্তনত গুৰুত্ব আৰোপ কৰিব লাগিব৷ তেতিয়াহে গোলকীয় উত্তাপ কিছু পৰিমাণে নিয়ন্ত্ৰণ হ’ব৷
(৫) বনানীকৰণ তথা সংৰক্ষণৰ ব্যাপকতাৰ যোগেদি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ সীমিত অৱস্থাত ৰাখিবলৈ চেষ্টা কৰা উচিত, যাতে পৃথিৱী পৃষ্ঠৰ উষ্ণতা আৰু অধিক বৃদ্ধি নহয়৷
আমাৰ অসমৰ জলবায়ু সেমেকা বুলি পূৰ্বতে যি গৌৰৱ আছিল, সেইয়া প্ৰায় নোহোৱাই হৈছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল ব্যাপক হাৰত বন বননি ধ্বংস আৰু উদ্যোগীকৰণ৷ এতিয়াই যদি আমি সজাগ নহওঁ, কিছুদিনৰ পাচত পৰিস্থিতি ভয়ঙ্কৰ হ’ব৷
গোলকীয় উষ্ণতাই মেৰু অঞ্চলতো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷ তাত থকা মেৰু ভালুক(Polar bear) আৰু পেংগুইন(Penguin) আদি জীৱৰ জীৱনৰ প্ৰতি গভীৰ ভাবুকি আহি পৰিছে৷ মেৰু ভালুক উত্তৰ মেৰু অঞ্চলত বাস কৰে আৰু ইহঁতৰ প্ৰধান খাদ্য হৈছে চীল৷ মেৰু ভালুকে বৰফৰ প্লেটফৰ্মবোৰৰ ওপৰত উঠি এই চীল বোৰৰ চিকাৰ কৰে৷ উষ্ণতা বৃদ্ধিৰ বাবে ব্যাপক হাৰত মেৰু অঞ্চলত বৰফ গলিবলৈ ধৰিছে আৰু মেৰু ভালুকৰ চিকাৰ কৰাৰ বহুত অসুবিধা হৈ পৰিছে৷ যদি কিছুবছৰৰ ভিতৰত গোলকীয় উষ্ণতা বৃদ্ধি হ্ৰাস নাপায়, এই সুন্দৰ জীৱবিধ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব৷ সেইদৰে দক্ষিণ মেৰু অঞ্চলত বাস কৰা পেংগুইনৰ জীৱনৰ প্ৰতিও ভীষণ ভাবুকি আহি পৰিছে৷ বৰফ গলাৰ বাবে পেংগুইনৰ প্ৰধান খাদ্য ক্ৰীল মাছৰ সংখ্যা হ্ৰাস পাইছে আৰু পেংগুইনবোৰ গভীৰ খাদ্য সংকটত পৰিছে৷
গোলকীয় উষ্ণতা ৰোধৰ উপায় সমূহ সকলোৱে সমানে মানিলেহে এই ভয়ঙ্কৰ বিপদৰ পৰা আমি ৰক্ষা পাব পাৰিম৷ আমাৰ নৱপ্ৰজন্ম চুইডেনৰ কিশোৰী গ্ৰেটা থুনবাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হ’ব লাগে৷ এই গৰাকী কিশোৰীয়ে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে জনআন্দোলন গঢ়ি তুলিবলৈ গোটেই বিশ্বতে চেষ্টা কৰিছে৷ আহকচোন আমি সকলোৱে এই ভয়ঙ্কৰ বিপদৰ পৰা উদ্ধাৰ পাবলৈ একেলগে চেষ্টা কৰোঁ৷
Comments
Post a Comment