বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় (The illegal wildlife trade or animal trafficking )

            আমাৰ এই সুন্দৰ পৃথিৱীখন গছ-গছনি , জীৱজন্তু , পক্ষী সকলোৰে বাবে ৷ ইয়াত সকলোৰে জীয়াই থাকিবলৈ সমান অধিকাৰ আছে৷ কিন্তু জীৱ শ্ৰেষ্ঠ মানুহে নিজকে সকলোৰে ওপৰত বুলি ভাবে আৰু নিজৰ সুখ সুবিধাৰ বাবে বাকী পশুপক্ষীবোৰক ব্যৱহাৰ কৰি আহিছে৷ মানুহে বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায় কৰিবলৈও কুণ্ঠাবোধ নকৰে আৰু এই ব্যৱসায়টো বৰ্তমান পৃথিৱীৰ দ্বিতীয় চোৰাং ব্যৱসায় হিচাবে চিহ্নিত হৈছে ৷ এই ব্যৱসায়ে ইমান বহুল প্ৰসাৰ লাভ কৰিছে যে পৃথিৱীৰ এক তৃতীয়াংশ প্ৰাণীৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ এই ব্যৱসায়টো আন্তৰ্জাতিক পৰ্যায়ৰ লগতে দেশৰ ভিতৰটো হোৱা দেখা যায় ৷বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ত প্ৰাণীসমূহ অবৈধ ভাবে সংগ্ৰহ , সিহঁতৰ পৰিবহন আৰু বিতৰণ জড়িত হৈ থাকে৷ এই ব্যৱসায়টো নিচাযুক্ত দ্ৰব্য আৰু মানৱ সৰবৰাহ (Human trafficking)ৰ নিচিনাই এটা প্ৰধান অবৈধ ব্যৱসায় হৈ পৰিছে ৷ গোটেই বিশ্বতে এই ব্যৱসায়ে প্ৰাধান্য লাভ কৰিছে , বিশেষকৈ আমেৰিকা , চীন আৰু ইউৰোপীয় দেশসমূহত ৷
                 অবৈধ ভাবে ব্যৱসায় কৰা বন্যপ্ৰাণী সমূহ বিশেষকৈ চীনা দৰব, গহনা, বেগ ,আৰু কিছুমানৰ নোমৰ পৰা বিভিন্ন পোছাক(কোটৰ পৰা জনজাতিয় পোছাক ) আদি কামত ব্যৱহাৰ হয়৷ গঁড়ৰ খৰ্গ আৰু হাতীৰ দাঁতৰ চোৰাং ব্যৱসায় বহুত দিনৰ পৰাই চলি আহিছে৷ আমাৰ অসম বিলুপ্তপ্ৰায় (Endangered) হবলৈ ধৰা এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত ৷ আমি সদায় বাতৰিত পাই আহিছো চোৰাং চিকাৰীয়ে প্ৰায়ে এই পৃথিৱী বিখ্যাত প্ৰাণীটোক বধ কৰি আহিছে৷ বিদেশৰ বহুত ঠাইত গঁড়ৰ খৰ্গটোৱে কিছুমান বেমাৰ উপশম কৰিব পাৰে বুলি বিশ্বাস কৰে, ফলত গঁড়টো বধ কৰি খৰ্গটো কাটি লৈ যায়৷ কিছুদিনৰ আগতে জীৱিত অৱস্থাতে এটা গঁড়ৰ খৰ্গ কাটি লৈ গৈছিল , পিচত ৰক্তক্ষৰণ হৈ গঁড়টোৰ মৃত্যু হৈছিল ৷আমাৰ চৰকাৰ আৰু বহু প্ৰকৃতিপ্ৰেমী সংগঠনৰ তৎপৰতাত গঁড় হত্যা কিছু পৰিমানে ৰোধ হৈছে৷ হাতী দাঁতৰ চোৰাং কাৰবাৰো বহুত বছৰৰ পৰা চলি আহিছে৷ বাঘৰ চোৰাং ব্যৱসায়টো প্ৰধানকৈ ছাল , দাঁত , নখ আৰু লাওখোলাটোৰ বাবে কৰা হ’য়৷ 
           বাঘ আৰু গঁড়ৰ শৰীৰৰ অংশৰ চোৰাং ব্যৱসায় কৰাটো কঠিন আন্তৰ্জাতিক সুৰক্ষা ব্যৱস্থাৰ বাবে , কিছু পৰিমানে কমি গৈছে৷ সেইকাৰণে চোৰাং ব্যৱসায়ী সকলে সৰু জন্তু বিশেষকৈ বনৰৌ(pangolin), নেউল (mangoose), কেঁকোসাপ(gecko) আদিৰ চোৰাং ব্যৱসায় বেছিকৈ কৰিবলে লৈছে ৷ বনৰৌ জীৱিত বা মৃত হিচাবে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা চীনলৈ যায় ব্ৰহ্মদেশ হৈ৷ কাজিৰঙাৰ ওচৰতে থকা CWRC (The Centre for Wild life Rehabilitation Conservation)য়ে এই চোৰাং কাৰবাৰটো বন্ধ কৰিবলৈ চোকা দৃষ্টি দিছে৷ গড়ঁৰ খৰ্গ আৰু বাঘৰ অংগৰ নিচিনাকৈ বনৰৌৰ ডাঠ চোকোৰাবোৰ দৰব প্ৰস্তুত কৰোতে ব্যৱহাৰ হয় ৷এতিয়া সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা মহামাৰীৰ মূল উৎস বনৰৌ বুলি প্ৰচাৰ হৈছে৷ আৰু এই মহামাৰীৰ ঔষধ ভালুকৰ পিত্ত আৰু কিছুমান গছৰ পাতৰ মিশ্ৰণ কৰি তৈয়াৰ কৰিব পাৰি বুলি প্ৰচাৰ হৈছে ৷ ফলত কলা ভালুক যিটো আমাৰ হিমালয়ৰ পাদ দেশত বিশেষকৈ অসমত পোৱা যায়, সিহঁতৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰিছে ৷
               ২০১৯ চনৰ ২৪ অক্টোবৰতLaw enforcementৰ বিষয়ববীয়া সকলে ভাৰতৰ ছয়খন ৰাজ্যৰ কেইবাটাও কাৰখানাত তালাচী চলায় ৷এই অভিযান “Operation Clean Art”ৰ সৌজন্যত কেইবাটাও সংগঠনে একেলগে চলায় ৷তেওঁলোকে ৫৪,৩৫২ দাল ৰং কৰা ব্ৰাছ-নেউলৰ নোমৰ পৰা উৎপাদিত আৰু কেইবা কিলোগ্ৰাম নেউলৰ নোম উদ্ধাৰ কৰে ৷ যোৱা দুটা দশক ধৰি এই নেউলৰ নোমৰ ব্যৱসায় চলি আছিল ৷প্ৰতি কিলোগ্ৰাম নেউলৰ নোমৰ বাবে ৫০টা নেউল বধ কৰা হ’য় ৷ কোৱা হয় যে মাত্ৰ ২০ গ্ৰাম ভাল নোমহে প্ৰতিটো নেউলৰ পৰা সংগ্ৰহ কৰিব পাৰি ৷আমাৰ অসমত সততে দেখিবলৈ পোৱা কেঁকোসাপৰ জীৱনৰ প্ৰতি ভাবুকি সদায়েই আছে৷ বহুলোকে এই কেঁকোসাপ ধৰি বিক্ৰী কৰে বাবে আজিকালি কেঁকোসাপ দেখিবলৈ নোপোৱাৰ নিচিনাই হৈছেগৈ ৷
             আমি মানৱ জাতি যদি সচেতন নহওঁ তেতিয়াহ’লে এই আপুৰুগীয়া প্ৰাণী সমুহ পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব৷ বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠন, যাদৱ পায়েং, পূৰ্ণিমা দেৱী বৰ্মন , দুলু বৰা, মনোজ গগৈ আৰু বহুতো প্ৰকৃতিক ভালপোৱা লোকে অহৰহ চেষ্টা কৰিছে এই দুৰ্লভ প্ৰাণীবোৰৰ ৰক্ষাৰ বাবে ৷আমাৰ নতুন প্ৰজন্ম প্ৰকৃতি ৰক্ষাৰ বাবে সদায় আগবাঢ়ি আহিব লাগে৷ আমাৰ সুৱিধাৰ বাবে এই নিৰীহ প্ৰাণী সমুহক কষ্ট দিব নালাগে৷ আমি নিজে সজাগ হোৱাৰ লগতে আনকো এই বিষয়ে অৱগত কৰিব লাগে৷আজি কালি চচিয়েল মিডিয়াৰ যোগেদিও এই সজাগতাৰ সৃষ্টি কৰিব পাৰি ৷গাওঁ-ভূই , নগৰ, চহৰ সকলোতে মেল -মিটিং পাতি ৰাইজক সজাগ কৰিব লাগে৷এই প্ৰবন্ধটি লিখিবলৈ ইন্টাৰনেটৰ সহায় লওঁতে বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বৃহৎ বজাৰ খনৰ কথা কিছুমান চকুত পৰোতে মোৰ বুকুখন কপি উঠিছে, মানৱ জাতি কিমান তললৈ নামিব পাৰে বুলি ৷মোৰ এই লিখনিৰ জৰিয়তে সকলোকে মই অনুৰোধ কৰিছো এবাৰ হলেও এই নীৰিহ প্ৰাণীবোৰৰ বিষয়ে চিন্তা কৰিবলৈ ৷

Comments

Popular posts from this blog

অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী

নদী বান্ধ

অৰণ্য ধ্বংস