দীপৰ বিল
২০২১চনতে ঐতিহ্যমণ্ডিত দীপৰ বিলৰ বিষয়ে লিখিছিলোঁ । তেতিয়াই বিলখনৰ দুৰাৱস্থাৰ বিষয়ে অৱগত হৈছিলোঁ । এতিয়া বোধকৰো বিলখনৰ অৱশেষেই নাথাকিব ।আচলতে উন্নয়ন মানে সংৰক্ষণ আৰু অগ্ৰগতিৰ মাজত সমতা ৰক্ষাহে ।এই লেখাটো ইন্টাৰনেটত ওপৰত ভিত্তি কৰিহে লিখিছোঁ, গতিকে বহুতো আসোঁৱাহ থাকিব পাৰে….তাৰ বাব মই ক্ষমাপ্ৰাৰ্থী 🙏
গুৱাহাটীৰ গৌৰৱ---ঐতিহ্যমণ্ডিত দীপৰ বিল
দি আচাম ট্ৰিবিউনৰ ৭ নবেম্বৰৰ দেওবৰীয়া বিশেষ সংখ্যাত অহা এটি প্ৰবন্ধই মোৰ দৃষ্টি কাঢ়ি নিলে...Once upon a wetland------- ড° জয়াদিত্য পুৰুকায়স্থৰ লেখা৷ প্ৰায়ে মোৰ মনটো এই কথাটোৱে দুখ দি থাকে৷ ঐতিহ্যমণ্ডিত দীপৰ বিলৰ দুৰাৱস্থাৰ দেখি৷ মোৰ দুটামান প্ৰবন্ধত এইবিষয়ে উল্লেখ কৰিছোঁ৷ আজি এই বিলখনৰ বিষয়ে অলপ বিতংকৈ লিখিম বুলি ভাবিলো৷
দীপৰ বিল হৈছে গুৱাহাটী মহানগৰীৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত এক বিস্তৃত জলাহভূমি৷ নামনি অসমৰ ভিতৰত এই বিলখন অন্যতম বৃহৎ জলাশয়৷ এই স্থায়ী জলাশয়টো ব্ৰহ্মপুত্ৰৰ লগত খনাজান নামৰ সৰু নদী এখনৰে সংলগ্ন৷ ইতিহাসৰ পাতটো এই বিলৰ উল্লেখ আছে৷ আহোম ৰাজত্ব কালত এই জলাশয়টো নৌবাহৰ হিচাপে ব্যৱহাৰ হৈছিল৷ আনকি মোগলেও ইয়াক নৌবাহৰ হিচাপেই ব্যৱহাৰ কৰিছিল৷ বশিষ্ট আৰু কালমাৰি নদীয়েই এই বিলৰ প্ৰধান উৎস৷ বাৰিষা কালত এই দুই নদীৰ জলস্ৰোতে বিলখনক সাগৰ সদৃশ কৰি তোলে৷ খনাজানে উপচি পৰা পানীবোৰ ব্ৰহ্মপুত্ৰলৈ নিৰ্গত কৰে৷ দীপৰ বিল মানে হ’ল হাতীৰ বিল বা হ্ৰদ৷ সংস্কৃত ভাষাত দীপা মানে হাতী৷ বিলখনৰ কাষত হাতীৰ বাসভূমি আৰু পানী খাবলৈ হাতীৰ সঘন আহযাহ বাবে খুব সম্ভৱ বিলখনে দীপৰ বিল নাম পালে৷ আৰু এটা কাহিনী আছে-- বিলখনৰ আকাৰ হাতীৰ খোজৰ নিচিনা আছিল, বাবেও এই নাম হ’ল বুলি কোনো কোনোৱে কয়৷
দীপৰ বিল এখন আন্তৰ্জাতিক স্বীকৃতি প্ৰাপ্ত বিল৷ ২০০২চনতে এই বিলক ৰামচৰ চাইট ঘোষণা কৰা হৈছিল৷ ভাৰতৰ ২৭ খন ৰামচৰ চাইট ঘোষণা কৰা জলাশয়ৰ ভিতৰত দীপৰ বিল অসমৰ একমাত্ৰ বিল৷ এই সন্মান অসমবাসীৰ বাবে গৌৰৱ৷ ৪০০০ হেক্টৰ মাটি কালিৰে এইখন বিল মাছ আৰু চৰাইৰ বাবে বিখ্যাত৷ দীপৰ বিলৰ চৌপাশে জনবসতি আছে৷ প্ৰায় চৈধ্যখন গাওঁ এই বিলৰ পাৰত অৱস্থিত৷ এই গাওঁবোৰৰ প্ৰায় ১২০০মান পৰিয়াল এই বিলখনৰ ওপৰতে জীৱিকাৰ বাবে নিৰ্ভৰশীল৷ এই জলাশয়ত বহুতো দেশীবিদেশী চৰাই দেখা যায়৷ ২৭০ বিধমান ইয়াত দেখাপোৱা চৰাইৰ ভিতৰত ৭০ বিধমান হ’ল পৰিভ্ৰমী৷ এই বিলক Important Bird Area (IBA)ঘোষণা কৰা হৈছে৷ এই সন্মান Bird Life Internationalয়ে ২০০৪ চনত প্ৰদান কৰে৷ বিলত দেখাপোৱা চৰাইবোৰ-- পানীডুবি, ভেলা, দৈকলা, পানীকাউৰী, মণিয়ৰি, গোবগ, পানীবগ, বৰবগ, মাজুবগ, ৱাকচৰাই, কণামুচৰি, ইটাগুৰীয়া, নলচুপি, মাহদলা, শামুকভঙা, বৰটোকোলা, হাড়গিলা, শৰালি, বৰশৰালি, ধৃতৰাজ, বনৰীয়া পাতিহাঁহ, ঘিলাহাঁহ, দীঘলনেজী, খন্তীয়াহাঁহ, ৰঙামূৰী হাঁহ, বামণী হাঁহ, মটীয়া হাঁহ, শগুন, বিভিন্ন মাছৰোকা, ডাউক, দলপুঙা, কামচৰাই, বালিঘোঁৰা, গংগা চিলনী, ৰামপাৰ, বালিমাহী আদি৷ বিলত উপলব্ধ মাছবোৰ হৈছে-- ৰৌ, ভকুৱা, শ’ল, কান্ধুলি, বৰালি, পুঠি, খলিহনা, কাৱৈ, মাগুৰ আদি৷
দীপৰ বিলৰ এক বৃহৎ অংশ বাৰিষা কালত ডাঙৰ ডাঙৰ মাখানিৰ পাতেৰে ঢাকি ধৰে৷ আকৃতিত পদুমতকৈ ডাঙৰ আৰু ডাঠ এইবিধ জলজ উদ্ভিদক এক বৃহৎ ভেটফুল বুলি চিনাক্তকৰণ কৰিছে৷ ইয়াৰ পাতবোৰৰ ওপৰত বহি চৰাইবোৰে ৰৌদ্ৰস্নান কৰি থকি দৃশ্যই দৰ্শনাৰ্থীক আকৃষ্ট কৰে৷ এই উদ্ভিদৰ গুটিবোৰক মাখানি বোলে আৰু ব্যঞ্জনত ব্যৱহাৰ হয়৷ মাখানিৰ গুটিবোৰ চৰকাৰে লীজত দি ৰাজহ সংগ্ৰহ কৰে৷ বিলৰ দক্ষিণ পাৰে চৰ্কদৌ পাহাৰত চেগুন গছ ৰোপণ কৰা হৈছে৷ এই গছবোৰে বাৰিষা কালত এক অনন্য শোভাৰ সৃষ্টি কৰে৷ হাতীৰ উপৰিও বিললৈ পানী খাবলৈ নাহৰফুটুকী, হৰিণ আদিও পাহাৰৰ পৰা নামি আহে৷ মাখনি খাবলৈ হাতী দিনটো কেতিয়াবা আহে৷ ২০০০ চনৰ পৰা ২০১০ চনৰ ভিতৰত সৰুবৰ ১০টা হাতীৰ মৃত্যু হয়৷ বিলৰ দাতিয়েদি ৰেল লাইন গৈছে আৰু হাতীবোৰৰ এই ৰেলৰ আগত পৰিয়েই মৃত্যু হৈছে৷
ঐতিহ্যমণ্ডিত বিশ্ব সমাদৃত বিলখন বৰ্তমান বিভিন্ন কাৰণত আক্ৰান্ত হৈছে৷ তাৰে মুখ্য কাৰণ সমূহ-----
(১) বিলৰ দুয়োপাৰে দ্ৰুতগতিত বৃদ্ধি পোৱা জনবসতি৷
(২) বিলৰ মাটি পুতি ৰাস্তাঘাট নিৰ্মাণ৷
(৩) বিভিন্ন উদ্যোগৰ বাবে প্ৰদূষণ বৃদ্ধি৷ মহানগৰীৰ কলকাৰখানাৰ পৰা নিৰ্গত হোৱা লেতেৰা আবৰ্জনাই বিলখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷
(৪) বিলৰ বুকুত চলি থকা ইটাৰ ভাটা আৰু বিলত মাটি কটাও অন্যতম কাৰণ, বিলখন ধ্বংসৰ৷
বিলৰ গাতে লাগি থকা পামোহিক আৱৰ্জনা নিষ্কাষনস্থলী হিচাপে ব্যৱহাৰ কৰাটো এটা অতি অদূৰদৰ্শী পদক্ষেপ৷ গুৱাহাটীৰ পৰিবেশ সুৰক্ষিত কৰাৰ স্বাৰ্থত দীপৰ বিল সংৰক্ষণ কৰাটো অতি জৰুৰী৷ ৰেল লাইনৰ দুয়োকাষে গছ ৰুব লাগে যাতে ৰেলৰ শব্দই পশু, পক্ষীক আমনি কৰিব নোৱাৰে৷মহানগৰীৰ পৰা নিৰ্গত দূষিত পানীবোৰ বিলত সোমোৱাৰ আগতে যথাসম্ভৱ শোধন কৰাৰ ব্যৱস্থা ল’ব লাগে৷ পক্ষীৰ বিচৰণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি আৰু অধিক পৰিভ্ৰমী পক্ষীক আকৃষ্ট কৰিব লাগে আৰু বিলখনক পক্ষীৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব লাগে৷
বিশ্বৰ স্বীকৃত এই বিলখনৰ দুৰ্দশা দেখিলে মনপ্ৰাণ ভাৰাক্ৰান্ত হৈ পৰে৷ চৰকাৰৰ লগতে জনসাধাৰণেও এই ইতিহাস সমৃদ্ধ বিলখনৰ সংৰক্ষণৰ বাবে মনকাণ দিব লাগে৷ এই বিলখনক লৈ বহুতো গৱেষণা হৈছে৷ বহুতে গৱেষণা পত্ৰত বিলখনৰ বিষয়ে লিখিছে আৰু বিশ্বৰ বিভিন্ন ঠাইত গৱেষণা পত্ৰ পাঠো কৰিছে, কিন্তু নানান কাৰণত বিলখনৰ উন্নয়ন হোৱা নাই৷
আশা কৰিছোঁ নতুন প্ৰজন্ম আগুৱাই আহিব আৰু ঐতিহ্যময় দীপৰ বিলৰ সংৰক্ষণ আৰু যথাযথ প্ৰতিপালন কৰি এই জলাশয়ক এক অনন্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব৷
স্মিতা ভাগৱতী
গুৱাহাটী
১২/১১/২১
Comments
Post a Comment