বাঁহ (Bamboo)
বাঁহ ( Bamboo )
.. বাঁহ আচলতে তৃণ জাতীয় উদ্ভিদহে, গছ নহয়৷ বাঁহ গছ পৃথিৱীৰ খুব ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছ সমূহৰ ভিতৰত অন্যতম৷বাঁহ গছ ২৪ ঘন্টাত ৪৭'৫ ইঞ্চিলৈকে বৃদ্ধি হ’য়৷ আমাৰ অসমৰ হাবিত ২৬ বিধ বাঁহৰ প্ৰজাতি পোৱা যায়৷ অৰ্থনৈতিক গুৰুত্ব সম্পন্ন বাঁহৰ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, দলৌ বাঁহ, বৰ বাঁহ, বজাল বাঁহ, কুটুহা বাঁহ আদি প্ৰধান৷ কাজিৰঙাৰ অৰ্কিড উদ্যানত ভলুকা, কুটুহা, বিজুলী, কলচী,কাক বাঁহকে ধৰি ৫৪ বিধ বাঁহৰ প্ৰজাতি আছে৷ ব্যৱহাৰিক মূলক কথালৈ লক্ষ্য কৰি বাঁহ গছক সেউজীয়া বুলি ক’ব পাৰি৷
বাঁহ গাজটোৰ পৰা এছাৰি ডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহুলভাৱে ব্যৱহাৰ হ’য়৷ বাঁহৰ কাঠি-কামীৰে জেওৰা-জপনা, পাচি-খৰাহী, জাপি, টেবুল-চকী, মাছ ধৰা সামগ্ৰী আদি তৈয়াৰ কৰা হ’য়৷ বাঁহেৰে ঘৰ বনোৱা আৰু তাঁতশালৰ সামগ্ৰীও তৈয়াৰ কৰা হ’য়৷ বাঁহ গছৰ পৰা কাগজ তৈয়াৰ কৰা হ’য়৷ শেহতীয়াকৈ বাঁহৰ পৰা জৈৱ ইন্ধন (Bio fuel) তৈয়াৰ কৰা হৈছে৷ নুমলীগড় তেল শোধনাগাৰে Assam Bio Refinery Pvt.Lldৰ লগত মিলি দেশৰ ভিতৰতে প্ৰথম বাঁহক কেঁচা সামগ্ৰী(feed stock_উদ্যোগত ব্যৱহাৰ হোৱা কেঁচা সামগ্ৰী) হিচাপে ব্যৱহাৰ কৰি ইথানল, এচেটিক এছিদ, Furfural এলকহল আৰু জৈৱ কয়লা তৈয়াৰ কৰিবলৈ লৈছে৷ বাঁহক আমি অতি উত্তম সেউজীয়া কেঁচা সামগ্ৰী( Promising green feed stock) বুলি গন্য কৰিব পাৰোঁ৷ এই জৈৱ ইন্ধন ব্যবহৃত হ’লে প্ৰদূষণ বহু পৰিমাণে কমি যাব আৰু পেট্ৰল, ডিজেলৰ নাটনিও দূৰ হ’ব৷ কিন্তু কথাটো হ’ল আমাৰ ৰাজ্যত উদ্যোগ টিকি থকাটোৱেই টান৷ ইমান বাঁহ উৎপাদন হোৱা ৰাজ্যখনত কাগজ কলকিটাকে আমি জীয়াই ৰাখিব নোৱাৰিলোঁ৷ তাৰ মাজতো এই আশাৰ বতৰা বোৰে মনত অলপ হ’লেও আনন্দ দিয়ে৷ আমাৰ প্ৰচুৰ বাঁহ উৎপন্ন হোৱা জিলা দুখন হৈছে ডিমা হাচাও আৰু কাৰ্বি আংলঙ৷ কাৰ্বি পাহাৰত ২৭ বিধ বাঁহৰ প্ৰজাতি আছে৷ সুখৰ খবৰ যে এতিয়া জিলাখনত বাঁহ সংৰক্ষণ আৰম্ভ হৈছে৷ জিলাখনৰ পাহাৰীয়া আৰু দুৰ্গম অঞ্চলৰ পৰা বাঁহৰ কিছুমান প্ৰজাতি সংগ্ৰহ কৰি ডিফুত সংৰক্ষণ কৰা হৈছে৷ বাঁহ গছত কোনো সাৰ দিব নালাগে৷ ১৯৪৫ চনৰ দ্বিতীয় বিশ্ব যুদ্ধত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত আনৱিক বোমা পেলাই ধ্বংস কৰা হৈছিল৷ গছ-গছনি সম্পূৰ্ণ ৰূপে ভস্মীভূত হৈছিল৷ তাৰ পিচত তাত গজা প্ৰথম গছ ডালেই আছিল বাঁহ গছ৷ আজিকালি কুটুহা বাঁহক জেওৰা দিবলৈ ব্যৱসায়িক ভিত্তিত গ্ৰহণ কৰা হৈছে৷ কোৱা হয় এই বাঁহৰ জেওৰা হাতীয়েও নষ্ট কৰিব নোৱাৰে৷
বৃহৎ বাঁহ উৎপাদনকাৰী দেশ সমূহৰ ভিতৰত চীনৰ পাচতেই ভাৰতৰ স্থান৷ ইমান সম্ভাৱনা থকা উদ্ভিদ জোপাৰ বিষয়ে চৰকাৰৰ লগতে আমাৰ জনসাধাৰণেও চিন্তা কৰিব লাগে৷
স্মিতা ভাগৱতী
গুৱাহাটী
১/৮/২১
Comments
Post a Comment