দৈৱিক সম্পদ --- আগৰ বা সাঁচি গছ

সুগন্ধি সকলোৱে পচন্দ কৰে ৷ প্ৰাচীন কালৰে পৰা মানুহে সুগন্ধি ব্যৱহাৰ কৰি আহিছে ৷ গোটেই পৃথিৱীত এচিয়াৰ সুগন্ধিৰ বহুত আদৰ আছে৷ দক্ষিণ এচিয়াৰ সুগন্ধি বিশেষকৈ আতৰৰ কদৰ মধ্য প্ৰাচ্য সহ , ইউৰোপৰ দেশ সমূহ আৰু আমেৰিকাৰ সকলো স্তৰৰ লোকৰ নিত্য আৱশ্যকীয় বস্তুৰ দৰেই আদৰণীয় ৷সকলো ধৰ্মীয় লোকে আগৰ কাঠ উপাসনাৰ বাবে কম বেছি পৰিমাণে ব্যৱহাৰ কৰে ৷ আগৰ কাঠৰ মিশ্ৰিত আৰু আনন্দদায়ক অনুভূতিৰ লগত খুব কম প্ৰাকৃতিক সম্পদকহে তুলনা কৰিব পাৰি ৷

        আগৰ বা সাঁচি গছ (বৈজ্ঞানিক নাম Aquilaria malaccensis), আমাৰ অসমৰ অৰণ্য সমূহত বহুত দিনৰ পৰাই আছিল৷ বন বিভাগে ব্ৰিটিছৰ শাসন কালতেই আগৰ গছ মহল যোগে বিক্ৰীৰ ব্যৱস্থা কৰিছিল৷ বিশেষকৈ ইছলাম সম্প্ৰদায়ৰ লোকসকলে এই কাঠৰব্যৱসায় কৰি, মধ্য প্ৰাচ্য আৰু পূবৰ ইছলাম অধ্যুষিত দেশ সমূহলৈ, এই কাঠ আৰু তেল পঠিয়াই যথেষ্ট ধন উপাৰ্জন কৰিছিল ৷ কিন্তু অত্যাধিক গছ কটাৰ ফলত বৰ্তমান অসমৰ হাবিবোৰত এই গছ অস্তিত্ব হীন হৈ পৰিল ৷ এটা ভাল খবৰ যে যোৱা দুটা দশকত আগৰ কাঠ আৰু তেলৰ আৰ্ন্তজাতিক বজাৰত অধিক মূল্য হোৱাৰ বাবে উজনি অসমৰ কিছু অঞ্চলত বিশেষকৈ গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৰ নাহৰণি , নামতি আৰু যোৰহাট জিলাত এই খেতি বহুল ভাবে আৰম্ভ কৰে ৷ আজিৰ তাৰিখত এই বিশেষ অঞ্চল বোৰত মানুহৰ বাৰীত প্ৰায় ৪০-৫০ লাখ আগৰ গছ আছে ৷ আচৰিত কথাটো হ’ল এই গোটেই আগৰ গছবোৰৰ মূল ব্যৱসায় কেন্দ্ৰ -পূবৰ নগাঁও জিলাৰ আৰু বৰ্তমানৰ হোজাই জিলাৰ হোজাই চহৰ আৰু ইয়াৰ পাৰ্শ্ব্ৱ্তী ডবকা , ইছলামপুৰ মেৰোঝাৰ আদি ঠাই ৷ হোজাইৰ ইছলামনগৰ গোটেই ভাৰত তথা বিশ্বৰ আগৰ ব্যৱসায়ৰ মূল স্থান বুলিব পাৰি ৷ হোজাই চহৰৰ প্ৰায় ১০-২০ হাজাৰ মানুহ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে ৷ কিন্তু আগৰ ব্যৱসায়টো যোৱা ১৯৯৬ চনৰ উচ্চতম ন্যায়ালয়ৰ গোদাবৰম কেছৰ নিৰ্দেশ মৰ্মে বহু পৰিমানে ক্ষতিগ্ৰস্ত হ’ল ডো৷অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ হাবিবোৰত ইআগৰ গছ প্ৰায় নোহোৱা হ’ল ৷বৰ্তমান আগৰ ব্যৱসায়টো চৰকাৰৰ দ্বাৰা নিষিদ্ধ , কিন্তু দেৰগাঁৱৰ নাহৰণি আৰু শিৱসাগৰৰ নামতিৰ পৰা এতিয়াও চোৰাংকৈ মাজে মাজে হোজাইৰ বজাৰলৈ আহে ৷কিন্তু ভাৰতৰ বাহিৰত লগোৱা CITES (Convention on International Trade of Endangered Species-flora &fauna ) দ্বাৰা লগোৱা নিষেধাজ্ঞাৰ বাবে ৰপ্তানি কৰাটো বন্ধ হৈ পৰিল ৷ তথাপি মাজে মাজে বাহিৰলৈ চোৰাংকৈ অৱস্থাত দেশৰ বিমান বন্দৰ আৰু সামুদ্ৰিক জাহাজ ঘাট বোৰত ধৰা পৰা শুনা যায়৷

            আগৰ গছৰ গা-গছ মূল এবিধ পৰাশ্ৰয়ী ফাংগাচ (Phaeoacremonium parasitica ) ৰ সংক্ৰমণৰ ফলত আগৰ কাঠ হ’য় ৷ এই গছে উৎপন্ন কৰে উচ্চ পৰিৱৰ্তনশীল জৈৱিক যৌগিক পদাৰ্থ (resin) , যি ফাংগাচক ৰুদ্ধ কৰে ৷ এই পদ্ধতিটোক টিল’চিচ (tylosis ) বুলি ক’য় ৷ প্ৰাকৃতিক পৰিবেশত ৭% গছহে ফাংগাচৰ দ্বাৰা সংক্ৰমিত হ’য় ৷ বাকীবোৰত কৃত্ৰিম পদ্ধতিৰে ফাংগাচৰ সংক্ৰমণ ঘটোৱা হ’য়৷ প্ৰাকৃতিক ভাৱে উৎপন্ন আগৰ তেলৰ মূল্য সৰ্বোচ্চ কেইবালাখ টকা হ’য় ৷আগৰ বা সাঁচি কাঠৰ মূল্য নিৰূপণ হ’য় গছডালত হোৱা সংক্ৰমণৰ পৰিমাণৰ ওপৰত ৷ সেইমতে আগৰ বিভিন্ন শ্ৰেণী ভুক্ত(grade) কৰা হৈছে ,যেনে ডোৱম, আস্তাং , ক’লাগাছি , বয়া, চুৰন ইত্যাদি ৷ইয়াৰে বয়া শ্ৰেনীৰ মূল্য প্ৰতি তোলাত ১২০০ টকা আৰু চুৰন শ্ৰেনীৰ মূল্য তোলাত ২৫০০০ ৰ পৰা ৫০০০০৷এইবোৰৰ ক্ষেত্ৰত হোজাইৰ আতৰ ব্যৱসায়ী সকলহে বেছি পাৰ্গত আৰু তেওঁলোকে ঠিক কৰা মতেহে কাঠ আৰু আগৰ তেলৰ আন্তৰ্জাতিক মূল্য নিদ্ধাৰণ কৰা হ’য় ৷এই ভাগবোৰ আগৰ ব্যৱসায়ী সকলে কৰা , কিন্তু ইয়াত বৈজ্ঞানিক ভিত্তি কি আছে , সেই বিষয়ে জনা নাযায় ৷এতিয়া হোজাই চহৰৰ বহুলোক এই ব্যৱসায় কৰি প্ৰতিস্থিত হৈছে আৰু আন দহজনকো কৰ্ম সংস্থাপন দিব পাৰিছে ৷কিন্তু দুখৰ কথা উজনিৰ যি সকল লোকৰ ঘৰত এই মূল্যৱান গছবোৰ হ’য় , সেইখিনি মানুহ এই ব্যৱসায়ৰ আন্তৰ্জাতিক যোগাযোগটো নাপায় কাৰনে ইয়াৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ আছে ৷

       আগৰ বা সাঁচি গছৰ পৰা যি আগৰ তেল উৎপন্ন হ’য় যাক সুগন্ধি বা আতৰ হিচাপে ব্যৱহাৰ কৰা হ’য় ৷আতৰৰ পৰা কেৱল সুগন্ধিয়েই প্ৰস্তুত নহয় , ইয়াৰ পৰা অনেক মূল্যৱান ঔষধ তৈয়াৰ কৰা হ’য় ৷জাৰ্মানী , বেলজিয়াম, কানাডা আৰু জাপানত চিকিৎসা বিজ্ঞানত ভেষজ ঔষধ নিৰ্মাণতো প্ৰচুৰ পৰিমানে প্ৰয়োগ হ’য় ৷ ইয়াৰ দ্বাৰা প্ৰস্তুত হোৱা ঔষধ বাত বিষ, ডায়েৰিয়া, পাচক, হৎপিণ্ড, মনৰ প্ৰফুল্লতা, স্নায়ুবিক ৰোগ তথা মস্তিস্কৰ শক্তি বৃদ্ধি আদি বিভিন্ন ৰোগত ব্যৱহাৰ হ’য়৷ এৰমাথেৰাপীৰ বাবে আগৰ কাঠ ব্যাপক ভাবে ব্যৱহাৰ হ’য় ৷ আৰবীসকলে দিনটোত এবাৰ হলেও আগৰ কাঠ ব্যৱহাৰ কৰে ৷ তেওঁলোকে পৰিস্থিতি সাপেক্ষে বিভিন্ন প্ৰকাৰৰ আতৰ ব্যৱহাৰ কৰে ৷পুৰণি ইজিপ্তত শৱদেহ সংৰক্ষণ পদ্ধতি(mummy) ত আগৰ ব্যৱহাৰ হৈছিল ৷ যদি চৰকাৰে বৈজ্ঞানিক দৃষ্টি ভঙ্গী সহকাৰে আগৰ উদ্যোগ গঢ়াত স্থানীয় ব্যবসায়ী সকলক সহায় কৰে ,তেন্তে অসম বিশ্বৰ বুকুত জিলিকি উঠিব ৷

Comments

Popular posts from this blog

অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী

নদী বান্ধ

অৰণ্য ধ্বংস