দীপৰ বিল
২০২১চনতে ঐতিহ্যমণ্ডিত দীপৰ বিলৰ বিষয়ে লিখিছিলোঁ । তেতিয়াই বিলখনৰ দুৰাৱস্থাৰ বিষয়ে অৱগত হৈছিলোঁ । এতিয়া বোধকৰো বিলখনৰ অৱশেষেই নাথাকিব ।আচলতে উন্নয়ন মানে সংৰক্ষণ আৰু অগ্ৰগতিৰ মাজত সমতা ৰক্ষাহে ।এই লেখাটো ইন্টাৰনেটত ওপৰত ভিত্তি কৰিহে লিখিছোঁ, গতিকে বহুতো আসোঁৱাহ থাকিব পাৰে….তাৰ বাব মই ক্ষমাপ্ৰাৰ্থী 🙏 গুৱাহাটীৰ গৌৰৱ---ঐতিহ্যমণ্ডিত দীপৰ বিল দি আচাম ট্ৰিবিউনৰ ৭ নবেম্বৰৰ দেওবৰীয়া বিশেষ সংখ্যাত অহা এটি প্ৰবন্ধই মোৰ দৃষ্টি কাঢ়ি নিলে...Once upon a wetland------- ড° জয়াদিত্য পুৰুকায়স্থৰ লেখা৷ প্ৰায়ে মোৰ মনটো এই কথাটোৱে দুখ দি থাকে৷ ঐতিহ্যমণ্ডিত দীপৰ বিলৰ দুৰাৱস্থাৰ দেখি৷ মোৰ দুটামান প্ৰবন্ধত এইবিষয়ে উল্লেখ কৰিছোঁ৷ আজি এই বিলখনৰ বিষয়ে অলপ বিতংকৈ লিখিম বুলি ভাবিলো৷ দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি৷ নামনি অসমৰ ভিতৰত এই বিলখন অন্যতম বৃহৎ জলাশয়৷ এই স্থায়ী জলাশয়টো ব্ৰহ্মপুত্ৰৰ লগত খনাজান নামৰ সৰু নদী এখনৰে সং...