অৰণ্য ধ্বংস

       অৰণ্য ধ্বংস ( Deforestation)

    

         পৰিবেশ আৰু জৈৱবৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ বাবে গছ-গছনিৰ গুৰুত্ব অপৰিসীম৷ গছে পৰিবেশৰ অতিৰিক্ত তাপমাত্ৰা শোষণ কৰি পৰিবেশ নিৰ্মল কৈ ৰাখে আৰু সেইদৰে ক্ষতিকাৰক গেছ কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি প্ৰাণী বাচি থকাৰ মূল উপাদান অক্সিজেন নিৰ্গমন কৰে৷ কিন্তু জনসংখ্যাৰ চাপত দিনক দিনে অৰণ্য বা গছ নিধন হৈছে৷ ইয়াৰ ফলত আমাৰ চাৰিওপিনে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ পৰিবেশৰ বিস্তৰ ক্ষতি হৈছে৷ বৰষুণৰ পৰিমাণো কমি গৈছে৷ বৃক্ষই পশুপক্ষী, কীটপতঙ্গ আৰু অণুজীৱৰ আশ্ৰয়স্থল হিচাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ নিৰ্বিচাৰ বন ধ্বংসৰ ফলত বিভিন্ন জাতৰ উদ্ভিদ, পশুপক্ষী আজি বিলুপ্তিৰ পথত৷

         বিশেষজ্ঞ সকলৰ মতে পৰিবেশ আৰু জলবায়ু পৰিবৰ্তনৰ অন্যতম কাৰণ হৈছে দেশৰ বনাঞ্চল সংকুচিত হোৱাৰ বাবে৷

  অৰণ্য ধ্বংস হোৱাৰ প্ৰধান কাৰণ সমূহ-----

(১) অৰণ্য ধ্বংসৰ অন্যতম কাৰণ হৈছে কৃষি৷ বননি পৰিষ্কাৰ কৰি খেতি কৰা হ’য়৷ প্ৰায় ৮০% অৰণ্য এইদৰে ধ্বংসৰ মুখত পৰে৷

(২) নতুন নতুন নিৰ্মাণ কাৰ্যও অৰণ্য ধ্বংসৰ আন এটা প্ৰধান কাৰণ৷

(৩) নগৰীকৰণও এটা অৰণ্য ধ্বংসৰ কাৰক বুলিব পাৰি৷

(৪) খহনীয়াও অৰণ্য ধ্বংসৰ এটা প্ৰধান কাৰণ৷

          অৰণ্য ধ্বংসই জৈৱবৈচিত্ৰৰ বিস্তৰ ক্ষতি কৰে৷ গোটেই পৃথিৱীৰ বিষুৱীয় অঞ্চল, য’ত যথেষ্ট পৰিমাণে গছগছনি আছে, তাত অৰণ্য ধ্বংস বেছিকৈ হ’য়৷ এই ধ্বংসই বৰ্ষাৰণ্য সমূহত সাংঘাতিক প্ৰভাৱ পেলাইছে৷ আমাৰ অসমৰ বৰ্ষাৰণ্য কেইখনো  যথেষ্ট ধ্বংসৰ সন্মূখীন হৈছে৷ পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য-- আমাজান বৰ্ষাৰণ্যৰ ৭০% মানেই ধ্বংস হৈ গ’ল৷

         শুনিবলৈ আচহুৱা যদিও পৰিবেশৰ ভাৰসাম্য ৰক্ষাৰ হেতু গছগছনিয়ে শব্দ প্ৰদূষণ ৰোধ কৰে৷ এক হেক্টৰ পৰিমাণ বননিয়ে ১০ ডেচিবেল শব্দ হ্ৰাস কৰে৷ জনসংখ্যা বৃদ্ধিৰ কাৰনে বা বিভিন্ন উন্নয়নৰ কামত বননি ধ্বংস হৈছে৷ সেই হেতু বিভিন্ন দেশৰ চৰকাৰে বনভূমি ৰক্ষাৰ কৰিবলৈ অৰণ্যৰ আশেপাশে বৃক্ষৰোপণৰ নিচিনা মহৎ কাম কৰিবলৈ লৈছে৷

        কিছু বিশেষজ্ঞৰ মতে মাংস আৰু গাখীৰৰ পৰা তৈয়াৰ হোৱা বস্তু খোৱা কমালে, অৰণ্য ধ্বংস কিছু পৰিমাণে ৰোধ হ’ব৷ কাৰণ তেতিয়া খেতিৰ মাটি(farm land) কমকৈ লাগিব আৰু অৰণ্য নিধন কমকৈ হ’ব৷ বহুত মানুহে সেইবাবে আজিকালি নিৰামিষাহাৰী হোৱাৰ লগতে গাখীৰৰ পৰা তৈয়াৰ হোৱা বস্তু(diary products) খোৱা সম্পূৰ্ণ ৰূপে বাদ দিছে৷ ইংৰাজীত এওঁলোকক vegan বুলি কোৱা হ’য়৷

         যিবোৰ সামগ্ৰী পৰিবেশৰ প্ৰতি অনুকুল (eco friendly), তেনেকুৱা সামগ্ৰীহে ব্যৱহাৰ কৰিব লাগে৷ ক্ষুদ্ৰ খেতিয়কে কৰা বস্তু ক্ৰয় কৰিব লাগে, কাৰণ সাধাৰণতে তেওঁলোকৰ কৰা খেতিয়ে জৈৱবৈচিত্ৰৰ ক্ষতি নকৰে৷


 অৰণ্য ধ্বংসৰোধৰ বাবে কৰণীয় হৈছে----

(১) অসৎ উপায়েৰে বননি ধ্বংস কৰা বন্ধ কৰিব লাগে৷ ইয়াৰ বাবে কঠোৰৰ পৰা কঠোৰ আইন বলবৎ হোৱা অতি আৱশ্যক৷

(২) অৰণ্য ধ্বংস কৰি কৰা সামগ্ৰী সমূহৰ উৎপাদনত নাকী লগাব লাগে৷ তাৰবাবে কিছু আইন প্ৰণয়ন হোৱা অতি জৰুৰী৷

(৩) আন এটা প্ৰধান কৰণীয় হৈছে, সাধাৰণ জনগণৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে৷ তেওঁলোকক অৰণ্যৰ আৱশ্যকতাৰ বিষয়ে বুজাই দিয়াটো অতি দৰকাৰ৷

       এটা কথা সকলোৱে মনত ৰখা অতি জৰুৰী...অৰণ্য এখন ধ্বংস কৰিবলৈ বেছি সময় নালাগে….অৰণ্য এখন নিৰ্মাণ কৰিবলৈ বহু বছৰৰ প্ৰয়োজন…..🙏🙏


     স্মিতা ভাগৱতী

      গুৱাহাটী

    ৰচনা-- ১৬/১২/২০

গোটত প’ষ্ট--১৭/১১/২১


Comments

  1. If you want to Play Online Lottery in India, Khel Raja is your ultimate partner. We have simplified the process of entering lottery draws, making it legal, safe, and accessible to everyone with an internet connection. Our platform supports the Indian Rupee and integrates with popular local payment gateways like Paytm and Google Pay. Khel Raja is dedicated to providing a premium experience that respects local regulations while offering the global thrill of big-win gaming. Start playing today and discover why we are India's favorite online lottery platform.

    ReplyDelete
  2. NGOExperts provides reliable help for NGO registration with complete legal support. They take care of paperwork, documentation, and filing so you don’t have to worry about mistakes. Their team keeps the process simple and transparent. If you are planning to register an NGO, their guidance can save time and avoid unnecessary delays.

    ReplyDelete

Post a Comment