Khonoma Nature Conservation and Tragopan Sanctuary

     Khonoma Nature Conservation and Tragopan Sanctuary (KNCTS)_____


      আমাৰ চুবুৰীয়া ৰাজ্য নাগালেণ্ড অপৰূপ প্ৰাকৃতিক 

সৌন্দৰ্য্যৰে ভৰপূৰ৷ প্ৰকৃতিয়ে নগাভূমিক সৃষ্টি কৰোতে, অকনো কৃপণালি কৰা নাই৷ নাগালেণ্ডৰ জুক’ উপত্যকালৈ বছৰি দেশী, বিদেশী অনেক পৰ্যটক আহে৷ আজি পিচে জুক’ৰ কথা নিলিখোঁ৷ 

        বহুতদিনৰ আগতে দূৰদৰ্শনৰ Travel xp নামৰ চেনেলটোত নগাভূমিৰ এখন গাওঁ দেখিছিলোঁ-- নাম খনমা৷ এই গাওঁ খন নাগালেণ্ডৰ ৰাজধানী কহিমাৰ পৰা মাত্ৰ ১৮ কিলোমিটাৰ দূৰত অৱস্থিত৷ এই গাওঁখন এছিয়াৰ সৰ্বপ্ৰথম সেউজ গাওঁ বুলি জনা যায়৷ ইয়াৰ ওচৰতে ২৫ বৰ্গ কিলোমিটাৰ এলেকা জুৰি গঠন হৈছে Khonoma Nature Conservation and Tragopan Sanctuary চমুকৈ KNCTS৷ এই সংৰক্ষিত বনাঞ্চল খন চালে চকুৰোৱা আৰু বিভিন্ন প্ৰকাৰৰ পক্ষীৰ ৰম্যভূমি৷ কোৱা হ’য়, ইয়াৰ বহু অঞ্চলৰ এতিয়াও আৱিষ্কাৰ হোৱাই নাই৷ ১৯৯৮ চনত এই বনাঞ্চলক অভয়াৰণ্য ঘোষণা কৰা হয়৷ এই অৰণ্যৰ বৈশিষ্ট্য হ’ল এইখন আমাৰ দেশৰ প্ৰথম জনসাধাৰণৰ দ্বাৰা সংৰক্ষিত বনাঞ্চল(First ever community conservation project in India)৷ আগতে নগাভূমিত প্ৰচুৰ চিকাৰ হৈছিল আৰু বন্যপ্ৰাণী চিকাৰ বৈধ আছিল৷ প্ৰত্যেক ঘৰতে চিকাৰ কৰা জন্তুৰ হাড়মূৰ সংৰক্ষণ কৰি থোৱা হৈছিল৷ কিন্তু 

লাহেলাহে তেওঁলোকে বুজি উঠিল যে, এইদৰে নীৰিহ জীৱজন্তুবোৰ মাৰি থাকিলে, এটা সময়ত বহুত জন্তু বিলুপ্ত হ’য় যাব৷ তেওঁলোকৰ পিচৰ প্ৰজন্মই এই জন্তু সমূহৰ বিষয়ে একো নাজানিব আৰু তেওঁলোকে চিকাৰ কৰা কমাই খেতিবাতি কৰাত মনোযোগ দিলে৷ KNCTS ক পশুপক্ষীৰ বাবে এখন অতি নিৰাপদ বনাঞ্চল বুলি গন্য কৰি হ’য় আৰু community conservationৰ  ইয়াত অতি অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ 

            এই বনাঞ্চলত তিনিপ্ৰকাৰৰ ভিন্ন বনভূমিৰ সমাহাৰ  দেখিবলৈ পোৱা যায়___Himalayan subtropical broadleaf forest, Northeast India- Myanmar pine forest আৰু Chin hills Arakan yoma montane forest৷ নাগালেণ্ডৰ ৰাজ্যিক পক্ষী ব্লাইথ’ছ ট্ৰগপান(Blyth's Tragopan)ৰ বাবে বিখ্যাত এই অৰণ্য৷ তদুপৰি Mountain bamboo partridge, Crested finchbill, Assam laughing thrush, Striped laughing thrush, spot breasted scimitar babbler,  Naga wren babbler, Flavescent bulbul আদি পক্ষীও ইয়াত প্ৰত্যক্ষ কৰিব পাৰি৷ ইয়াত থকা বিভিন্ন প্ৰকাৰৰ স্তন্যপায়ী প্ৰাণী সমূহ হৈছে-- Binturong,Serow, Jungle cat, Barking deer, Gayal, Pallas's squirrel, Himalayan stripped squirrel আদি৷

           নগাভূমিত বননি ধ্বংস আৰু চোৰাং চিকাৰ, প্ৰকৃতি সংৰক্ষণ আৰ বন্যপ্ৰাণীৰ জীৱনৰ প্ৰতি ডাঙৰ ভাবুকি যদিও খনমা অভয়াৰণ্য পশুপক্ষীৰ বাবে অতি নিৰাপদ স্থান হিচাপে গন্য কৰা হয়৷ ইয়াৰ প্ৰধান কাৰণ হ’ল এই অৰণ্যক জনসাধাৰণে সুৰক্ষা প্ৰদান কৰে৷


       স্মিতা ভাগৱতী

           গুৱাহাটী

         ৩০/৬/২১


Comments

  1. আগতে একেবাৰে নজনা এই ঠাই খনৰ কথা জানি খুবেই ভাল লাগিল।আমাৰ উত্তৰ পূৰ্বাঞ্চলত অপৰূপ সৌন্দৰ্যৰে ভৰ পূৰ এনেকুৱা ঠাই কিছুমানৰ কথা আগলৈও জানিব পাৰিম বুলি বাট চাই ৰলো।

    ReplyDelete

Post a Comment