চিপকো আন্দোলন
চিপকো আন্দোলন (Chipko movement)
চিপকো আন্দোলন হৈছে অৰণ্য (বনাঞ্চল) সংৰক্ষণ আন্দোলন ৷ ইয়াৰ আৰম্ভণি হৈছিল ১৯৭০ চনত হিমালয়ৰ পাদদেশত অৱস্থিত উত্তৰাখণ্ডত ৷সেইসময়ত উত্তৰাখণ্ড উত্তৰপ্ৰদেশৰ অংশ আছিল ৷
প্ৰথমে এই আন্দোলনটো জীৱিকা ৰক্ষাৰ আন্দোলন আছিল যদিও পিচত ই এক বৃহৎ পৰিবেশ ৰক্ষাৰ আন্দোলন হিচাবে চিহ্নিত হৈছিল ৷হিমালয়ৰ পাদদেশত অৱস্থিত গাড়োৱাল অঞ্চলত প্ৰচুৰ ভাবে থকা জিযা (Ash tree,যাৰ বৈজ্ঞানিক নাম Lannea coromandelica) নামৰ গছ কটাক লৈয়ে এই আন্দোলনৰ সুত্ৰপাত হৈছিল ৷এই গছৰ কাঠৰ পৰা বিভিন্ন খেলাৰ সঁজুলি নিৰ্মাণ কৰা হয় ৷গাড়োৱাল জিলাৰ চামোলি আৰু তেহৰি অঞ্চলৰ মানুহে এই গছৰ পৰাই জীৱিকা নিৰ্বাহ কৰিছিল ৷ লাহে লাহে বাহিৰৰ পৰা ঠিকাদাৰ সকল আহি এই গছক লৈয়ে ব্যবসায় আৰম্ভ কৰিবলৈ ধৰে ৷স্থানীয় লোকক এবছৰত মাত্ৰ ১০ দালৰ বিপৰীতে বাহিৰৰ লোকক ৩০০ জোপা গছ কটাৰ অনুমতি প্ৰদান কৰা হৈছিল ৷ তেতিয়া সেই অঞ্চলৰ গাৱঁৰ মানুহে কৰ্তৃপক্ষৰ ওচৰত তেওঁলোকৰ জীৱন নিৰ্বাহ কৰা সামগ্ৰীৰ ওপৰত হোৱা ভাবুকিৰ বিষয়ে অবগত কৰে ৷ তেওঁলোকে সৰু সৰু দলত ভাগ হৈ সমাবেশ আৰু প্ৰতিবাদ যাত্ৰা আৰম্ভ কৰে বন বিভাগৰ বিৰুদ্ধে ৷বন বিভাগে তেওঁলোকৰ অভিযোগৰ বিষয়ে বিশেষ কাণ দিয়া নাছিল ৷ লাহে লাহে এনেকুৱা প্ৰতিবাদ আৰু তীব্ৰ হৈ আহিছিল ৷সেই অঞ্চলৰ স্থানীয় সংঘ DGSS(Dashauli Gram Swarajjya Sangh) যি ১০ জোপা গছ কটাৰ অনুমতি আছিল তাকো বন্ধ কৰি দিয়া হৈছিল আৰু সুদূৰ এলাহাবাদৰ চাইমন কোম্পানীক (Simon Company) টেনিছৰ ৰেকেট বনাবলৈ ৩০০ জোপা গছ কাটিবলৈ অনুমতি দিয়া হৈছিল ৷ যেতিয়া ঠিকাদাৰ সকলৰ লগত খৰিকটীয়াবোৰ গছ কাটিবলৈ আহি উপস্থিত হৈছিল ,তেতিয়া গাঁৱৰ লোকসকল আৰু DGSS সংঘৰ সদস্য সকলে ঢোল কোবাই আৰু চিঞৰি শ্ল’গান দি ঠিকাদাৰ আৰু তেওঁলোকৰ কৰ্মী সকলক উভতি যাবলৈ বাধ্য কৰায় ৷
এইয়াই আছিল চিপকো আন্দোলনৰ প্ৰথম পদক্ষেপ ৷অৱশেষত এই ঠিকা ৰদ হয় আৰু স্থানীয় DGSS সংঘক এই কাম অৰ্পণ কৰে ৷ কিন্তু আকৌ কিছুদিনৰ পাচত সেইঠাইৰ পৰা কিছু দূৰত চাইমন কোম্পানীক পুনৰ ইয়াতকৈয়ো বেছি গছ কটাৰ অনুমতি প্ৰদান কৰা হয় ৷তেতিয়া তাৰ স্থানীয় ৰাইজৰ পুনৰ প্ৰতিবাদ কৰে আৰু আকৌ ঠিকাদাৰ সকল উভতি যাব লগাত পৰে ৷তাৰ পিচত সেই অঞ্চল সমূহৰ (Tarsali আৰু Phata) লোকে গোট গঠন কৰি গছ সমূহ পহৰা দিয়া আৰম্ভ কৰে সেইবছৰৰ ডিচেম্বৰ মাহত পুনৰ এবাৰ গছবোৰ কটাৰ পৰা ৰক্ষা কৰে ৷ ঠিকাদাৰ সকলে মাত্ৰ ৫ জোপা গছহে কাটিবলৈ সক্ষম হয় ৷
এই প্ৰতিবাদৰ চুড়ান্ত ৰূপ প্ৰকাশ পালে যেতিয়া চৰকাৰে ১৯৭৪চনত ২৫০০ জোপা গছ কটাৰ অনুমতি প্ৰদান কৰে ৷এইগছবোৰ Reni গাৱঁৰ অলকানন্দা নদীৰ ফালে মূখ কৰি আছিল ৷২৫ মাৰ্চ তাৰিখে যেতিয়া গছ কাটিবলৈ ঠিকাদাৰ সকল গাড়ীলৈ উপস্থিত হয় ,তেতিয়া গাৱঁৰ মহিলা সংঘৰ মুখীয়া গৌৰা দেৱীয়ে ২৭ গৰাকী মহিলা লৈ সেই গছ কটা ঠাইত উপস্থিত হয় আৰু গছবোৰ সাৱটি (চিপকো,Chipko)ধৰি কটাৰ পৰা বিৰত থাকিবলৈ কয় ৷তেতিয়া ঠিকাদাৰ সকলে বন্দুকৰ ভয় দেখুৱাই আৰু নানা প্ৰকাৰৰ অত্যাচাৰ আৰম্ভ কৰে ৷কিন্তু কোনোপ্ৰকাৰে মহিলাসকলক গছবোৰ সাৱটি ধৰি থকাৰ পৰা বিৰত কৰিব নোৱাৰিলে ৷ সেই সাহসী মহিলা সকলে ওৰেনিশা গছবোৰ পহৰা দি থাকিল আৰু অৱশেষত গছ কাটিবলৈ অহা মানুহবোৰক তাৰ পৰি কিছু আতঁৰি যায় ৷পিচদিনা এই আন্দোলন ওচৰৰ গাওঁ বোৰলৈয়ো বিয়পি পৰে আৰু বহুতো মানুহে ইয়াত যোগ দিয়ে অৱশেষত ৪ দিনৰ পিচত ঠিকাদাৰ সকল এই কামৰ পৰা একেবাৰে গুচি যাবলৈ বাধ্য হয় ৷
এই খবৰ ৰাজ্যৰ ৰাজধানীলৈকে বিয়পি পৰে আৰু তৎকালীন মূখ্য মন্ত্ৰীয়ে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি গাওঁবাসী সকলৰ সপক্ষে ৰায় দিয়ে ৷
এই আন্দোলনটো পৰিবেশ ৰক্ষা আৰু উন্নতিৰ ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ বুলিব পাৰি ৷ হিন্দী শব্দ চিপকো (chipko) মানে সাৱটি ধৰা ৷ সেইবাবে পৰৱৰ্তী সময়ত এই আন্দোলন চিপকো আন্দোলন (chipko movement) নামেৰে জনাজাত হয় ৷দূৰ দূৰণিলৈ এই আন্দোলন প্ৰসাৰিত হয় ৷১৯৮১_৮৩ চনত প্ৰখাত পৰিবেশবিদ সুন্দৰলাল বহুগুণাই ৫০০০ কিলোমিটাৰ হিমালয়ৰ পাদদেশত খোজ কাঢ়ি এই আন্দোলনৰ বহুল প্ৰসাৰ কৰে ৷লাহে লাহে সেই অঞ্চলৰ মহিলা সকলে অৰণ্য ৰক্ষাৰ বহুতো পদক্ষেপ গ্ৰহণ কৰে৷ সমগ্ৰ বিশ্বতে এই আন্দোলন পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত এটা সুন্দৰ উদাহৰণ হিচাবে চিহ্নিত হৈছে ৷
স্মিতা ভাগৱতী
গুৱাহাটী
Comments
Post a Comment