নদী বান্ধ
বৃহৎ নদীবান্ধ-------আজি এক বিভীষিকা
চমুকৈ নদীবান্ধ এনে এটা ব্যৱস্থা যাৰ সহায়ত নদী এখনৰ প্ৰৱাহিত পানীক প্ৰয়োজন মতে ধৰি ৰাখিব বা এৰিব পাৰি আৰু সেই পানীক বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হ’য়৷ লগতে কিছুমান আনুষংগিক উদ্দেশ্য হৈছে জলসিঞ্চন, বাননিয়ন্ত্ৰণ আদি৷ বৃহৎ নদীবান্ধ সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত বিশিষ্ট পৰিবেশবিদ সুন্দৰলাল বহুগুণাই কৈছিল“ নদীৰ স্বাভাৱিক গতিক বাধাগ্ৰস্ত কৰাটো উচিত নহয়৷ কাৰণ নদী মানে কেৱল পানীখিনিয়েই নহয়, ইয়াৰ লগত জড়িত জৈৱতন্ত্ৰটোও সাঙোৰ খাই আছে------”৷ পৃথিৱীৰ বিভিন্ন দেশত তিনি লাখৰ ওপৰৰ বান্ধ নিৰ্মাণ হৈছে৷ সত্তৰৰ দশকলৈকে পৃথিৱীৰ উন্নত তথা উন্নয়নশীল দেশসমূহত বহুতকেইটা বৃহৎ বান্ধ নিৰ্মাণ কৰা হ’ল৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰিবেশবিদ সকলে বহুকেইটা নদী বান্ধৰ ওপৰত কৰা বস্তুনিষ্ঠ গৱেষণাত প্ৰকাশ পালে, বৃহৎ বান্ধৰ ঋণাত্মক দিশসমূহ৷ মানৱ সমাজ আৰু সভ্যতা তথা পৰিবেশৰ ভাৰসাম্যতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা বাবে বৃহৎ বান্ধ নিৰ্মাণৰ ধাৰণাটো উন্নয়নৰ পৰিপন্থী বুলি চিহ্নিত কৰিলে৷ ফলত আজি প্ৰথম বিশ্বৰ দেশসমূহতৰ প্ৰায়বোৰতে বৃহৎ বান্ধ নিৰ্মাণ নিষিদ্ধ৷
কিন্তু আমাৰ দেশ ভাৰতত এতিয়াও বৃহৎ বান্ধৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে৷ আমাৰ অসমৰ ধেমাজি জিলাৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত নিৰ্মীয়মাণ বৃহৎ নদীবান্ধটো হ’ব ভাৰতৰ ভিতৰত বৰ্তমানলৈকে নিৰ্মিত সৰ্ববৃহৎ নদীবান্ধ, যাৰ বিদ্যুৎ উৎপাদন ক্ষমতা ২০০০ মেগাৱাট৷
সাধাৰণতেই নদীবান্ধবোৰ প্ৰকৃতিৰ বিৰুদ্ধে লোৱা ব্যৱস্থা৷ এটা নদীবান্ধৰ (ক্ষুদ্ৰ বা বৃহৎ যিয়েই নহওক) ফলত আৰ্থ-সামাজিক দিশত তথা পৰিবেশৰ ওপৰত কিছুমান বিৰূপ প্ৰভাৱ হৈছে--------
(১) নদীৰ জীৱকুলৰ বিস্তৰ ক্ষতি৷
(২) নদীৰ বান্ধৰ নামনিৰ অংশৰ দুয়োপাৰে থকা প্লাৱন-ভূমিৰ উৰ্বৰতা নোহোৱা হয়৷ কাৰন নদীৰ বাঢ়নী পানীয়ে কঢ়িয়াই নিয়া পলসে প্ৰতিবছৰে এইবোৰৰ উৰ্বৰতা নিয়ন্ত্ৰণ কৰি ৰাখে৷
(৩) নদীৰ দুয়োপাৰে থকা ক্ষুদ্ৰ বনাঞ্চল বোৰৰ ক্ষতি৷
(৪) যেতিয়া নদীৰ বান্ধৰ পানী এৰি দিয়া হয়, তেতিয়া নদীখনত সৰু বানৰ সৃষ্টি হয়৷ হঠাতে হোৱা এনে সৰু বানে নদীৰ তলিৰ পৰা গেদ, বালি, বোকা আদিৰ লগতে তাত গজা জলজ্ উদ্ভিদবোৰ ধুৱাই নিয়ে৷ বাৰে বাৰে হোৱা এনে বানৰ ফলত নদীখনৰ তলিত কেৱল ৫০/৬০ মি:মি:কৈ ডাঙৰ আকাৰৰ শিলৰ টুকুৰাবোৰহে ৰৈ যায়, যাৰ ফলত নদীখন জীৱশূণ্য শিলাময় নদীলৈ পৰিৱৰ্তিত হ’য়৷
(৫) বান্ধৰ পানী এৰি দিওঁতে “reservoir”ৰ তলৰ অংশৰ পানী এৰি দিয়া হয় আৰু reservoirৰ গভীৰতাৰ বাবে এই পানীৰ উষ্ণতা সাধাৰণ উষ্ণতাতকৈ বহু কম হয়৷ ইয়াৰ ফলতো নামনি অংশৰ জীৱকূলৰ বিস্তৰ ক্ষতি হয়৷
(৬) বান্ধৰ নামনি অংশত নদীৰ দুয়োপাৰৰ অঞ্চলৰ ভূ-গৰ্ভস্থ পানীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে৷ নদীখনত পানী কমি যোৱাৰ বাবে কাষৰ ভূ-গৰ্ভস্থ পানীৰ স্তৰো তললৈ যায়৷ উল্লেখযোগ্য যে মানুহৰ দৈনন্দিন জীৱনৰ পানীৰ প্ৰয়োজনীয়তা এই ভূ-গৰ্ভস্থ পানীয়েই পূৰণ কৰে৷
গেৰুকামুখৰ বান্ধটোৰ ক্ষেত্ৰত এইটোৰ সমস্যাৰ উপৰিও বেলেগ সমস্যা সাঙোৰ খাই আছে৷ যিটোৱে কেৱল নদীখনক জীৱিকা হিচাপে লৈ পৰিয়াল চলাই থকা মানুহখিনিক বা নদীৰ কাষত খেতিবাতি কৰি থকা মানুহকেইজনৰ জীৱন ধ্বংস কৰি নেৰে, ই গোটেই অসমৰ আৰ্থ-সামাজিক ব্যৱস্থাৰ ওপৰত প্ৰভাৱ পেলাব৷ সমস্যাটো হৈছে বান্ধটো ধ্বংস হোৱাৰ ভয়৷ যিদিনাই বান্ধটো ধ্বংস হ’ব , অসমৰ কেইবাখনো জিলা মৰিশালিত পৰিণত হব৷ বান্ধটো নিৰ্মাণৰ বিৰোধিতা কৰা প্ৰধান ভূ-তাক্তিক কাৰণবোৰ হৈছে---
(১) অঞ্চলটো অতিকৈ ভূমিকম্প প্ৰৱণ৷ যিকোনো সময়তে ভূমিকম্পই বান্ধটো ধ্বংস কৰি পেলাব পাৰে৷
(২) গেৰুকামুখৰ বান্ধ নিৰ্মাণ কৰা ঠাইৰ শিলবোৰত বহুটো সৰু-ডাঙৰ চ্যুতি(fault) আছে৷
(৩) বান্ধৰ“ reservoir”ত যি বৃহৎ পৰিমাণৰ পানী জমা হ’য়, সেই পানীৰ ভৰে অঞ্চলটোৰ শিলবোৰত থকা চ্যুতিবোৰক সক্ৰিয় কৰি তুলিব৷ অৰ্থাৎ চ্যুতিৰ দুয়োপাৰে বৰ্তমান স্থিতাৱস্থাত থকা শিলবোৰ পুণৰ গতি কৰিব পাৰে৷ এনে ক্ষেত্ৰত ভূমিকম্প নোহোৱাকৈ বান্ধটোৰ অনিষ্ট হ’ব৷
(৪) বান্ধ নিৰ্মাণ হোৱা ঠাইৰ শিলবোৰ সহজে ভাঙিব পৰা বিধৰ৷
১৯৫০ চনত অসমত হোৱা ভূমিকম্পত সোৱণশিৰি নৈত হোৱা ভুমিস্খলনৰ ফলত নৈখনত তিনিদিনৰ কাৰনে এটা প্ৰাকৃতিক বান্ধৰ সৃষ্টি হৈছিল, আৰু যেতিয়া তিনিদিনৰ পাচত বান্ধটো ধ্বংস হৈছিল, ই সমগ্ৰ নামনিৰ অঞ্চল সম্পূৰ্ণ ৰূপে বিধ্বস্ত কৰিছিল৷ সেই ক্ষতিপূৰণৰ বাবে এটা দশকতকৈও বেছি সময়ৰ প্ৰয়োজন হ’ল৷ তেতিয়াৰ জনসংখ্যা আছিল বৰ্তমানতকৈ বহুগুণ কম৷ সেই একেধৰণৰ দুৰ্যোগ এতিয়া হ’লে বহু বেছি পৰিমাণৰ ধ্বংসলীলা আনিব৷
আমি নিজৰ অলপ বিদ্যুতৰ প্ৰয়োজন পূৰাবৰ বাবে আহিব লগা প্ৰজন্মক বিপদলৈ ঠেলি দিছোঁ৷ তাকো তাত উৎপন্ন হোৱা নগণ্য অংশহে আমি(অসমে) পাম৷ তাতকৈ যদি আমি সকলোৱে অলপ অলপকৈ বিজুলী শক্তি বচাও তেন্তে ভৱিষ্যতলৈ আমি শক্তি বচাই থ’ব পাৰিম৷
শেহতীয়াকৈ অৰুনাচল প্ৰদেশৰ দিবাং উপত্যকাৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ তাত Dibang Multipurpose Project বুলি এটা বান্ধ নিৰ্মাণৰ কথাবতৰা চলি আছে৷ এই বান্ধটো নিৰ্মাণ হ’লে আঢ়ৈ লাখৰ ওপৰৰ গছ কটা যাব৷ উপত্যকাত বিচৰণ কৰা বিভিন্ন দুৰ্লভ জীৱজন্তু শেষ হৈ যাব৷ তাৰ বিৰূপ প্ৰভাৱ আমাৰ অসমৰ ওপৰতো পৰিব৷ বিভিন্ন প্ৰকৃতি প্ৰেমী সংগঠনে এই বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰিছে৷
আমাৰ এই ধুনীয়া ধৰাখন ৰক্ষা কৰিবলৈ হ’লে আমি প্ৰকৃতি ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবই লাগিব৷ নিজৰ স্বাৰ্থ পৰিত্যাগ কৰিলেহে আগন্তুক বিপদৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰিব পাৰিম৷
Khelraja supports users who enjoy meaningful entertainment experiences with trustworthy functionality and smooth performance. Everything runs professionally, making activities enjoyable and comfortable. The platform offers exciting options where users can feel engaged without complications. Using the real cash games apk allows users to explore entertainment smoothly, enjoy stable performance, and experience rewarding gameplay in a secure environment.
ReplyDelete